চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

40 নং শাৰী:
 
==কৰ্মজীৱন আৰু গবেষণা==
চন্দ্ৰচেখৰ ভেঙ্কটৰমণে ১৯০৭ চনৰ পৰা ১৯১৭ চনলৈ তেওঁ চাকৰিৰ দায়িত্বত ৰেঙ্গুন আৰু নাগপুৰত আছিল। ১৯১৭ চনত তেওঁ বিত্তীয় বিভাগৰ চাকৰি এৰি দিলে। সেই সময়তে কলিকতা বিজ্ঞান কলেজ প্ৰতিষ্ঠা হোৱাত, সেই কলেজতে ৰমণে পালিত অধ্যাপক হিচাপে চাকৰিত যোগদান কৰিলে। ভায়লিনৰ তাঁৰৰ ওপৰত ৰমণে দেখুওৱা চমকপ্ৰদ গৱেষণাৰ বাবে মুগ্ধ হৈ আশুতোষ মুখাৰ্জীয়ে ৰমণক এই পদ দিয়ে, সেই সময়ত পালিত অধ্যাপক জন বিদেশৰ পৰা শিক্ষাপ্ৰাপ্ত হোৱাৰ নিয়ম আছিল। কিন্তু ৰমণ ইংলেণ্ডলৈ গৈ শিক্ষা লোৱাৰ পক্ষপাতী নাছিল বাবে আশুতোষ মুখাৰ্জীয়ে সেই নিয়মটোকেই উঠাই দিছিল। অধ্যাপক পদত থাকিয়ে তেওঁ গৱেষণাত মনোনিবেশ কৰি থাকিল আৰু এটাৰ পাছত এটা চমক প্ৰদচমকপ্ৰদ বস্তু আৱিস্কাৰ কৰি বিশ্বকে চমক লগাইছিল। ১৯১৯ চনৰ পৰা তেওঁ সন্থাৰ অবৈতনিক সম্পাদক নিযুক্ত হৈছিল।
 
চন্দ্ৰচেখৰচন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ জীৱনৰ উদ্দেশ্য আছিল বিজ্ঞানিক হোৱা, বিজ্ঞানৰ চৰ্চাতে জীৱন কটোৱা। কিন্তু তাৰ সলনি তেওঁ হল এজন গাণিতিক-সেয়ে পাছলৈ অন্তৰ্দ্বগ্ধত ভুগি, কলিকতা চহৰৰ মাজেৰে ডেল হাউচী স্কোৱাৰৰ পৰা শিয়ালদহলৈ ট্ৰামেৰে গৈ থাকোঁতে বাউবাজাৰবউবাজাৰ ষ্ট্ৰীটত তেওঁৰ চকু পৰিল এখন চাইন বোৰ্ডত, চাইন বোৰ্ডখনত লিখা আছিল--দি ইণ্ডিয়ান এচোচিয়েচন ফৰ দি কাল্টিভেচন অব্ চায়েন্স। তেওঁ যিমানদূৰ পাৰে সোনকালে ট্ৰামৰ পৰা নামি, চাইন বোৰ্ড দিয়া ঘৰটো বিচাৰি আহিল আৰু লগ পালে অনুষ্ঠানটিৰ সম্পাদক ডাঃ অমৃতলাল চৰকাৰক। তেতিয়াৰে পৰা গৱেষণাগাৰলৈ নিয়মিয়াকৈ আহিবলৈ ধৰিলে।
 
 
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে