শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{Infobox Mandir
|name = শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ <br> Shri Shri Athkhelia Namghar
|image =Entrance of Athkheliya Namghar.jpg
|image_size = 250
|image_alt =
|caption = শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচ'ৰা
|pushpin_map = India Assam
| latd = 26.47
| longd = 94.09
|map_caption = অসম মানচিত্ৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰৰ অৱস্থান
|map_size = 250
|other_names =
|assamese = শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
|sanskrit_translit =
|country = ভাৰত
|state/province = [[অসম]]
|district = [[গোলাঘাট জিলা]]
|locale = ঘিলাধাৰী মৌজা
|primary_deity =
|important_festivals =
|architecture =
|number_of_temples =
|number_of_monuments =
|inscriptions =
|date_built = ১৬৮১ চন
|creator = [[গদাপানি]]
|temple_board =
|website = {{URL|http://athkhelianamghar.org|athkhelianamghar.org}}
}}
 
'''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''' ({{lang-en|Shri Shri Athkhelia Namghar}}), [[অসম]] তথা [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই [[গোলাঘাট জিলা]]ৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওতগাঁৱত অৱস্থিত। ই [[গোলাঘাট জিলা]]ৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত।<ref name="বিষয়ে">{{cite web | url=http://athkhelianamghar.org/about.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিষয়ে | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। ইয়াৰপৰাই আঠকুৰিয়া শব্দটিৰ উৎপত্তি হৈছে। মানুহৰৰ মুখে মুখে বাগৰি ই আঠখেলীয়াৰ ৰূপ ল’লে। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল।<ref name="ইতিহাস">{{cite web | url=http://athkhelianamghar.org/history.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিহাস | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ১৯৭০ চনৰ আগলৈকে এই অনুষ্ঠানভাগিৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰি মন্দিৰ’ৰ সলনি ’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে। ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ অনুষ্ঠিত হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ, ৰাস মহোৎসৱ, বৰষা ভাওনা ইত্যাদি।
 
==নামকৰণ==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰভাগিৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰি বা কোনো ঠাইৰ একখণ্ড। এই আঠটা কুৰিৰ ৰাইজে একেলগে সমাজ পাতি ধৰ্মীয় কাৰ্য পালন কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ বাবেই আঠখেলীয়া নামকৰণেৰে পৰিগণিত হৈছে।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref><ref name="বিষয়ে" /> অসম বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউসকলে প্ৰণালীবদ্ধভাৱে কৃষি জনা লোকক বাদ দি প্ৰসাৰণ মুখী কৃষি কৰিবৰ বাবে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল। পাইকৰ ওপৰত থকা ডাঙৰ ডাঙৰ গোটৰ সমষ্টিবোৰক খেল বুলিছিল। ৰজাঘৰীয়া তেনে বাবখোৱা একোজন লোক একো-একোটা কুৰি বা চুবুৰীত বসবাস কৰি বিয়া-বাৰু কৰাই সেইখন সমাজৰ লোকৰ মাজত মিলি গৈছিল। সেই ৰজাঘৰীয়া বাব খোৱা লোকৰ সেই বিষয় বাব অনুসৰিয়েই একো একোটা খেলৰো নামকৰণ কৰা হৈছিল।<ref name="উপক্ৰমনিকা"> {{cite journal | title= উপক্ৰমনিকা | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= শ্ৰী যোগেন শইকীয়া | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ২২, ২৩ আৰু ২৪ পৃ্ষ্ঠা}}</ref>
 
১৯৭০ চনৰ আগলৈকে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰক শ্ৰী শ্ৰী আঠখেলীয়া হৰিমন্দিৰ বুলিহে জনাজাত আছিল। বৰ্তমানৰ প্ৰৱেশদ্বাৰৰ জপনাতো পূৰ্বতে শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ বুলিহে খোদিত আছে। ১৯৭০ চনৰ পাছৰ পৰাহে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুলি নামকৰণ কৰা হয়।<ref name="পৰ্যালোচনা">{{cite journal | title= শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিবৃত্তৰ মূল তথ্যৰে ঐতিহাসিক ভেটিৰ এক অনুসন্ধানমূলক পৰ্যালোচনা | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= শ্ৰী যোগেন শইকীয়া | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ১১৩ৰপৰা ১৩১ পৃ্ষ্ঠালৈ }}</ref>
 
