কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
192 নং শাৰী:
"স্বভাৱসূত্ৰেই মাৰ্ক্স এজন বনৰীয়া তথা অশান্ত মনৰ মানুহ। কিন্তু এজন পিতৃ তথা স্বামী হিচাপে, তেওঁৰ দৰে মৰমীয়াল তথা নিৰ্জু ব্যক্তি হয়তো খুউব কমেই আছে।...মাৰ্ক্সৰ ঘৰখনত প্ৰবেশ কৰোতেই ডাঠ ধোৱাঁৰ প্ৰলেপ এটাৰ সৈতে আপুনি মুখামুখি হব। আপোনাৰ চকু-কাণ-নাক সকলোতে ধোৱা সোমাই আপোনাক ক্ষন্তেকৰ বাবে কাঢ়িল কৰি পেলাব। অৱশ্যে কিছু সময় অপেক্ষা কৰাৰ পাছত লাহে লাহে আপুনি ঘৰৰ ভিতৰখন নিৰীক্ষণ কৰিবলৈ সক্ষম হব। আপুনি দেখিব - এটা ভীষণ লেতেৰা কোঠাত আপুনি প্ৰবেশ কৰিছে। সকলোতে মাথো ধূলি আৰু ধূলি; বহিবলৈ এটুকুৰা ঠাই বিচাৰি আপুনি হায়ৰান হব। এফালে দেখিব – এখন ভগা চকী পৰি আছে; পিছে সেইখনত আপুনি বহিব নোৱাৰে। ইফালে কোঠাটোৰ একমাত্ৰ ভাল চকীখনত লৰা ছোৱালীকেইটাই ভাত ৰন্ধা খেল খেলাত ব্যস্ত। আলহী আহিলে এইখন চকীকে সদায় আগবঢ়াই দিয়া হয়; পিছে আপুনি সেইখনতো বহিব নোৱাৰে কিয়নো চকী খনত এতিয়াও ৰন্ধা-বঢ়াৰ উচ্ছিষ্ট লাগি আছে। তথাপিও যদি আপুনি বহিব বিচাৰে, আপোনাৰ কাপোৰ কানি লেতেৰা হোৱাটো নিশ্চিত। পিছে এনে সৰু সুৰা কথাবোৰে মাৰ্ক্স তথা তেওঁৰ পত্নীক তলাব নোৱাৰে। অতিশয় অমায়িক ভাৱেই তেওঁলোকে আপোনাৰ শুশ্ৰুষা কৰিব; আপোনাক পাইপ ইত্যাদি যঁচা হব। লাহে লাহে কথা বতৰা পাতি আপুনি অনুভৱ কৰিব – অস্বস্তিৰ ভাৱটো যেন বহুখিনি আতঁৰি গৈছে। আপুনি হয়তো অলপ অচৰপ আৰামো অনুভৱ কৰিব। শেহত আপোনাৰ অনুভৱ হব- সমস্ত ক্ৰুটি-নাটি স্বত্তেও মাৰ্ক্সৰ ঘৰখন যথেষ্ঠ আকৰ্ষণীয়; তেওঁলোকৰ কথা বাৰ্তাসমূহ মৌলিক তথা কৌতুহলদ্বীপক।"
 
==ডাছ কেপিটেল আৰু প্ৰথম ইন্টাৰনেছনেলইণ্টাৰনেছনেল==
মাৰ্ক্সে পূৰ্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অৰ্থনীতিয়ে সংকটৰ এটা নতুন পৰ্যায়ত প্ৰবেশ কৰিলে। সমগ্ৰ ইউৰোপৰ ষ্টক এক্সচেঞ্জসমূহত হাহাকাৰ লাগি গল। এংগেলছে মাৰ্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক ফূৰ্তি দেখি [ষ্টক এক্সচেঞ্জৰ] বেটাহঁতে বৰ ভয় খাইছে!’ সংকটৰ আগমনে মাৰ্ক্স-এংগেলছৰ মনত পুণৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনৰ্গমন ঘটিব। এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলোকৈছিলোঁ, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অৰ্থত ই আহিছিলেও। পিছে এইবাৰ ই সৰ্বগ্ৰাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হবহ’ব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়নসমূহ অৱশেষত বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰাৰ সুযোগ পোৱা যাব।’ (মাৰ্ক্সলৈ এংগেলছৰ পত্ৰঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)।
 
পিছে জেনেৰেল চাহাবৰ সপোন ফলৱতী নহল।নহ’ল। অৰ্থনৈতিক সংকট স্বত্তেও ৰাজনৈতিক সংকটৰ কোনো উমঘাম দেখা পোৱা নগল।নগ’ল। তথাপিও সংকটৰ আৱিৰ্ভাৱে অৰ্থনৈতিক অধ্যয়নৰ প্ৰতি মাৰ্ক্সক পুণৰ উৎসাহিত কৰি তুলিলে। ১৮৫৭ চনৰ ডিচেম্বৰত এংগেলছলৈ মাৰ্ক্সে লিখিলে, ‘দিন ৰাতি একাকাৰ কৰি মই মোৰ অৰ্থনৈতিক অধ্যয়নৰ এটা সংশ্লেষণ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ; যাতে সংকট আহি পোৱালৈকে তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব পৰা যায়’। ১৮৫৭ চনৰ আগষ্ট মাহৰ পৰা ১৮৫৮ চনৰ মাৰ্চলৈকে – প্ৰায় আঠ মাহ সময় অনৰ্গল ধপাত আৰু নেমুপানী সেৱন কৰি মাৰ্ক্সে ডাছ কেপিটেলৰ এটা মোটা খচৰা লিখি উলিয়ালে। (পাছলৈ এই খচৰা খন Grundrisse নামেৰে জনাজাত হল।হ’ল। ডাছ কেপিটেলখন অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে আজিও পণ্ডিত সকলে প্ৰায়েই Grundrisseৰ মাজতে মাৰ্ক্সৰ সম্ভাৱনীয় বিশ্লেষণৰ সন্ধান কৰে।) পাণ্ডুলিপি খনৰ বাবে লাছালে এজন প্ৰকাশক যোগাৰ কৰি দিলে। পিছে মাৰ্ক্সে অনুভৱ কৰিলে – ছপা কৰিব পৰাকৈ পাণ্ডুলিপিখন যেন সংহত হোৱা নাই। বিষয় বস্তুৰ উপস্থাপনা ৰীতি যেন অতিশয় বিশৃংখলিত হৈয়েই আছে। ফলতঃ মাৰ্ক্সৰ আন আন গ্ৰন্থৰ দৰেই এইখনৰো প্ৰকাশন পাছলৈ গাপ দি থোৱা হল।হ’ল। মাত্ৰ টকা সম্পৰ্কীয় অধ্যায়টো পুনঃসম্পাদনা কৰি ১৮৫৯ চনত A Contribution to the Critique of Political Economy নামেৰে এখন নাতিদীৰ্ঘ গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰা হল।হ’ল। সৰু হলেওহ’লেও এইখনি গ্ৰন্থৰ পাতনিতে মাৰ্ক্সৰ বৌদ্ধিক বিকাশ তথা ঐতিহাসিক বস্তুবাদ সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ সূত্ৰ তথা বিবৰণ পঢ়িবলৈ পোৱা যায়।
 
ইয়াৰ পাছৰ আঠটা বছৰ মাৰ্ক্সৰ বাবে অতিশয় ব্যস্ততাৰ সময়। ইটোৰ পাছত সিটোকৈ বিভিন্ন সাংসাৰিক দুৰ্যোগ, ৰাজনৈতিক কাম-কাজ আৰু দৈনন্দিন লেখামেলা – সিবিলাকৰ মাজতে সময় উলিয়াই মাৰ্ক্সে ডাছ কেপিটেলৰ পূৰঠ ৰূপ দিয়া কাম আৰম্ভ কৰিলে। মন কৰিবলগীয়া যে প্ৰথমতে মাৰ্ক্সে ছটা খণ্ডত তেওঁৰ অৰ্থনৈতিক অধ্যয়নসমূহ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পিত ছটা খণ্ড আছিল: (১) পুঁজি (২) ভূ-সম্পত্তি (৩)মজুৰী-শ্ৰম (৪) ৰাষ্ট্ৰ (৫) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু (৬) বিশ্ব বজাৰ। পিছে লিখি থকাৰ মাজতে তেওঁ পৰিকল্পনা সলনি কৰিলে। ১৮৬১ চনৰ আগষ্টৰ পৰা ১৮৬৩ চনৰ জুলাই মাহলৈকে পৰিশ্ৰম কৰি মাৰ্ক্সে লিখি উলিয়ালে এহেজাৰতকৈও অধিক পৃষ্ঠা জোৰা এখন প্ৰকাণ্ড পাণ্ডুলিপি। (তেইছখন টোকাবহীত সন্নিবিষ্ট এই পাণ্ডুলিপিখন মাৰ্ক্সৰ মৃত্যুৰ পাছত The 1861/63 Manuscript নামেৰে প্ৰকাশিত কৰা হল।হ’ল। মন কৰিবলগীয়া যে পাণ্ডুলিপিখনৰ সম্পূৰ্ণ ইংৰাজী অনুবাদ আজিও কৰা হোৱা নাই।) Grundrisse লিখাৰ সময়তেই মাৰ্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল; 1861/63 Manuscript লিখি থাকোঁতে মাৰ্ক্সে আৱিষ্কাৰ কৰিলে তেওঁৰ লাভাংশ তত্ত্বৰ। ছটা খণ্ডৰ অৰ্থনৈতিক অধ্যয়নৰ আঁচনি ত্যাগ কৰি মাৰ্ক্সে এইবাৰ তেওঁৰ সৃষ্টিৰাজীক কেপিটেল বা পুঁজি নামেৰে নামাংকৰিত কৰিবলৈ ঠিক কৰিলে। নতুন আঁচনি মতে ইয়াক চাৰিটা খণ্ডত বিভক্ত কৰাৰ পৰিকল্পনা কৰা কৰা হলঃহ’লঃ উৎপাদন বিষয়ক এটা খণ্ড, প্ৰবহন (circulation) বিষয়ক এটা খণ্ড, সামগ্ৰিক ব্যৱস্থা বিষয়ক এটা খণ্ড আৰু উদৃত্ত মূল্য তত্ত্ব বিষয়ক এটা খণ্ড।
১৮৬৩-৬৪ চনৰ আশে পাশে মাৰ্ক্সে মাকৰ ফালৰ পৰা কিছু ধন সম্পত্তি লাভ কৰিলে। পুৰণা বন্ধু ৱিলহেম ওলফৰ পৰাও কিছু ধন-বিত আহিল (ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড এই ৱিলহেম ওলফৰ নামতেই উৎসৰ্গা কৰা হল)। অভাৱগ্ৰস্ত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিলে। গ্ৰেফটন টেৰেছৰ পুৰণা সৰু ঘৰটো এৰি পৰিয়ালটোৱে মেইটলেণ্ড পাৰ্কৰ ওচৰত এটা মোটামুটি ভাল ঘৰ ললে।ল’লে। পিছে অতি সোনকালেই এইখিনি ধনো শেষ হৈ আহিল আৰু পৰিয়ালটোৱে পুনৰ এংগেলছৰ ওচৰত হাত পাতিব লগা হল।হ’ল। ১৮৬৩ চনৰ পৰাই মাৰ্ক্সৰ স্বাস্থ্যৰো বৰকৈ অৱনতি ঘটিল। শৰীৰৰ যতেয’তে ততেত’তে এসোপা ভীমকায় বিহফোঁহা, লগতে বিষ আৰু জ্বৰে দাৰ্শনিক গৰাকীক কাঢ়িল কৰি পেলালে। বিষৰ কোপৰ পৰা ৰক্ষা পাবলৈ মাজে-সময়ে আফিম আদিও সেৱন কৰিব লগা হল।হ’ল। ফোঁহাবোৰ পকিলে মাৰ্ক্সে নিজেই সেইবোৰ ফুটাই বিষাক্ত তেজ আৰু পুঁজবোৰ উলিয়াই দিয়ে। এনে নৰক সদৃশ যান্ত্ৰনাৰ মাজতে ১৮৬৪ চনৰ পৰা ১৮৬৫ চনলৈকে অমানুষিক পৰিশ্ৰম কৰি মাৰ্ক্সে ডাছ কেপিটেলৰ তিনিটাকৈ খণ্ডৰ পাণ্ডুলিপি প্ৰস্তুত কৰিলে। (চতুৰ্থ তথা অন্তিম খণ্ডৰ পাণ্ডুলিপিটো অৱশ্যে মাৰ্ক্সৰ মৃত্যু পৰ্যন্ত অসম্পূৰ্ণ হৈয়েই ৰ’ল; মৃত্যুৰ পাছত 1861/63 Manuscriptsৰ প্ৰাসংগিক অংশখিনি Theories of Surplus Value নামেৰে প্ৰকাশিত কৰা হল।হ’ল।)
 
১৮৬৫ চনত হেমবাৰ্গ চহৰৰ এটি প্ৰকাশন গোষ্ঠী Meissner & Behreৰ সৈতে মাৰ্ক্স এখন চুক্তিপত্ৰত আৱদ্ধ হল।হ’ল। ১৮৬৬ চনৰ বেছিভাগ সময়েই মাৰ্ক্সে ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড প্ৰকাশনৰ বাবে ঘঁহি-পিঁহি তৈয়াৰ কৰাত অতিবাহিত কৰিলে। অৱশেষত এংগেলছৰ পৰা খবৰ আহিল – পাণ্ডুলিপিৰ প্ৰথম কেইটা নমুনা ছপাখানাৰ বাবে পঠোৱা হৈছে। ১৮৬৭ চনৰ আগষ্টৰ মাজভাগত মাৰ্ক্সে এংগেলছলৈ লিখি পঠালে –পাণ্ডুলিপিৰ প্ৰুফ চোৱা কাম সমাপ্ত হৈছেঃ
 
কেৱল তোমাৰ বাবেই এই সমস্ত কামখিনি আজি সম্ভৱ হৈছে। তোমাৰ অসীম ত্যাগ-স্বীকাৰ অবিহনে এই বিৰাট কামফেৰা মই কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিলোহেতেন।নোৱাৰিলোঁহেঁতেন। মোৰ আলিংগন স্বীকাৰ কৰিবা, চেনেহৰ বন্ধু; তোমালৈ অশেষ অশেষ ধন্যবাদ। ১৫ পাউণ্ড অতি সানন্দেৰে গ্ৰহণ কৰা হল। অভিনন্দন; মোৰ বুকুৰ কুটুম আপোন বান্ধৈ!
 
কেইসপ্তাহমানৰ পাছত অৱশেষত ছপা ৰূপত কিতাপখন ওলাল। প্ৰথম সংস্কৰণত এহেজাৰ কপি ছপা কৰা হল।হ’ল। পিছে এইখিনি সময়তে পুণৰ ৰাজনৈতিক ব্যস্ততাই মাৰ্ক্সক অৰ্থনৈতিক-অধ্যয়নৰ ক্ষেত্ৰখনৰ পৰা আঁতৰাই আনিলে। এই ৰাজনৈতিক ব্যস্ততাৰ কাৰণ আছিল – প্ৰথম আন্তৰ্জাতিক বা ইণ্টাৰনেছনেলৰ গঠন।
 
১৮৫৭-৫৮ৰ সময়ছোৱাত মাৰ্ক্সে আশা কৰাৰ দৰে বিপ্লৱী জোৱাৰৰ পুনৰুত্থান নঘটিল যদিও ১৮৬০ৰ দশকৰ আৰম্ভণিৰ ফাললৈ সমগ্ৰ ইউৰোপতে শ্ৰমিক আন্দোলনে পুণৰ বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰিলে। তীব্ৰ বেগেৰে ব্ৰিটেইন আৰু ফ্ৰাঞ্চত ট্ৰেড ইউনিয়ন আন্দোলন গঢ় লৈ উঠিল। লাছালৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে জাৰ্মানীত শ্ৰমিক জনগণৰ বৃহৎ গণ সংগঠন Allgemeiner Deutscher Arbeiterverein(ADAV) বা ‘জাৰ্মান শ্ৰমিকৰ সাধাৰণ ইউনিয়ন’ৰ গঠন কৰা হল।হ’ল। প্ৰসাৰ বৃদ্ধিৰ লগে লগেই শ্ৰমিক আন্দোলনে আন্তৰ্জাতিক একতা সম্পৰ্কেও ভবা-চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আমেৰিকান গৃহযুদ্ধৰ প্ৰসংগত এই ক্ৰমবৰ্ধিত আন্তৰ্জাতিক চেতনাৰ এটি সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গল।গ’ল। যদিও যুদ্ধৰ ফলত ইংলেণ্ডৰ কপাহী বস্ত্ৰ উদ্যোগে অতিশয় লোকচান ভৰিব লগা হৈছিল, তথাপিও লেনকেছাইৰ সমগ্ৰ বস্ত্ৰ শ্ৰমিকে উত্তৰ আমেৰিকাক নিঃসংকোচে সমৰ্থন প্ৰদান কৰিলে। ৰুছ শাসনৰ বিৰুদ্ধে ১৮৬৩ চনৰ প’লিছ (Polish) বিদ্ৰোহৰ প্ৰতিও সমগ্ৰ ইউৰোপৰ গণতন্ত্ৰবাদী তথা সমাজবাদী সকলে উষ্ণ সমৰ্থন আগবঢ়ালে।
 
