ব্ৰহ্মাণ্ড পুৰাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
22 নং শাৰী:
বৈদিক সাহিত্যসমূহে ব্ৰহ্মাণ্ড সম্পৰ্কেও আগবঢ়াইছিল৷ ব্ৰহ্মাণ্ড শব্দটো 'ব্ৰহ্ম' আৰু 'অণ্ড' শব্দৰ পৰা সৃষ্টি হৈছিল৷ আনহাতে 'বৃহৎ' শব্দৰ পৰা ব্ৰহ্মশব্দৰ সৃষ্টি হৈছে৷ যাৰ অৰ্থ হ’ল প্ৰসাৰ (Expand)৷ অণ্ড শব্দৰ অৰ্থ হ’ল ডিম (Egg)৷ অৰ্থাৎ এটা ডিমৰ পৰা প্ৰসাৰণ ঘটি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ [[শতপথ ব্ৰাহ্মণ]]ত (১১:১:৬:১) উল্লেখ আছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল৷ বহুবছৰ এই সোণালী ডিমটো ওপঙি থকাৰ পাছত তাৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ [[বায়ু পুৰাণ]]ত (৪.৭২-৭৩) উল্লেখ আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ, সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে৷ প্ৰায় হাজাৰ বছৰ পাছত বায়ুৱে এই ডিমটো দুফাল কৰিছিল (বায়ু পুৰাণ ২৪.৭৩)৷ মনুস্মৃতিত (১.১৩) উল্লেখ থকা মতে এটা সোণালী ডিমৰ পৰা পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টি হৈছিল৷ মৎস্যপুৰাণতো (২.২৫-৩০) ব্ৰহ্মাণ্ড সৃষ্টিৰ বিষয়ে একেই ধাৰণা পোৱা যায়৷ আনহাতে, আধুনিক বিজ্ঞানেও এখন ডিমৰ আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডৰ কথা প্ৰমাণ কৰিছে৷ বৈদিক যুগত অৱশ্যে বিশ্বব্ৰহ্মাণ্ড তিনিটা ভাগত বিভক্ত আছে বুলি ধাৰণা কৰা হৈছিল৷<ref>ব্ৰহ্মাণ্ডৰ ধাৰণা (Concept of universe) | প্ৰাক্‌-ঔপনিবেশিক ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস (History of Science and Technology in Pre- Colonial India) | পৃষ্ঠা : ৮৩ | লেখিকা : স্বপ্না কাকতি | আহৰণ কৰা হৈছে= ১৩ মে ২০২০</ref> এই ভাগ তিনিটা হ’ল-
 
# [[পৃথিৱী]],
# [[অন্তৰীক্ষ]] (তৰাৰ গোলক) আৰু
# [[স্বৰ্গ]]
 
==বিষয়বস্তু==