==ইতিহাস==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ ‘History of Assam’ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য [[কলং নদী]]ৰ পৰা [[দিখৌ নদী]]লৈ বিস্তৃত আছিল।<ref> History Of Assam by E A Gait পৃষ্ঠা: ২৪৮-২৪৯ </ref> ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" /> সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। সেয়ে, গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে – ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল।<ref name=" পৰ্যালোচনা "/> জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে।<ref> স্মৃতিগ্ৰন্থ; বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী </ref>
 
পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।
 
আহোম স্বৰ্গদেউ ল’ৰাৰজাই অবৈধভাৱে আহোম ৰাজপাট দখল কৰিছিল। তেওঁৰ শাসনকালত গদাপাণি কোঁৱৰে (আহোম নাম: [[গদাধৰ সিংহ]]) ছদ্মৱেশ ধৰি পৰ্বতে-পাষণ্ডে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি এই সন্ত লোকৰ আশ্ৰ পায়হি আৰু তেৰাক দৰ্শন পাই তেৰাৰ আশ্ৰয়তে কিছুদিন আশ্ৰমতে থাকিবলৈ লয়। প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল’ৰা ৰজাৰ চাউদাংহঁতে সেই স্থান পাইছিলগৈ। কিন্তু আশ্ৰমৰ চাৰিওফালে বেত, বাঁহ, তৰা, ইকৰাকে আদি কৰি গছ-গছনিৰে ভৰপূৰ আৰু আশ্ৰমলৈ সোমাই যোৱা পথটিও অগণন ডাঠ মকৰা জাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো সন্ধান নাপাই চাউদাংহঁতে তাৰ পৰা অন্য দিশে গতি কৰিছিল। গদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাং বিলাক বিলাক বুলি নিঃসন্দেহে জানিব পাৰিছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ "/>
সেই সন্ত পুৰুষজনে গদাপাণিক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ ভৱিষ্যতে দেশৰ ৰজা হ’ব পাৰিব। গদাপাণিয়েও ৰজা হ’লে সন্ত পুৰুষক মন্ত্ৰী বাব এটি দিয়াৰ বাক্য দিছিল। সময় বাগৰাৰ লগে লগে আহোম ৰাজতন্ত্ৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি অনুসৰি ১৬৮১ খ্ৰীষ্টাব্দত গদাপণি কোঁৱৰে ৰাজ সিংহাসন লাভ কৰে। গদাধৰ সিংহই আত্মগোপন কালৰ এৰি অহা ঘটনাৱলী স্মৰণ কৰি সেই সন্ত লোক জনক বিচাৰি মানুহ পঠাইছিল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। সেই সন্তগৰাকীৰ পাছত কি হ’ল বা ক’লৈ গ’ল সেই কথা আজিও সকলোৰে অজ্ঞাত হৈয়ে থাকিল।
সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণিয়ে সন্ত লোকৰ নিবাস স্থলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্ন বৃত্তিধাৰী, ভিন্ন সম্প্ৰদায়ৰ ৮ পাইকৰ গোটৰ ওপৰতেই আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল।<ref name=" পৰ্যালোচনা "/> শিৱ মন্দিৰলৈ বা ক্ষেত্ৰলৈ পাইক আদি ঊচ্ছৰ্গা কৰা উদাহৰণো তেওঁৰ ৰাজত্ব কালৰ কাৰ্যাৱলীত উল্লেখ আছে।<ref> শিৱ; ড০ড॰ নিৰ্মল প্ৰভা বৰদলৈ; পৃষ্ঠা:১৫০ </ref> সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ একো-একোটা কুৰি (চুবুৰীত) পৰিণিত হয়গৈ। এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্বাৱধানততত্ত্বাৱধানত সমাজবদ্ধ হৈ, একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল<ref name="ইতিহাস" /> আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজপাতি খোৱা-লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া, পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ " />
 
সময়ৰ গতিত সেই মন্দিৰ বৰ্তমান নামঘৰ হিচাপে প্ৰখ্যাত হৈ পৰিল। বৰ্তমান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱ পন্থাৰ লোকৰ তীৰ্থস্বৰূপ। এইয়া [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰভাৱৰ ফলশ্ৰুতি। সময়ৰ লগত ক্ষেত্ৰ ভাগি বিকাশ আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় খেলৰ ৰাইজে ধৰ্মীয় পৰম্পৰা তথা বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ''হৰি মন্দিৰ''ৰ সলনি ''[[নামঘৰ]]'' শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে ১৯৭০ চনৰ পিছৰ পৰাহে। বৰ্তমান বৈষ্ণৱ ধৰ্মৰ সমূহ আচাৰ-নীতিৰে নামঘৰৰ কাম-কাজ পৰিচালিত হয়।
60 নং শাৰী:
 
