ভিছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
 
13 নং শাৰী:
===উদ্দেশ্য অনুসৰি===
[[Image:Tourist visa of the People's Republic of China.jpg|300px|thumb|[[চীন|চীনে]] প্ৰদান কৰা পৰ্যটন ভিছা]]
* '''পৰিবহণ ভিছা''': ট্ৰেনজিট ভিছা বা অতিক্ৰমণ ভিছা নামেও জনাজাত এনে ভিছা কোনো এখন দেশলৈ যাওঁতে মাজত অন্য এখন দেশত কিছু সময় অৱস্থান কৰিব লগীয়া হ'লে মধ্যৱৰ্তী দেশখনে প্ৰদান কৰে। ইয়াৰ ম্যাদ কিছু ঘন্টাৰঘণ্টাৰ পৰা ধৰি ১০ দিন পৰ্যন্ত হ'ব পাৰে।
* '''স্বল্পকালীন বা দৰ্শনাৰ্থী ভিছা''': চমু কালৰ অৱস্থানৰ বাবে এনে ভিছা প্ৰদান কৰা হয়। দেশভেদে এনে ভিছাক ব্যক্তিগত ভিছা, পৰ্যটন ভিছা, চিকিৎসাজনিত কাৰণৰ ভিছা, ব্যৱসায়িক ভিছা, কামকৰা ছুটিৰ ভিছা, এথলেটিক বা শিল্পী ভিছা, সাংস্কৃতিক বিনিময় ভিছা, শৰনাৰ্থী ভিছা, তীৰ্থযাত্ৰা ভিছা, ডিজিটেল যাযাবৰ ভিছা<ref>{{Cite news|url=https://www.enterprisetimes.co.uk/2018/02/27/estonia-plans-digital-nomad-visa/|title=Estonia plans its Digital Nomad Visa - Enterprise Times|date=2018-02-27|work=Enterprise Times|access-date=2018-03-01|language=en-GB}}</ref> আদি উপ-ভাগত বিভক্ত কৰে। পৰ্যটন ভিছা পৰ্যটন সম্বন্ধীয় ভ্ৰমণৰ কাৰণে প্ৰদান কৰা হয়। যিসকল ব্যৱসায়ীয়ে বাণিজ্যিক কাম কাজত অংশ লোৱাৰ উদ্দেশ্যে নিৰ্দিষ্ট কোনো দেশ ভ্ৰমণ কৰিব লগীয়া হয়, তেওঁলোকক ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
* '''দীৰ্ঘকালীন ভিছা''': এনে ভিছা এখন দেশত দীৰ্ঘকালীন অৱস্থানৰ বাবে প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে শিক্ষাৰ্থী ভিছা, গৱেষণা ভিছা, অস্থায়ী কৰ্মী ভিছা, সাংবাদিক ভিছা, বাসস্থান ভিছা, আশ্ৰয় ভিছা এনে দীৰ্ঘকালীন ভিছাৰ অন্তৰ্গত। যিসকল শিক্ষাৰ্থীয়ে বিদেশত পঢ়া-শুনা কৰে তেওঁলোকৰ কাৰণে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়। কোনো এখন দেশত অস্থায়ী ভাবে কাম কৰা কৰ্মী বা শ্ৰমিক সকলক এনে ভিছা প্ৰদান কৰা হয়।
29 নং শাৰী:
ভাৰতে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ ভিছাসমূহ হৈছে:
[[File:Indian Tourist Visa 2016 stamped.jpg|300px|thumb|ভাৰতে জাৰি কৰা পৰ্যটক ভিছা]]
* '''পৰিবহণ ভিছা''': ভাৰতৰ মাজেৰে কোনো অন্য দেশলৈ ভ্ৰমণ কৰা যিকোনো দুজন বিদেশীক একেলগে পৰিবহণ ভিছা বা ভ্ৰমণ ভিছা প্ৰদান কৰা হয়। এই ভিছাৰ বৈধতা কেৱল ১৫ দিন। কিন্তু আবেদনকাৰীৰ লগত ভাৰত হৈ যোৱা যিকোনো গন্তব্যস্থানৰ বাবে বিমান টিকট থকাটো বাঞ্চনীয়।বাঞ্ছনীয়।
* '''প্ৰৱেশ ভিছা''': ভাৰতীয় মূলৰ যিকোনো নাগৰিকে প্ৰৱেশ ভিছাৰ বাবে অবেদন কৰিব পাৰে। তদুপৰি, ভাৰতীয় নাগৰিকত্ব থকা কোনো লোকৰ পত্নী বা সন্তান বিদেশত থাকিলে আৰু পৰ্যটন/পৰিবহণ ভিছাৰ বাদে বেলেগ ভিছা থকা যিকোনো বিদেশী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই ভিছা প্ৰযোজ্য।
* '''পৰ্যটক ভিছা''': ভাৰতত বসবাস নকৰা বা ভাৰতত কোনো ধৰণৰ চাকৰি নকৰা বিদেশীসকলৰ বাবে, যিয়ে কেৱল বিনোদন, ঠাই ভ্ৰমণ, বন্ধু-বান্ধৱক দেখা কৰিবলৈ ভাৰতলৈ আহিব খোজে, তেওঁলোকৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
