ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
26 নং শাৰী:
 
==ইতিহাস==
১৮০৯ চনৰ আগতে ভাৰতত ইংৰাজ আৰ্হিৰ বেংক কিছুমান প্ৰতিষ্ঠা কৰা হৈছিল যদিও সেইবোৰ বিভিন্ন কাৰণত বন্ধও হৈছিল৷ ফলত দেশৰ [[মুদ্ৰা]] আৰু ঋণ ব্যৱস্থা নিশকতীয়া হৈ পৰে৷
 
'[[ইষ্ট ইণ্ডিয়া কোম্পানী]]'ৰ উদ্যোগত ১৭৭০ চনত কলিকতা মহানগৰীত '[[আলেকজেণ্ডাৰ এণ্ড কোম্পানী]]'য়ে স্থাপন কৰা 'দি বেংক অৱ হিন্দুস্থানে'ই হ’ল প্ৰথমটো সংগঠিত ভিত্তিত ভাৰতবৰ্ষত স্থাপন কৰা বেংক৷<ref>বেংকিং ব্যৱসায়ৰ প্ৰকৃতি আৰু সংগঠন (পৃষ্ঠা : ১৭) | লেখকঃ ড° অশোক কুমাৰ শৰ্মা | কিতাপ : বেংকিং | আহৰণ কৰা হৈছে : ১২ মে ২০২০</ref> পৰৱৰ্তী পৰ্যায়ত ১৭৭৩ চনত 'দি জেনেৰেল বেংক' বা 'দি গভৰ্ণমেণ্ট বেংক অৱ ৱাৰেণ হেষ্টিংছ' স্থাপন কৰা হয়৷ অৱশ্যে এই বেংটো ১৭৭৫ চনত বন্ধ হৈ যায়৷ যাৰ ফলত প্ৰতিৰোধমূলক হিচাবে [[প্ৰেছিডেন্সী বেংক]] সংগঠন কৰা হয়৷
 
প্ৰথম প্ৰেছিডেন্সী বেংকটো হৈছে [[বেংক অৱ বেংগল]] ইয়াক ১৮০৬ চনৰ ২ জুনত প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ পাছত ১৮৪০ চনৰ ১৫ এপ্ৰিলত [[বেংক অৱ বোম্বাই]] স্থাপন কৰা হয় আৰু ১৮৪৩ চনৰ ১ জুলাইত [[বেংক অৱ মাদ্ৰাজ]] স্থাপন কৰা হয়৷
 
১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি এই প্ৰেছিডেন্সী বেংক তিনিটা ক্ৰমে- [[বেংক অৱ কলকাতা]](১৮০৬-১৯২১), [[বেংক অৱ বোম্বাই]](১৮৪০-১৯২১) আৰু [[বেংক অৱ মাদ্ৰাজ]](১৮৪৩-১৯২১)ক একত্ৰিত কৰি ’ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া’ হিচাবে প্ৰতিষ্ঠা কৰে৷ ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ আৰম্ভ কৰে৷ পিছত ১৯৫৫ চনত এই 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'ক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়কৰণ কৰি 'ষ্টেট বেংক অৱ ইণ্ডিয়া' আইনৰ অধীনত ভাৰতীয় ষ্টেট বেংক হিচাপে প্ৰতিষ্ঠা কৰে৷
 
==পৰিচালনা==
==কাৰ্যাৱলী==