;নাঙ্গল কুৰি
আহোম স্বৰ্গদেউসকলে মাটিৰ উৰ্ব্বৰতা চাই কৃষি জনা লোকক খাত পাম দি খেতিৰ সজুলিসঁজুলি নাঙ্গলৰ অধিক যোগান ধৰি কৃষিৰ প্ৰসাৰণ কৰিছিল। কালক্ৰমত সেই বাব থকা মানুহৰ পৰাই চুবুৰীটোৰ নাম হয় নাঙ্গল কুৰি।
 
;শ’লালৰ কুৰি
78 নং শাৰী:
[[চিত্ৰ:Entrance of Athkheliya Namghar 2.jpg|thumb|right|270px|]]
 
== অৱস্থান আৰু পৰিবহনপৰিবহণ==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান হৈছে {{Coord|26.47|N|94.09|E|}}। আঠখেলীয়া এই ধৰ্মীয় অনুষ্ঠানভাগি বৰ্তমানৰ [[গোলাঘাট জিলা]]ৰ অন্তৰ্গত ঘিলাধাৰী মৌজাত ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত ([[গোলাঘাট]] নগৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ পূবত) অৱস্থিত। এই তিনিওখন নদীৰেই উৎপত্তিৰ স্থল নগা পাহাৰৰ পৰা ওলাই প্ৰায় সমান্তৰাল ভাৱে ভৈয়ামৰ মাজেদি বৈ গৈছে। নামঘৰৰ (সমীপত) পূৰ্বদিশে ক্ৰমে উত্তৰলৈ বৈ যোৱা কাকঙোঙা নদীয়ে গোলাঘাট আৰু [[যোৰহাট জিলা]]ক দুখনক বিভক্ত কৰিছে। আনহাতে নামঘৰৰ (সমীপতে) পশ্চিম দিশে বৈ যোৱা মক্ৰং নদীয়েও ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰি ঘিলাধাৰী নদীৰ লগত এক হৈ ওচৰা-ওচৰিকৈ পুনৰ কাকডোঙা নদীতেই মিলিত হৈ [[ব্ৰহ্মপুত্ৰ]]ৰ বুকুত পৰিছেগৈ। সেয়েহে নামঘৰৰ উত্তৰ দিশত এই তিনিওখন নদী ক্ৰমে ওচৰা-ওচৰিকৈ মিলিত হোৱাৰ বাবেই ত্ৰিবেণীৰ সঙ্গম স্থলস্বৰূপ এই পৱিত্ৰ ভূমিখণ্ডত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অৱস্থিত।<ref name=" অতিৰিক্ত ">{{cite journal | title= অতিৰিক্ত | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ২৯ পৃ্ষ্ঠা }}</ref> আঠখেলীয়াৰ সীমা উত্তৰ অক্ষাংশ ২৬ডিগ্ৰী ২০মিনিটৰ পৰা ২৬ ডিগ্ৰী ৩৫ মিনিটলৈ আৰু পূব দ্ৰাঘিমাংশ ৯৩ ডিগ্ৰী ৩৫ মিনিটৰ পৰা ৯৩ ডিগ্ৰী ৪৫ মিনিটৰ ভিতৰত।<ref name="উপসংহাৰ">{{cite journal | title= উপসংহাৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৮৪ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।
 
92 নং শাৰী:
 