* '''চাকৰি ভিছা''': কৰ্মসংস্থান ভিছা বা চাকৰি ভিছা একোজন দক্ষ, কুশল আৰু ভাৰতৰ যিকোনো সংস্থা, প্ৰতিস্থানৰপ্ৰতিষ্ঠানৰ হৈতে জড়িত, তেওঁলোকক এবছৰৰ বাবে প্ৰদান কৰা হয়।
* '''প্ৰকল্প ভিছা''': কৰ্মসংস্থান ভিছাৰ এক শ্ৰেণী হৈছে প্ৰজেক্ট ভিছা। ষ্টীল তথা শক্তি ক্ষেত্ৰৰ প্ৰকল্পত বৰ্তি থকা কোনো বিদেশীৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
* '''শিক্ষাৰ্থী ভিছা''': কোনো এক স্বীকৃত প্ৰতিষ্ঠানৰ নিয়মিত শিক্ষাগ্ৰহণৰ বাবে অথবা গৱেষণাৰ উদ্দেশ্যে ভাৰতলৈ আহিব খোজা বিদেশী নাগৰিক এজনক পাঁচ বছৰৰ বাবে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়।
* '''সাংবাদিক ভিছা''': গণমাধ্যম বা সাংবাদিক বিভাগৰ কোনো সাংবাদিক, চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তি, ৰেডিঅ' তথা টেলিভিছন মাধ্যমৰ কোনো লোকক সৰ্বাধিক ছয় মাহৰ বাবে সাংবাদিক ভিছা প্ৰদান কৰা হয়।
* '''ব্যৱসায়িক ভিছা''': শিল্প বা ব্যৱসায়, উদ্যোগ আদিৰ স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয় সম্বন্ধে বা বাণিজ্যিক বা শিল্প জাতীয় পণ্য বিক্ৰী কৰিব খোজা বিদেশীসকলৰ বাবে পাঁচ বছৰৰ বাবে ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
* '''মিছনাৰী ভিছা''': ভাৰতলৈ উভটিউভতি নহা অনা-আপত্তি প্ৰমাণ-পত্ৰ বহন নকৰা যিকোনো মিছনাৰী বিদেশীৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় বা বিভাগৰ অনুমতি ক্ৰমে মিছনাৰী ভিছা প্ৰদান কৰা হয়।
* '''পৰ্বতাৰোহণ ভিছা''': পৰ্বতাৰোহী বিদেশীসকলৰ বাবে সংশ্লিষ্ট বিভাগৰ অনুমোদন পোৱাৰ পিছত পৰ্বতাৰোহণ ভিছা প্ৰদান কৰা হয়।
* '''চেমিনাৰ ভিছা''': চৰকাৰী সংস্থা, সহায়কাৰী সংস্থাৰ উদ্যোগত অনুস্থিতঅনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন, চেমিনাৰ ইত্যাদিত ভাগ ল'বৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
* '''গৱেষণা ভিছা''': গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি বা খ্যাতি আৰু আবেদনকাৰীৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বাধিক ৩ বছৰৰ বাবে এই ভিছা প্ৰদান কৰা যাব পাৰে।
* '''চিকিৎসা বা চিকিৎসক ভিছা''': ভাৰতবৰ্ষত থকা চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বা কোনো এজন বিদেশী চিকিৎসকক ভাৰ্ত গমণ কৰাবৰ বাবে সম্পূৰ্ণ এক বছৰৰ বাবে চিকিৎসা ভিছা প্ৰদান কৰা হয়।
* '''সাৰ্বজনীনসৰ্বজনীন ভিছা''': সাৰ্বজনীনসৰ্বজনীন ভিছা এক দীৰ্ঘকালীন ভিছা, যাক স্বয়ং গৃহ মন্ত্ৰালয়ে চিটিজেঞ্চ অফ ইণ্ডিয়া (চিঅ'আই) বহনকাৰী বিদেশীক প্ৰদান কৰে।
* '''কূটনৈতিক বা চৰকাৰী বা ইউএন চৰকাৰী ভিছা''': কূটনীতিবিদ, নিজৰ দেশৰ অভিযানৰ বাবে নিযুক্ত বিষয়া, ভাৰতত নিযুক্ত থকা বিদেশী, [[ৰাষ্ট্ৰসংঘ]] বা ভাৰতত থকা কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাত নিযুক্ত পাৰপত্ৰ ধাৰীৰ আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ কোনোৱে ধাৰণ কৰা যিকোনো পাৰপত্ৰৰ বিপৰীতে প্ৰদান কৰা ভিছাই হৈছে কূটনৈতিক ভিছা।
 
"https://as.wikipedia.org/wiki/ভিছা"ৰ পৰা অনা হৈছে