এনে এক পৰিবেশতে The International Working Men’s Association বা চমুকৈ ‘প্ৰথম ইন্টাৰনেছনেল’ইণ্টাৰনেছনেল’ (The First International) গঠন কৰা হল।হ’ল। ১৮৬৩ চনৰ জুলাই মাহত ইংলিছ ট্ৰেড ইউনিয়নসমূহে প’লিছ বিদ্ৰোহৰ সমৰ্থনত কেতবোৰ ঐক্যবদ্ধ প্ৰতিবাদী সভা আয়োজন কৰিছিল। আন আন শ্ৰমিক সংগঠনসমূহকো এই সভাসমূহলৈ নিমন্ত্ৰণ কৰা হৈছিল। এই গইনাতে ১৮৬৪ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে লণ্ডনৰ চেণ্ট মাৰ্টিন প্ৰেক্ষাগৃহত এখন বিশাল সভা অনুষ্ঠিত কৰা হয়। এই সভাখনিতে ‘প্ৰথম ইন্টাৰনেছনেল’ইণ্টাৰনেছনেল’ গঠনৰ ঘোষণা কৰা হল।হ’ল। ইংলিছ ট্ৰেড ইউনিয়নসমূহৰ উপৰিও ব্লাংক তথা প্ৰুধ’ৰ অনুগামী দুটা ফৰাচী শ্ৰমিকৰ গোট, আইৰিছ তথা প’লিছ জাতীয়তাবাদীসকলৰ একোটাহঁত গোট তথা ইটালিয়ান ৰিপাব্লিকানসকলৰ এটা গোটো সভাখনত উপস্থিত আছিল। সভাৰ অন্তত ৩৪ জন সদস্যৰে সৈতে এখন সাধাৰণ পৰিষদ গঠন কৰা হল।হ’ল। এই পৰিষদৰ একেবাৰে শেহৰজন সদস্যৰ নাম আছিলঃ কাৰ্ল মাৰ্ক্স। পিছে অতি সোনকালেই বিচক্ষণ কলম তথা মগজু শক্তিৰ বলত মাৰ্ক্সেই ইন্টাৰনেছনেলৰ কাৰ্যকৰী নেতা হিচাপে চিহ্নিত হৈ উঠিল। ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ অধিকাংশ ঘোষণাপত্ৰ তথা আহ্বান আদি লিখা-মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনৰ সৈতে চিঠি-পত্ৰৰে যোগাযোগ ৰখা – এই সমস্ত কামসমূহ মাৰ্ক্সে অতিশয় বিচক্ষণতাৰে সমাপন কৰিবলৈ ললে।ল’লে।
 
পিছে কমিউনিষ্ট লীগৰ বিপৰীতে ইন্টাৰনেছনেলতইণ্টাৰনেছনেলত প্ৰভুত্ব বিস্তাৰ কৰাটো বৰ সহজ কথা নাছিল। এই সম্পৰ্কে ৱাৰ্ণাৰ ব্লুমেন বাৰ্গে এনেদৰে লিখিছে,
 