==নিৰ্মাণ==
বৰ্তমানৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আদিম অৱস্থাত প্ৰকাণ্ড প্ৰকাণ্ড [[হেঙুল আৰু হাইতাল|হেঙুল-হাইতাল]] থকা বটবৃক্ষৰে পৰিবেষ্টিত সন্তলোকৰ আশ্ৰমৰ এটি সৰু মন্দিৰ। মন্দিৰ ভাগত এপাত ত্ৰিশূল আৰু আৰু এখনি চন্দন কাঠৰ ঠগা আছিল। সেই মন্দিৰ ভাগতেই দূৰ-অতীজৰ পৰাই পূজা-সেৱা, নৈবদ্য অৰ্চ্চনাদি কৰ্মও পূৰ্বপুৰুষ সকলে চলাই আহিছিল।<ref name=" নিৰ্মাণ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩৩ৰপৰা ৩৯ পৃ্ষ্ঠা }}</ref> পুৰণা সেই মন্দিৰৰ আলমত (মন্দিৰক মাজত ৰাখি) আঠখেলৰ আঠখন খেৰৰ চালি সাজি আঠকুৰি ৰাইজে মন্দিৰৰ প্ৰতিপালন কৰি ধৰ্মীয়কাৰ্য চলাই আহিছিল। তেতিয়াৰ পৰাই এই অনুষ্ঠান ভাগিত ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহত আঠখেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণুৰ পূজনত অৰ্চ্চিত হৈ অদ্যপৰিমিত সেই নিয়ম প্ৰচলিত হৈয়েই আছে। পূৰ্বপুৰুষসকলৰ অসীম ত্যাগ আৰু শ্ৰমদানৰ যোগেদি দূৰ অতীতৰ মন্দিৰ সহ আঠখন চালিৰ পৰিৱৰ্তে মাজত মন্দিৰ ৰাখি ডাঙৰ ডাঙৰ খুটাৰ সৈতে (কাঠৰ খুটা সৈতে) আঠটা কোঠালীৰ খেৰীঘৰ নিৰ্মাণ কৰিছিল। প্ৰতিটো কোঠাত এখনকৈ আঠখন দুৱাৰ আৰু ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহৰ আঠ খেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণু পূজনত এতিয়াও অৰ্চ্চিত হৈয়ে আছিল। সেই সময়তো অতীজৰ ত্ৰিশূল আৰু চন্দন কাঠৰ ঠগা ভাগিয়েই আছিল সকলোৰে ইষ্ট দেৱতাৰ সেৱাৰ থলী। এনেদৰেই পূৰ্বপুৰুষসকলে খেৰীঘৰ সজা – বটা কৰি, তাত ধৰ্মীয় কাৰ্য পালন কৰি যুগ যুগ পাৰ কৰি দিছিল।
 
;স্থায়ীঘৰ নিৰ্মাণ
আঠখেলীয়াৰ বৰবাৰিকে ৰাইজে ১৯৫৬ চনৰ ৭ মে’ তাৰিখে ৰাইজৰ লগত আলোচনা কৰি এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল। সেই পৰিচালনা সমিতিয়ে পূৰ্বৰ খেৰীঘৰৰ আৰ্হিৰ মাজেত মন্দিৰৰ ব্যৱস্থা ৰাখি স্থায়ীঘৰ নিৰ্মাণৰ কাম হাতত ল’লে। আঠখেলীয়া ৰাইজৰ দান-বৰঙণিৰেবৰঙনিৰে মন্দিৰৰ ওপৰত কলচি দি বৈকুণ্ঠ পুৰীৰ অষ্টদিশত স্থিত অষ্টদ্বাৰৰ আৰ্হি প্ৰণালীৰে আঠখন দ্বাৰ (দুৱাৰ) ৰাখি সম্পূৰ্ণ বৰ্গক্ষেত্ৰ আকাৰত স্থায়ীঘৰ নিৰ্মাণৰ কাম ১৯৫৬ চনত সম্পূৰ্ণ কৰি তুলিলে। সেই বছৰতে পূৰ্বৰ ঠগাৰ পৰিৱৰ্তে ডাঙৰকৈ বেদী নিৰ্মাণ কৰাই পাঁচখলপীয়া সিংহাসন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। পূৰ্বৰ কীৰ্তি চিহ্ন ত্ৰিশূল তেতিয়াও সিংহাসনৰ বেদীৰ ওচৰতেই থাকিল।<ref name=" নিৰ্মাণ" />
 
