ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
ভাষণ
51 নং শাৰী:
১৯২০ চনত শেষলৈ তেওঁ তিনিহাজাৰ টকা উপাৰ্জন কৰা ওকালতি ব্যৱসায় বাদ দি তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ [[অসহযোগ আন্দোলন]], ১৯৩২ চনৰ [[আইন অমান্য আন্দোলন]] আৰু ১৯৪২ চনৰ [[ভাৰত ত্যাগ আন্দোলন]]ত সক্ৰিয় অংশ গ্ৰহন কৰাৰ কাৰণে কেইবাবাৰো কাৰাবৰণো খাটিছিল। তেওঁ ভাৰতীয় কংগ্ৰছৰ সাধাৰণ সম্পাদক পদত নিযুক্ত হোৱাৰ উপৰিও কাৰ্যকৰী কমিটীৰ সদস্য মনোনীত হৈছিল, তাৰোপৰি কিছুদিন বিহাৰ প্ৰাদেশিক কংগ্ৰছ কমিটীৰো সভাপতি আছিল। ১৯৩২,১৯৩৫, ১৯৩৮, আৰু ১৯৪৭ চনত অনুষ্ঠিত হোৱা বাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল।
 
১৯১৪ চনত বিহাৰৰ বান-পীড়িত ৰাইজ আৰু ১৯৩৪ চনত প্ৰলয়ংকাৰী ভূমিকম্পই বিহাৰৰ ৰাইজৰ ক্ষতিসাধন কৰা সময়ত তেওঁ ৰুগীয়া শৰীৰেৰে ৰাইজৰ মাজত উপস্থিত হৈ ধান, চাউল, আটা আদিৰ উপৰিও টকা-পইচা সংগ্ৰহ কৰি মানুহৰ ঘৰে ঘৰে গৈ নিজে সেইবোৰ বিতৰণ কৰি ঘুৰি ফুৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদৰ জীৱনৰ শান্তিৰ আলয় আছিল '''সত্যৰ ভূমি সদাকত আশ্ৰম''' । ইয়াতেই তেওঁ কেন্দ্ৰীয় চৰকাৰৰ "খাদ্য মন্ত্ৰী" আৰু গণ-পৰিষদৰ সভাপতি হোৱাৰ আগৰ সময়ছোৱালৈ অতিবাহিত কৰিছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লৈ জীৱনৰ বাকীছোৱা কালো তেওঁ এই আশ্ৰমতে পৰম শান্তিৰে যোগীৰ জীৱন অতিবাহিত কৰিছিল। ১৯২৯ চনত তেওঁ [[ইংলেণ্ড]]লৈ যাত্ৰা কৰে আৰু [[ইউৰোপ]] মহাদেশৰ নানা ঠাই ভ্ৰমণ কৰিছিল। তেওঁ [[বাৰ্লিন]]লৈ গৈ তাৰ এখন তসভাতসভাত নাত্সী দৰ্শন ৰ বিষয়ে এটি পাণ্ডিত্যপূৰ্ণ ভাষমভাষণ দিছিল, যিটো ভাষনৰভাষণৰ প্ৰতিক্ৰিয়াত তাৰ ডেকা নাত্সী দলে সভাকক্ষত এক বিৰাট হুলস্থুলৰ সৃষ্টি কৰিছিল।<ref name="ৰাজেন্দ্ৰ প্ৰসাদ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩৮, ৩৯,৪০,৪১,৪২}}</ref>
 
==প্ৰথম ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব গ্ৰহণ আৰু শপত গ্ৰহণ==