টোকোৰা চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
.
3 নং শাৰী:
 
==বাসস্থান==
 
টোকোৰা চৰাইৰ বাহ ওলোটাই থোৱা কলহৰ নিচিনা দেখিবলৈ। বাহ বানোৱাৰ বাবে টোকোৰা চৰাই খুব পৰিশ্রম কৰে। ঠোঁটেৰে ঘাঁহ বনৰ আস্তৰণ গুচাই খুব যত্নৰে পেটেৰে ঘঁহি (পালিচ কৰি) গোল অবয়ব মসৃণ কৰে। আৰম্ভণিত দুটি নিম্নমুখী ফুটা থাকে। পিছত এটা ফালে বন্ধ কৰি দিয়ে কণী ৰখাৰ স্থানৰ বাবে। আনফালেদি দীঘল এটা প্রবেশ আৰু প্রস্থান পথ সাজে। কথিত আছে নিশা বাহত আলোৰ বাবে টোকোৰা চৰাই জোনাকী পৰুৱা ধৰি আনি বাহত গুজি ৰাখে।
বাংলাদেশত বাংলা ও দাগি টোকোৰা চৰাইৰ প্রজাতি বিলুপ্তিৰ পথত, অৱশ্যে দেশী টোকোৰা চৰাই এতিয়াও দেশৰ প্ৰায় সকলো গাঁৱত তাল, তামোল, নাৰিকল, খেজুৰ, ৰেইনট্রি গাছত দল বান্ধি বাহ বনায়। ইহঁত সাধাৰণত মানুহৰ ওচৰাউচৰি বসবাস কৰে। বহু অসচেতন মানুহ ইহঁতৰ বাহ ভাঙি পেলায় আৰু এই কাৰণতেই ইহঁতৰ সংখ্যা ৰহস্যজনকভাৱে কমি গৈছে।<ref>{{cite web | url=http://archive.prothom-alo.com/detail/date/2010-07-22/news/9290 | title=পদ্মাৰ চৰে বিৰল ‘বাংলা বাবুই’ পাখিৰ বাসা | publisher=প্ৰথম আলো | date=02-10-2009 | accessdate=16 May 2020 | author=মাহমুদ, সৌৰভ | pages=৭}}</ref>
 
==টোকোৰা চৰাইৰ বাহ নিৰ্মাণ==
 
 
বাহ সজাত মতা-মাইকী চৰাইহাল মিস্ত্ৰি-যোগালিৰ দৰে। মতাটোৱে পাতৰ চোঁচ, ঘাঁহ-বন আনি বাহটোতে গোজ মাৰি থৈ যায় আৰু মাইকীজনীয়ে এডাল-এডালকৈ নি বাহটো গুঠে। টোকোৰা চৰায়ে একে ঠাইতে বা একেডাল গছতে ওচৰা-উচৰিকৈ বাহ সাজে। বাহটোৱে প্ৰতি একোজনী মাইকী টোকোৰা চৰাই। দুই-এটা মতা টোকোৰা বাহ বনোৱাত ইমানেই পাকৈত যে সিহঁতে দুই-তিনিটা বাহ কম সময়তে তৈয়াৰ কৰি ল'ব পাৰে। এনে কৰ্মী মতা টোকোৰাৰ দুই-তিনিজনী পৰ্যন্ত ঘৈণীয়েক থাকিব পাৰে। এপ্ৰিলৰ পৰা নৱেম্বৰ পৰ্যন্ত টোকোৰাই কণী পাৰে। অৱশ্যে বাৰিষাৰ সময়ছোৱাতে সিহঁতে বেছিকৈ কণী পাৰে। কণীৰ সংখ্যা দুটাৰ পৰা চাৰিটা। কণীৰ আকৃতি দীঘলীয়া, এফালে সামান্য সৰু। টোকোৰা চৰাইৰ কণীৰ ৰং বগা।<ref>{{cite book | title=চৰাই চিনো আহক | publisher=অসম প্ৰকাশন পৰিষদ | author=চলিহা, ডিম্বেশ্বৰ | authorlink=টোকোৰা চৰাই | location=যোৰহাট}}</ref>