;নামঘৰৰ পৰিসৰ বৃদ্ধি
আঠখেলৰ ৰাইজৰ সংখ্যা আৰু সেৱকীসকলৰ পয়োভৰ দিনক দিনে বৃদ্ধি পাই আহিছিল। সেয়ে ১৯৭৩ চনত বাৰ্ষিক সাধাৰণ সভাত এই কথা উত্থাপন কৰা হৈছিল। সেয়ে নামঘৰভাগিৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে আঁচনি প্ৰস্তুত কৰি নিৰ্মাণ কাজ হাতত ল’বলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই বিষয়ত আঠখেলৰ ৰাইজে, চচান্দা বৰঙণিবৰঙনি আগবঢ়ালে আৰু সেৱকী ৰাইজৰ অৰিহণা আদিৰ সহযোগত পুৰণা নামঘৰৰ পশ্চিম দিশে আগৰ সমান কৰি গৃহ নিৰ্মাণৰ কাম-কাজ ১৯৭৪ চনত আৰম্ভ কৰা হয়। ৰাইজৰ অশেষ ত্যাগ আৰু শ্ৰমদানৰ বিনিময়ত নতুনকৈ গৃহভাগ আৰু দুটা কলচি দি (আগৰটোৰে সৈতে তিনিটা) পুৰণা নামঘৰৰ লগত একেলগে সংযোগ কৰা হৈছিল। পূৰ্বৰ কলচিত গদা, মধ্যম কলচিত চক্ৰ আৰু পশ্চিমদিশৰ কলচিত পৌৰাণিক কীৰ্তিচিহ্ন ত্ৰিশূল অদ্যপৰিমিত যুগমীয়া হৈ ৰ’ল। এনেদৰেই নতুন গৃহভাগ সম্পূৰ্ণ কৰি ১৯৭৭ চনৰ এপ্ৰিল মাহত শ্ৰী শ্ৰী কুৰুৱাবাঢ়ী ডেকা সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীদেৱে উন্মোচিত কৰে। নামঘৰৰ পৰিসৰ বঢ়াত দৈনন্দিন কাম-কাজ তথা সেৱকী সকলে আগবঢ়োৱা ভাওনা আদি প্ৰদৰ্শনৰ বাবে সুবিধা হ’ল।<ref name=" নিৰ্মাণ" />
 
;সপ্তবৈকুণ্ঠৰ আৰ্হিৰৈ সিংহাসনৰ নিৰ্মাণ
104 নং শাৰী:
 
;নামঘৰৰ পুনৰ্নিমাণঃ
[[File:আঠখেলীয়া নামঘৰনামঘৰ। । গোলাঘাট ।গোলাঘাট।.jpg|thumb|300px|নৱনিৰ্মিত নামঘৰটো]]
২০১০ চনৰ ৮ নৱেম্বৰ তাৰিখে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আহ্বান ক্ৰমে এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সেই সভাত সৰ্ব সন্মতি ক্ৰমে নামঘৰ ভাগি উন্নত কৰি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বৰ নামঘৰৰ আগতকৈও পৰিসৰ বৃদ্ধি কৰি ১৬৬ ফুট দীৰ্ঘ আৰু ৯৯ ফুট প্ৰস্থৰ সৈতে পূৰ্বৰ নামঘৰৰ ভেটিতকৈ ৪ ফুট ওখ কৰি প্ৰয়োজনীয় উচ্চতাৰে মূল ঘৰৰ কাষৰ ওপৰৰ অংশ পকী কৰণ কৰোৱা হয়। এই আঁচনিৰ মতে পূৰ্বৰ বেদীৰ স্থানকে মুখ্য কৰি পৌৰাণিক কীৰ্ত্তিত্বৰ বৈশিষ্ট্যসমূহৰ লেশ মানো সাল-সলনি নকৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। অষ্টাদশ পৰিচালনা সমিতিৰ বিশেষ তৎপৰতাত আঠ খেলৰ ৰাইজ} পূৰ্ণসহযোগিতাৰে ২০১১ চনৰ ১৯ জানুৱাৰী বুধবাৰে পূৰ্ণিমা তিথিৰ দিনা নাম কীৰ্তন কৰি মহাসিংহাসনভাগি নাটঘৰ (মঞ্চ) লৈ স্থানান্তৰি কৰাই পাছৰ দিনৰ পৰাই পুৰণি নামঘৰ ভাগি ভঙ্গ কৰোৱা হৈছিল। সেই বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা আঠখেলৰ ৰাইজক নিমন্ত্ৰণ জনাই শুভাৰম্ভৰ দিন ধাৰ্য কৰা হৈছিল। ভৱন নিৰ্মাণৰ শুভাৰম্ভৰ দিনা প্ৰাতঃকালীন নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ অন্তঃত বেদ পাঠ কৰোৱা হৈছিল।<ref name=" নিৰ্মাণ" />
২০১৩ চনৰ ২০ জানুৱাৰী তাৰিখে আঠখেলৰ ৰাইজ, অসম চৰকাৰ, সেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰেবৰঙনিৰে শ্ৰী শ্ৰী আঠখেলীয়াৰ নামঘৰৰ পুনৰ নিৰ্মিত গৃহ ভাগৰ উদ্বোধন গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱে কৰে। এই উদ্বোধনী সভাত গোলাঘাট বিধান সভাৰ সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, [[কলিয়াবৰ লোকসভা সমষ্টি]] সাংসদ দীপ গগৈ আৰু বহু কেইগৰাকী বিধায়ক-বিধায়িকা আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত আছিল।
;উন্নয়নমূলক কাম-কাজ
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ উন্নয়নমূলক কাম সমূহৰ ভিতৰত প্ৰধানকৈ দূৰ-দূৰণিৰ পৰা অহা ভক্ত সকলৰ বাবে অতুথিশালা, নামঘৰৰ কাৰ্যালয়, যাত্ৰী সকলৰ জিৰণি কোঠা, নামাচাৰ্য আৰু নামঘৰীয়া সকলৰ আআস গৃহ, নামঘৰৰ চৌহদত পকীবেৰা, সভাঘৰ নিৰ্মাণ, মঞ্চগৃহ নিৰ্মাণ, নামঘৰৰ পুখুৰীৰ পকীকৰণ, পানী যোগানৰ সু-ব্যৱস্থা, সিহদ্বাৰ, বাটচ’ৰা আদি উন্নয়নমূলক কাম-কাজ সমূহ সমাপ্ত হৈছে। দূৰ দূৰণিৰ পৰা নামঘৰলৈ অহা যাত্ৰী সকলৰ সুবিধাৰ বাবে বালিজান চাৰিআলি, কছাৰীহাট তিনিআলি, কমাৰ বন্ধা তিনিআলি আৰু আঠখেলীয়া-বৰহোলা চাৰিআলিত এখনকৈ স্থায়ী তোৰণৰ ব্যৱস্থা কৰা হৈছে।<ref name=" উন্নয়ন ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৪১ পৃ্ষ্ঠা }}</ref>
 