কমিউনিষ্ট লীগ আছিল এমুঠিমান বিপ্লৱীৰে গঠিত এটা গুপ্ত সংগঠন; মাৰ্ক্সেই তাৰ সৰ্বেসৰ্বা আছিল। পিছে লীগৰ বিপৰীতে ‘প্ৰথম ইন্টাৰনেছনেল’ইণ্টাৰনেছনেল’ আছিল বিভিন্ন দেশৰ স্বাধীন চেতীয়া শ্ৰমিক সংগঠনৰ এখন সংযুক্ত মঞ্চ। সিবিলাকৰ ওপৰত পোনেই কৰ্তৃত্ব খটুৱাটো প্ৰায় অসম্ভৱ আছিল। সদস্য সকলে ইজনে সিজনক বুজাই বঢ়াইহে সৈমান কৰোৱাটো নিয়ম আছিল। ইন্টাৰনেছনেলৰ মজিয়াত ফুৰিয়াৰ, কেবেট, প্ৰুধ’, ব্লাংক, বাকুনিন, মেজিনি, মাৰ্ক্স আদি বিভিন্নজনৰ মতাদৰ্শ তথা পন্থাৰ পয়োভৰ ঘটিছিল। কাৰ্যপন্থা সম্পৰ্কেও বিভিন্ন জনৰ মতামত আছিল ভিন ভিন; এফালে ইউটপিয়ান সমাজবাদী সকলে সম্পূৰ্ণ শান্তিপূৰ্ণ পন্থাৰে সমাজবাদলৈ সংক্ৰমণৰ আশা কৰিছিল; আনফালে আকৌ অৰাজকতাবাদী সকলে ৰাজপথত খণ্ডযুদ্ধ লাগিয়েই বিপ্লৱৰ আগমণ সম্ভৱপৰ কৰিব যাব বুলি ভাবিছিল। ইংলিছ ট্ৰেড ইউনিয়নসমূহত পুৰণা গিল্ড ব্যৱস্থাৰ সময়ৰে পৰা চলি অহা প্ৰফেচনেল অহংকাৰ তথা গৌৰবৰ স্পষ্ট চাব দেখা পোৱা গৈছিল। তাৰ বিপৰীতে জাৰ্মান ইউনিয়নসমূহ কিন্তু সম্পূৰ্ণভাৱে অনুশাসিত তথা সংগঠিত আছিল। সিবিলাকৰ উপৰিও লেটিন দেশসমূহৰ অজস্ৰ বিপ্লৱীয়ে ইন্টাৰনেছনেলৰ মজিয়াত গিজগিজাই আছিল।
 
এই ৰাজনৈতিক পাৰ্থক্যসমূহৰ বাবেই কম সময়ৰ ভিতৰতে ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ পতন ঘটিল। তথাপিও অস্তিত্বৰ প্ৰথম পাঁচটা বছৰ ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ বাবে অতিশয় গৌৰবৰ সময় আছিল। ১৮৬৬ চনত লণ্ডনৰ বস্ত্ৰ শ্ৰমিক সকলে ধৰ্মঘট ঘোষণা কৰে। মালিক পক্ষই সচৰাচৰ কৰাৰ দৰে বিদেশী গুণ্ডা লগোৱাই শ্ৰমিকসকলৰ একতা নষ্ট কৰিবলৈ চেষ্টা কৰিলে। পিছে প্ৰথম ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ হস্তক্ষেপত মালিকপক্ষৰ সকলো ষড়যন্ত্ৰ বিফল হবলৈহ’বলৈ বাধ্য হল।হ’ল। ইয়েই শ্ৰমিক ইউনিয়নসমূহৰ মাজত ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ জনপ্ৰিয়তা বহুগুণে বঢ়াই তুলিলে। সাৰ্বজনীন ভোটাধিকাৰৰ দাবীত ইউনিয়নসমূহৰ সহযোগিতাৰে গঠিত ‘সংস্কাৰ লীগ’তো ইন্টাৰনেছনেলেইণ্টাৰনেছনেলে এক নেতৃত্বকাৰী ভূমিকা গ্ৰহণ কৰিলে। ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ প্ৰতিখন বাৰ্ষিক অধিবেশনতে (লণ্ডন ১৮৬৫, জেনেভা ১৮৬৬, ল’জান, ১৮৬৭, ব্ৰুছেলছ ১৮৬৮, বাচল ১৮৬৯) শ্ৰম সম্পৰ্কীয় বিভিন্ন বিষয় – যেনে দৈনিক ৮ ঘণ্টাৰ কৰ্মসীমা নিৰ্ধাৰণ, শিশু শ্ৰম আদি সম্পৰ্কে নানান গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা হল।হ’ল। তদুপৰি সমগ্ৰ ইউৰোপ জুৰি কেইবাটিও ব্লেকলেগ (গুণ্ডা) বিৰোধী কাৰ্যসূচী সফলতাৰে পালন কৰা হল।হ’ল।
 
