গেছ টাৰ্বাইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
১৯৩৯ চনত ছুইজাৰলেণ্ডত পৰীক্ষামূলকভাবে বিদ্যুৎ উৎপাদন কৰোতে প্ৰথম গেছ টাৰ্বাইন ব্যৱহাৰ কৰা হয়। প্ৰযুক্তিগত কাৰণত আৰু লাভজনক নোহোৱা বাবে বিদ্যুৎ উৎপাদনত প্ৰথমতে গেছ টাৰ্বাইন সিমান জনপ্ৰিয় হোৱা নাছিল। ষাঠিৰ দশকত উৰাজাহাজৰ ইঞ্জিনৰ টাৰ্বা-জেট প্ৰযুক্তি ব্যৱহাৰ হোৱাৰ পাছত গেছ টাৰ্বাইনৰ প্ৰভূত উন্নতি হয়। ফলত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ দ্ৰুতভাবে বাঢ়িবলৈ লয়। আমেৰিকা আৰু ইউৰোপৰ বহু দেশত অলপদিনৰ ভিতৰতে অসংখ্য গেছ টাৰ্বাইন বিদ্যুৎ কেন্দ্ৰ গঢ়ি উঠে। ভাৰতৰো বহু ৰাজ্যত গেছ টাৰ্বাইনেৰে বিদ্যুৎ উৎপাদন কৰা কেন্দ্ৰ আছে।
 
বিদ্যুৎ উৎপাদনৰ কামত ব্যৱহৃত গেছ টাৰ্বাইন দুই ধৰণৰ; 'অপেন চাইকল' আৰু 'ক্লোজড চাইকল'। প্ৰথম ধৰণৰ টাৰ্বাইনৰ পৰা ৰ্নিগত গেছে পোনে পোনে বায়ুমণ্ডলত মিহলি হৈ যায়। আনহাতে দ্বিতীয় ধৰণৰ টাৰ্বাইনৰ পৰা ৰ্নিগত গেছ পুনৰ ব্যৱহাৰ বাবে কামত লগোৱা হয়। যিকোনো গেছ টাৰ্বাইন বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰিচালন ব্যৱস্থা স্বয়ংক্ৰিয়। আজিকালি অধিকাংশ গেছ টাৰ্বাইন কেন্দ্ৰ সক্ৰিয় আৰু নিস্ক্ৰিয় কৰা হয় হাই স্পিড ডিজেলৰ সহায়ত। সেয়েহে প্ৰতি ইউনিট বিদ্যুৎ উৎপাদনৰ খৰচ তাপবিদ্যুত বা জলবিদ্যুত কেন্দ্ৰতকৈ অনেক বেছি হয়গৈ। তথাপি গেছ টাৰ্বাইনৰ সহায়ত বিদ্যুৎ উৎপাদনৰ সুবিধা বহুত বেছি। হঠাৎ বিদ্যুৎ বিতৰণ ব্যৱস্থাত কম্পনাংক কমি গলেগ'লে বা কোনো কাৰণত সকলো তাপবিদ্যুত কেন্দ্ৰ বন্ধ হৈ গলেগ'লে সেইবোৰ কাৰ্যক্ষম কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক বিদ্যুৎ তৎক্ষণাত যোগাৰ কৰিব পাৰে একমাত্ৰ গেছ টাৰ্বাইন।
 
[[শ্ৰেণী:যন্ত্ৰ]]