অনিল ৰায়চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
removed facebook link
40 নং শাৰী:
একেধাৰে সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, বিশ্লেষক,মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী। <ref name="অসমীয়া প্ৰতিদিন">{{cite press release | title=প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক লেখক অনিল ৰায়চৌধুৰীৰ দেহাৱসান | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> ৰায়চৌধুৰীয়ে চীন যুদ্ধৰ সময়ত কাৰাবাস খাতিছিল৷ তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ৷ ৰায়চৌধুৰীয়ে প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল৷ অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়৷<ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref> পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয় কর্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কার্যকৰী সভাপতি হিচাপে নির্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্রেপ্তাৰ হৈ কাৰাবাস খাটিছিল৷ প্রায় ৩৭ বছৰ ৬ মাহ চাকৰি কৰি ১৯৮৮ চনৰ ৩০ জুনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷<ref name="অসমীয়া খবৰ">{{cite news | title=শোষিতজনৰ মুক্তিকণ্ঠ, চিন্তাবিদ, বিশিষ্ট বাওঁপন্থী নেতা অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান | work=বাতৰি | date=২ মে', ২০২০ | accessdate=2 May 2020}}</ref> তেওঁ এজন বামপণ্ঠী নেতা আছিল৷<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref>
 
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লোৱা ৰায়চৌধুৰীয়ে পৰৱৰ্তী সময়ত [[অসম আত্মৰক্ষী ফৌজ]] আৰু [[অসম জাতীয় সভা]]ৰো নেতৃত্ব লৈছিল৷ কৃষক শ্ৰমিক আন্দোলনতো তেওঁ অংশগ্ৰহণ কৰিছিল৷ ইয়াৰবাবে তেওঁ কেইবাবাৰো জেললৈ যাব লগা হৈছিল৷ ১৯৭১ চনৰপৰা ৰায়চৌধুৰীয়ে [[নতুন পৃথিৱী]] নামৰ এখন আলোচনী সম্পাদনা কৰিছিল৷ নতুন সাহিত্য পৰিষদৰো তেওঁ প্ৰতিষ্ঠাপক সদস্য আছিল৷ পৰৱৰ্তী সময়ত তেওঁ পৰিষদৰ সম্পাদক হোৱাৰ লগতে ১৯৯৮চনত সভাপতিও হৈছিল৷<ref name="অগ্ৰদূত">{{cite press release | title=অনিল ৰায়চৌধুৰীৰ দেহাৱসান | publisher=অগ্ৰদূত | date=২ মে | accessdate=4 May 2020}}</ref> ৯৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷<ref name="PRAG NEWS">{{cite AV media | url=https://www.facebook.com/pragnewsassam/videos/2966814783544771/ | title=PRAG NEWS | date=Fri, 01 May | medium=fACEBOOK | location=ASSAM, Ghy}}</ref><ref name="নিয়মীয়া বাৰ্তা">{{cite press release | url=https://niyomiyabarta.org/assam/anil-rai-chodhuwray/ | title=বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান | publisher=Niyomiyabarta.org | date=2 May | accessdate=4 May 2020}}</ref>
 
==জন্ম==