ইফালে অতি সোনকালেই মাৰ্ক্স আৰু প্ৰুধ’ৰ অনুগামীসকলৰ মাজত মতাদৰ্শগত মতানৈক্যই দেখা দিলে। ইন্টাৰনেছৰইণ্টাৰনেটৰ মজিয়াত মতাদৰ্শগত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সকলো গোট আৰু দলৰে মাজত উথপথপ লাগিল। ১৮৬৫ চনৰ জুন মাহত ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ সাধাৰণ পৰিষদৰ সভাত মাৰ্ক্সে এলানি বক্তৃতা প্ৰদান কৰিলে। সেই সময়ত ইউটপিয়ান সমাজবাদী নেতা ৰবাৰ্ট অৱেনৰ অনুগামী জন ৱেষ্টন নামৰ এজন অৰ্থনীতিবিদে তাত্ত্বিকভাৱে যুক্তি দৰ্শাইছিল যে শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰিবলৈ লোৱা প্ৰতিটো প্ৰচেষ্টাই শেহত গৈ বিফল হবলৈহ’বলৈ বাধ্য। এই বক্তৃতাসমূহত মাৰ্ক্সে ৱেষ্টনৰ এই ধাৰণাসমূহকে খণ্ডন কৰিবলৈ চেষ্টা কৰিলে। পাছলৈ এই বক্তৃতাখিনি এখনি পুস্তিকাৰ ৰূপত Wages, Price and Profit নামেৰে প্ৰকাশিত কৰা হল।হ’ল। ইফালে জাৰ্মানীৰ আইচেনবাখত ১৮৬৯ চনত মাৰ্ক্সৰ অনুগামী শ্ৰমিক নেতা আগষ্ট বেবেল তথা ৱিলহেম লেবনেষ্টৰ নেতৃত্বত ‘সামাজিক গণতন্ত্ৰবাদী শ্ৰমিক দল’ (Social Democratic Workers Party) গঠন কৰা হল।হ’ল। ইয়াৰ লগে লগেই মাৰ্ক্সৰ তত্ত্বসমূহে পুণৰ জাৰ্মানীত প্ৰবেশ কৰিবলৈ সুযোগ পালে।
 
দুটা ঘটনাই ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ ভাগ্য সম্পূৰ্ণভাৱে সলনি কৰি পেলালে। ১) ১৮৭০ চনৰ জুলাই মাহত ফ্ৰাঞ্চ আৰু প্ৰুচিয়াৰ মাজত যুদ্ধৰ সুত্ৰপাত ঘটিল। যুদ্ধত প্ৰুচিয়াৰ ক্ষীপ্ৰ বিজয়ে নেপোলিয়ন তৃতীয়ৰ পতন ঘটালে আৰু ফ্ৰাঞ্চ পুণৰ গণৰাজ্যৰূপে ঘোষিত হল।হ’ল। পিছে থিয়েৰ নেতৃত্বাধীন অস্থায়ী চৰকাৰখনৰ প্ৰতিক্ৰিয়াশীল নীতিসমূহৰ ফলত ১৮৭১ চনৰ মাৰ্চত পেৰিছৰ শ্ৰমিক সকলে হাতত অস্ত্ৰ তুলি ললেল’লে আৰু বুৰ্জোৱা চৰকাৰৰ ঠাইত শ্ৰমিকৰ নিজস্ব চৰকাৰ – কমিউন- গঠনৰ ঘোষণা কৰিলে। থিয়েৰ চাহাবে হুহকি গৈ ৱাৰ্চাই চহৰত আশ্ৰয় লবল’ব লগা হল।হ’ল। অতি শীঘ্ৰেই অৱশ্যে শ্ৰমিক চৰকাৰখনক দমন কৰিবলৈ সেনা-বাহিনী মোতায়েন কৰা হল।হ’ল। পেৰিছৰ কম্যুনাৰ্ড সকলে সাহসেৰে প্ৰতিৰোধ কৰিলে যদিও শেহান্তৰত বিদ্ৰোহ কঠোৰ হাতেৰে নিৰ্মূল কৰা হল।হ’ল। পেৰিচৰ বাট পথ পুণৰ শ্ৰমিকৰ তেজেৰে ৰাঙলী হৈ পৰিল।
 