==সামাজিক ৰীতি-নীতি==
119 নং শাৰী:
 
;মাংগলিক কৰ্ম
নামঘৰত অনুষ্ঠিত নাট্য অনুস্থানঅনুষ্ঠান সমূহত বৰ বায়নে দায়িত্ব বহন কৰে। তেখেতক সাধাৰণ সভাই দায়িত্ব অৰ্পণ কৰে। ইয়াৰ উপৰইও ধৰ্মীয় কাৰ্যৰ বাবে নামাচাৰ্য্য, পাঠক, দেউৰি আদি লোক সকলে নামঘৰৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰে। প্ৰতিজন বিষয় ববীয়াই গুৰুৰ ওচৰত শৰণ-ভজন লৈহে নীতিগত ভাৱে কৰ্ম কৰিব পাৰিব। তাৰ উপৰি পিতৃ-মাতৃৰ শ্ৰাদ্ধাদি নকৰা কোনো ব্যক্তিয়েই নামঘৰৰ যিকোনো ধৰ্মীয় কাৰ্যৰ অংশীদাৰ হ’ব নোৱাৰে।<ref name="ৰীতি-নীতি" />
 
==দৈনন্দিন কৰ্ম==
বৃদ্ধ সকলৰ মতে পূৰ্বতেও সেৱকীসকলে নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে চাকি-বন্তি, নৈবদ্য আদি দ্ৰব্য আনি নীতি-নিয়মৰ যোগেদি ভগৱন্তক অৰ্পণ কৰিছিল। আনহাতে, মহাপুৰুষীয় আৰ্হি প্ৰণালীৰে নামঘৰৰ দৈনন্দিন কৰ্ম কুৰি শতিকাৰ মাজভাগৰ পৰাহে আৰম্ভ হৈছে। ১৯৫৬ চনত নামঘৰ পৰিচালনা সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা মতে দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ দৈনন্দিন কৰ্ম হিচাপে আজিও প্ৰচলিত হৈ আছে।<ref name=" দৈনন্দিন কৰ্ম ">{{cite journal | title= দৈনন্দিন কৰ্ম | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৫০ৰপৰা ৫১ পৃ্ষ্ঠা }}</ref>
 
অম্বুবাচীৰ চাৰিদিন বাদ দি প্ৰত্যেক দিনাই এই নামঘৰ ভাগিলৈ বিভিন্ন ঠাইৰ সেৱক সকল আহি ধূপ-চাকি, শৰাইৰ দ্ৰব্য-বস্তু, সোণ-ৰূপৰ ফুল, ফুলৰ গামোছা আদি বিভিন্ন সামগ্ৰী সভক্তিৰে তামোল-পাণ সমন্বিতে আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণ কৰেহি। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ভক্তই উচ্চ-নীচ, ধনী-দুখীয়া আদি বৈষম্যৰ ভাৱ পাহৰি অগণন চাকি বন্তি জ্বলাই শৰাইৰ দ্ৰব্য আবঢ়ায়। দান-বৰঙনি দি নাম-প্ৰসঙ্গ, পাঠ আদিত অংশ গ্ৰহনগ্ৰহণ কৰেহি। এনেদৰেই নামঘৰত প্ৰতিদিনে চাৰিওপ্ৰসঙ্গ , পাঠ, নাম, সেৱা-শুশ্ৰূষাৰ আদি দৈনন্দিনকৰ্ম গতানুগতিক ভাৱে প্ৰচলিত হৈ আছে।<ref name=" দৈনন্দিন কৰ্ম" />
 
