চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
6 নং শাৰী:
চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কৰা হয়। সেয়েহে কোৱা হয়- চৰকাৰৰ শ্ৰেণীবিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। গ্ৰীক দাৰ্শনিক [[প্লেটো]]ৱে চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পাছত [[এৰিষ্ট'টল|এৰিষ্ট'টলে]] চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্ট'টলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত ভাগ কৰিছে:<ref>{{Cite book |title= ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান: সমাজ বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি) |date=২০১৪ |pages=১৩-২১ |publisher=অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী}}</ref>
{{Multicol}}
* জনকল্যানৰজনকল্যাণৰ হকে হোৱা চৰকাৰ:
** এজনৰ শাসন হ'লে '''ৰাজতন্ত্ৰ''' ({{Lang|en|Monarchy}})
** কেইবাজনমানৰ শাসন হ'লে '''অভিজাততন্ত্ৰ''' ({{Lang|en|Aristocracy}})
29 নং শাৰী:
ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্ৰেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয়। ইয়াৰ বিপৰীতধৰ্মী চৰকাৰখন হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰ থাকে। [[যুক্তৰাজ্য]], [[ফ্ৰান্স]], [[জাপান]], [[ইটালী]] আদিৰ চৰকাৰ এককেন্দ্ৰীয়, আনহাতে [[আমেৰিকা যুক্তৰাষ্ট্ৰ]], [[ভাৰত]], [[ৰাছিয়া]], [[অষ্ট্ৰেলিয়া]] আদিৰ চৰকাৰ যুক্তৰাষ্ট্ৰীয়।
 
সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই ইয়াৰ গণতান্ত্ৰিক বৈধতা বিধামণ্ডল বা সংসদৰ পৰা পায়। কাৰ্যপালিকা আৰু বিধামণ্ডল পৰস্পৰ সম্বন্ধিত হয়। এই পদ্ধতিত ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী বেলেগ বেলেগ হয় অৰ্থাৎ ই এক দ্বৈত্ব মুৰব্বী ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন প্ৰধান কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা, ৰাণী বা ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে। ইয়াৰ বিপৰীতে যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণপৃথক্কৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধামণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য'ত কাৰ্যপালিকা বিধানমণ্ডলে ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে।
 
বৰ্তমান যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা ভাগত ভগাব পাৰি।
"https://as.wikipedia.org/wiki/চৰকাৰ"ৰ পৰা অনা হৈছে