শ্ৰীদেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
ফেয়াৰ
21 নং শাৰী:
শ্ৰীদেৱীয়ে মাত্ৰ চাৰি বছৰ বয়সতে এম. এ. থিৰুমুঘামৰ ধৰ্মীয় বোলছবি "থুনাইভান"ত শিশুশিল্পী হিচাপে অভিনয় কৰি অভিনয়ৰ জগত খনলৈ পাতনি মেলিছিল।<ref name="outlookindia.com">{{cite web |url=http://www.outlookindia.com/article.aspx?282743 |title=Before All The Galata &#124; Naman Ramachandran |publisher=Outlookindia.com |date= |accessdate=2013-01-08 |deadurl=yes |archiveurl=https://web.archive.org/web/20161123034524/http://www.outlookindia.com/magazine/story/before-all-the-galata/282743 |archivedate=23 November 2016 |df=dmy-all }}</ref> তাৰ পিছত তেওঁ কেইবাখনো [[তামিল ভাষা|তামিল]], [[তেলেগু ভাষা|তেলেগু]], [[মালয়ালম ভাষা|মালয়ালম]] আৰু [[কন্নড় ভাষা|কন্নড়]] বোলছবিত শিশুশিল্পী হিচাপে অভিনয় কৰে। ১৯৭৫ চনৰ ''জুলি'' বোলছবিৰ জৰিয়তে তেওঁ হিন্দী ছবিজগতলৈ প্ৰৱেশ কৰে আৰু মাত্ৰ ১৩ বছৰ বয়সত ১৯৭৬ চনৰ তামিল ছবি ''মুণ্ডৰু মুদিচু'' ত প্ৰথম মুখ্য অভিনেত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হয়। ইয়াৰ লগে লগে কেইবাখনো জনপ্ৰিয় বোলছবি যেনে, ''১৬ ভায়াথিনিলে'' (১৯৭৭), ''চিগাপ্পু ৰোজাক্কাল'' (১৯৭৮), ''ভাৰুমায়িন নিৰাম ছিভাপ্পু'' (১৯৮০), ''মীনদুম কোকিলা'' (১৯৮১), ''প্ৰেমাৱিশেষম'' (১৯৮১), ''মুনড্ৰাম পিৰাই'' (১৯৮২), ''আখাৰী পৰাটাম'' (১৯৮৮), ''জাগাডেকা ভীৰুডু অতিলোকা সুন্দৰী'' (১৯৯০) আৰু ''কৃষ্ণ কৃষ্ণাম'' (১৯৯১) আদিৰ জৰিয়তে নিজকে [[তামিল ভাষা|তামিল]], [[তেলেগু ভাষা|তেলেগু]], [[মালয়ালম ভাষা|মালয়ালম]] আৰু [[কন্নড় ভাষা|কন্নড়]] ছবিৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।
 
তেওঁ বলিউডৰ ''ছলভা চাৱান'' (১৯৭৮) খনৰ জৰিয়তে মুখ্য ভূমিকাত অভিনয় কৰিবলৈ সুযোগ পায়।<ref>{{Cite news |url=http://www.bbc.com/news/world-asia-india-43186118 |title=Bollywood superstar Sridevi dies at 54 |date=2018-02-24 |work=BBC News |access-date=2018-02-24 |language=en-GB |quote=She debuted as a lead actress in a Bollywood film in 1978, soon becoming one of India's biggest film stars. |deadurl=no |archiveurl=https://web.archive.org/web/20180224231230/http://www.bbc.com/news/world-asia-india-43186118 |archivedate=24 February 2018 |df=dmy-all }}</ref> তাৰপিছত তেওঁ কেইবাখনো জনপ্ৰিয় ছবি যেনে, ''হিম্মতৱালা'' (১৯৮৩), ''মাৱালী'' (১৯৮৩), ''তহফা'' (১৯৮৪), ''নেয়ানয়া কডমকদম'' (১৯৮৪), ''মাশ্বক'' (১৯৮৪), ''মাষ্টৰজী'' (১৯৮৫), ''নাজৰণা'' (১৯৮৭), ''মিঃ ইণ্ডিয়া'' (১৯৮৭), ''ৱাক্ত কি আৱাজ'' (১৯৮৮) আৰু ''চান্দনী'' (১৯৮৯) আদি ছবিৰ জৰিয়তে নিজকে বলিউডত প্ৰতিষ্ঠা কৰে। কেইবাখনো বাণিজ্যিক চলচ্চিত্ৰ যেনে ''সাদমা'' (১৯৮৩), ''নাগিনা'' (১৯৮৬), ''চালবাজ'' (১৯৮৯), ''লামহে'' (১৯৯১), ''খোদা গাৱাহ'' (১৯৯২), ''গুমৰাহ'' (১৯৯৪), ''লাডলা'' (১৯৯৪) আৰু ''জুডাই'' (১৯৯৭)-ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে প্ৰশংসিত হৈছিল। তেওঁ পাঁচটা ফিল্মফেৰায়ফিল্মফেয়াৰ বঁটা আৰু দহবাৰ এই বঁটালৈ মনোনয়ন লাভ কৰিছিল।
 
২০১২ চনত সুদীৰ্ঘ ১৫ বছৰ বিৰতিৰ পিছত ''ইংলিছ ভিংলিছ'' বোলছবিৰ জৰিয়তে আকৌ চলচ্চিত্ৰ জগতলৈ পৰ্দাপন কৰে। তেখেতৰ জীবনৰ অন্তিমখন ছবি আছিল ২০১৭ চনত মুক্তি লাভ কৰা বোলছবি ''মম্''|<ref name="DailyMail">{{cite web|last=DailyMail|title=Sridevi has broken a stereotype|url=http://www.dailymail.co.uk/indiahome/indianews/article-2216935/She-takes-Sridevis-comeback-English-Vinglish-broken-stereotype-proving-age-factor-heroines-comeback.html|deadurl=no|archiveurl=https://web.archive.org/web/20121125144227/http://www.dailymail.co.uk/indiahome/indianews/article-2216935/She-takes-Sridevis-comeback-English-Vinglish-broken-stereotype-proving-age-factor-heroines-comeback.html|archivedate=25 November 2012|df=dmy-all}}</ref> ২০১৩ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে [[পদ্মশ্ৰী]] বঁটা প্ৰদান কৰে।<ref name="Padma Awards">{{cite web |url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |title=Padma Awards |publisher=Ministry of Home Affairs, Government of India |date=2015 |accessdate=July 21, 2015 |deadurl=yes |archiveurl=https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf |archivedate=15 November 2014 |df=dmy }}</ref>
"https://as.wikipedia.org/wiki/শ্ৰীদেৱী"ৰ পৰা অনা হৈছে