==বাৰ্ষিক কৰ্ম==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অতি প্ৰাচীন কালৰে পৰাই বিশেষ কেইভাগিমান বাৰ্ষিক কৰ্ম উদ্‌যাপন কৰি অহা হৈছে। এই বাৰ্ষিক কৰ্মসমূহৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব বৰবাৰিকৰ ওপৰতে থাকে। নিৰ্দিষ্ট সময়ত বাৰ্ষিক কৰ্‌ম আহিলেই বৰ বাৰিকে প্ৰতি খেলৰ বাৰিকসকলক আগজাননী দিয়ে। বৰ বাৰিকৰ পৰা জাননী পালেই প্ৰতি খেলৰ বাৰিক সকলে পচকীয়া ৰাইজৰ ঘৰে ঘৰে গৈ চান্দা-বৰঙণিবৰঙনি সংগ্ৰহ কৰি দ্ৰব্য সামগ্ৰীৰে নিৰ্দিষ্ট কৰ্মৰ দিনা আগতীয়াকৈ যোগান ধৰি যাৱতীয় কাৰ্য পালন কৰে। কিন্তু বৰ বাৰিকে কৰ্ম সম্পাদনৰ কাৰণে পূজাৰী, গুৰু, ভকত বৈষ্ণৱ আদি সকলোকে যথাসময়ত নিমন্ত্ৰণ দিয়াৰ পৰা আৰম্ভ কৰি কৰ্ম সমাপ্তিলৈকে গুৰ-ভকতক সেৱা শুশ্ৰূষা, দান-দক্ষিণা দি বিদায় সম্ভাষণ পৰ্যন্ত সকলো কামৰ দায়িত্ব পালন কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উদ্‌যাপিত কৰা বাৰ্ষিক কৰ্ম সমূহ হ’ল: বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ।<ref name="কাৰ্য্যসূচী">{{cite web | url=http://athkhelianamghar.org/programs.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কাৰ্য্যসূচী | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ইয়াৰ উপৰিও কুৰি শতিকাৰ শেষাৰ্দ্ধৰ পৰা ৰাস মহোৎসৱ, বৰষা ভাওনা আদিও পালন কৰিবলৈ লোৱা হৈছে।<ref name="বাৰ্ষিক কৰ্ম">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাৰ্ষিক কৰ্ম | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৫৩ৰপৰা ৬০ পৃ্ষ্ঠা }}</ref>
 
===বৰসৱাহ===
133 নং শাৰী:
 
===পানীতোলা সৱাহ===
প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত উদ্‌যাপন কৰা হৈছিল। পাছলৈ অনুমানিকঅনুমাণিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশীষ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়।<ref name="বাৰ্ষিক কৰ্ম" />
 
===নামলোৱা সৱাহ===
প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত উদ্‌যাপন কৰা হৈছিল। পাছলৈ অনুমানিকঅনুমাণিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশীষ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়।<ref name="বাৰ্ষিক কৰ্ম" />
 
