হেনৰী ষ্টাডমেন কটন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 নং শাৰী:
১৮৯৬ চনত তেওঁ অসম প্ৰদেশৰ চীফ কমিছনাৰ পদত অধিষ্ঠিত হয়। তেওঁৰ কাৰ্যকালত ব্ৰিটিছ ভাইছৰয় লৰ্ড কাৰ্জন অসমলৈ আহি কটনৰ ভূয়সী প্ৰশংসা কৰে। উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান [[কটন কলেজ]] তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০১ চনত স্থাপন কৰিছিল। ১৯০২ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ ১৯০২ চনত নাইট কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ অফ ইণ্ডিয়া উপাধি লাভ কৰে। ১৯০২ চনৰ ২৬ জুন তাৰিখে এই তালিকা প্ৰকাশিত হৈছিল আৰু ইংলেণ্ডৰ ৰজা এডৱাৰ্ড সপ্তমে ১৯০২ চনৰ ২৪ অক্টোবৰত বাকিংহাম পেলেচত তেওঁক এই উপাধি প্ৰদান কৰিছিল
 
ইংলেণ্ডত ঘূৰি যোৱাৰ পিছত তেওঁ তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে। তেওঁ ১৯১০ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটিছ সংসদলৈ নটিংগাম পূব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯১০ চনত তেওঁ দ্বিতীয় বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও স্বাস্থ্য ভাঙি পৰাত অতি কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হয়।
 
১৯১৫ চনৰ ২২ অক্টোবৰ তাৰিখে লণ্ডনৰ চেইণ্ট জৰ্জ উডত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।