===ন-চাউলৰ সৱাহ===
আঘোণ মাহৰ শুক্লপক্ষৰ এটি শুভদিন ধাৰ্য কৰি আঠখেলৰ বৰবাৰিকে কুৰিয়া খেলৰ বাৰিকসকলক ন-চাউলৰ সৱাহৰ আগজাননী দিয়ে। খেতিয়ক ৰাইজৰ ন-মুঠি ভগৱন্তত অৰ্পণ কৰিবৰ কাৰণে কুৰিয়া বাৰিকেই আগবাঢ়ি আহে আৰু নিৰ্দ্ধাৰিত বৰঙণিবৰঙনি আৰু দ্ৰব্য-সামগ্ৰী সংগ্ৰহ কৰি নামঘৰলৈ অনা হয়। পূজাৰীয়ে নৱ-উপাৰ্জিত শস্য সামগ্ৰী যথানিয়মেৰে ৮ ভাগ শৰাই মহা বিষ্ণু পূজাত অৰ্পণ কৰি পূজা কৰ্ম সম্পাদন কৰে। ইয়াৰ পিছত ভকত বৈষ্ণৱসকলে কীৰ্তন পাঠ কৰে আৰু কীৰ্তনীয়া নাম গায়। আজিকালি পূজাৰীয়ে মহা বিষ্ণু পূজা পূৰ্ণাঙ্গ কৰাৰ পাছত গুৰু মুখে প্ৰসঙ্গীয়া নাম অৰ্চ্চন কৰিহে কীৰ্তন পাঠ কৰিবলৈ লোৱা হৈছে। এনেকৈয়ে ৰাইজৰ ন-মুঠি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰভু ভগৱন্তই সোধাই, গুৰু-ভকততৰ সেৱা ধৰি ন-চাউলৰ সৱাহৰ পৰিসমাপ্তি কৰে। এই ভাগি কৰ্মও বৰবাৰিকৰ দ্বাৰাই সম্পাদন হয়।<ref name="বাৰ্ষিক কৰ্ম" />
 
===ৰাস মহোৎসৱ===
145 নং শাৰী:
 
===বৰষা ভাওনা===
শ্ৰী শ্ৰী আঠখেলীয় নামঘৰত আকাঙ্খিত ভক্ত সকলে নিজা নিজা অভীষ্ট সিদ্ধিৰ কাৰণে বহু অতীতৰ পৰাই ব্যক্তিগত ভাৱেই ভাওনা প্ৰদৰ্শন কৰাই আহিছে। আনহাতে, আঠখেলীয়াৰ ৰাইজে বৰষা ভাওনা হিচাপে বছৰি এভাগিকৈ নাট্যাভিনয় কৰিবলৈ লৈছে ১৯৮০ চনৰ পৰাহে। সেই বছৰত বৰষুণৰ অভাৱত খেতিয়ক ৰাইজ চিন্তাত ব্যকুল হৈ পৰিছিল। বৰষুণৰ আশা লেশমানো নাছিল। ব’হাগ মাহৰ পৰা আৰম্ভ কৰি শাওণ মাহৰ মাজভাগলৈকে খৰাং বতৰৰ কাৰণে দশোদিশ মৰুভূমিত পৰিণত হৈ পৰিছিল। সকলো অঞ্চলতেই কৃষক ৰাইজেই বছৰ দিনৰ এমুঠি দিনৰ আশঅ-আকাঙ্খাৰেআকাংক্ষাৰে মহাপ্ৰভুৰ কৃপা ভিক্ষা বিচাৰিলে। এজন ভক্তৰ যোগেদি প্ৰভুৱে আজ্ঞা কৰালে এভাগি ভাওনা প্ৰদৰ্শনৰ কাৰণে। ৰাইজে অকুণ্ঠ মনোভাৱেৰে সেই বছৰৰ ভাদ মাহৰ ৮ তাৰিখে দিন ধাৰ্য কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ কৰ্মভাগি সুসম্পন্ন কৰিছিল। ভাওনা শেষ হোৱাৰ পাছতেই তিনিদিন ধৰি ধাৰাসাৰে বৰষিবলৈ ধৰাত ৰাইজে খেতিৰ কামত আগবাঢ়ি শেহতীয়াকৈ হ’লেও বছৰটোৰ বাবে অন্ন সংগ্ৰহ কৰিবলৈ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰাই ৰাইজে সেই পৱিত্ৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে প্ৰতি বছৰৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত বৰষা ভাওনা নাম দি এভাগি নাটক অভিনয় কৰাই আহিছে। এই ভাওনা সংস্কৃতিৰ দিবা ভাগৰ নাম প্ৰসঙ্গৰ পৰিচালনা আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই সম্পন্ন কৰা হয়। কিন্তু ৰাতি ভাওনাৰ দায়িত্ব সম্পূৰ্ণ আঠখেৰ বৰ বায়নৰ সহযোগত যুৱক সমাজৰ দ্বাৰাই সম্পাদন কৰা হয়।<ref name="বৰষা">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰষা ভাওনা | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৬৪ পৃ্ষ্ঠা }}</ref>
 
==চিত্ৰ ভঁৰাল==
{{wide image|A VIEW OF POND INDSIDE THE ATHKHELIYA NAMGHAR.jpg|600px|আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গণ}}
 
==তথ্য সংগ্ৰহ==