কমিউন চৰকাৰৰ ওপৰত ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ বিশেষ কোনো প্ৰভাৱ বা কৰ্তৃত্ব নাছিল। কিমান দিনলৈ কমিউন চৰকাৰ তিষ্টি থাকিব পাৰিব- এই লৈ মাৰ্ক্স নিজেই সন্দিহান আছিল। তথাপিও তেওঁ দৃঢ়ভাৱে কমিউনৰ সপক্ষে থিয় দিলে। ১৮৭১ চনৰ ৩০ এপ্ৰিলঃ কমিউনৰ পতনৰ তিনি দিন পাছত সাধাৰণ পৰিষদে এখনি পাঠ প্ৰস্তুত কৰি উলিয়ালে। The Civil War in France শীৰ্ষক এই পাঠটিৰ প্ৰকৃত লেখক আছিল স্বয়ং মাৰ্ক্স। মাৰ্ক্সৰ সৰ্বোত্তম লেখনীসমূহৰ ভিতৰত এই ৰছনাখনি অন্যতম বুলি কবক’ব পৰা যায়ঃ কম্যুনাৰ্ডসকলৰ অসীম সাহস আৰু বীৰত্বৰ গাথাৰে সিক্ত ৰছনাখনিতৰচনাখনিত হত্যাকাৰী বুৰ্জোৱাহঁতৰবুজোৱাহঁতৰ তথাকথিত সভ্যতাৰ মুখা খুলি দিয়া হল।হ’ল। কম্যুনাৰ্ডসকলৰ বৈপ্লৱীক পদক্ষেপ – আৰু তেওঁসকলৰ বিৰুদ্ধে সমগ্ৰ বুৰ্জোৱাৰ ঐক্যবদ্ধ দমন যজ্ঞ – ইয়াৰ মাজতেই মাৰ্ক্সে ৰাষ্ট্ৰ চৰিত্ৰ সম্পৰ্কীয় মাৰ্ক্সীয় তত্ত্বৰো সন্ধান কৰিলে। পাছলৈ এই ৰছনাখনিৰৰচনাখনিৰ আলোচিত বিষয় বস্তুৰ পৰাই লেনিনে তেওঁৰ State and Revolution শীৰ্ষক গ্ৰন্থখনিৰ বাবে সমল লাভ কৰিছিল।
 
কমিউনৰ পতনৰ পাছতেই সমগ্ৰ ইউৰোপজুৰি সমাজবাদীসকলৰ বিৰুদ্ধে কুৎসা ৰটনা আৰম্ভ কৰা হল। প্ৰথম ইন্টাৰনেছনেলোইণ্টাৰনেছনেলো এই অপপ্ৰচাৰৰ পৰা সাৰি যাব নোৱাৰিলে। বুৰ্জোৱা বাতৰি কাকতসমূহৰ দ্বাৰা মাৰ্ক্সক ‘ৰেড ডক্টৰ’, কমিউনৰ পুতলা নচুওৱা প্ৰকৃত মাষ্টৰ (puppet master) আদি বিভিন্ন নামেৰে বিভূষিত কৰা হল। এনে ‘কুখ্যাতি’ৰ মাজতেই Civil War in France খনৰো জনপ্ৰিয়তা বাঢ়ি যাবলৈ ধৰিলে। পিছে এনে উত্তপ্ত পৰিবেশত নিৰ্জু প্ৰকৃতিৰ ইংলিছ ট্ৰেড ইউনিয়নসমূহে প্ৰমাদ গণিলে। তেওঁলোকে নিজকে ইণ্টাৰনেছনেলৰ পৰা আঁতৰাই নিয়াটোৱেই শ্ৰেয় হবহ’ব বুলি গণ্য কৰিলে। Civil War in Franceৰ প্ৰকাশনৰ পাছতেই সাধাৰণ পৰিষদৰ দুয়োজন ব্ৰিটিছ প্ৰতিনিধি - অডগাৰ আৰু লুক্ৰাফটে পদত্যাগ কৰিলে।
 
দ্বিতীয়তে, মিখাইল বাকুনিনৰ কাৰ্যকলাপবোৰেও ইন্টাৰনেছনেলৰ অস্তিত্বলৈ সংকট নমাই আনিলে। বাকুনিন আছিল এটি সম্ভ্ৰান্ত ৰাছিয়ান পৰিয়ালৰ সন্তান। মাৰ্ক্সৰ দৰেই তেওঁ ১৮৩০ তথা ১৮৪০ৰ দশককেইটাত হেগেলৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। পিছে ১৮৪২ চনত তেওঁ এক অদ্ভুত সিদ্ধান্তলৈ আহিলঃ তেওঁ ঘোষণা কৰিলে - ‘ধ্বংসমূলক হাবিয়াস হৈছে সৃষ্টিশীল হাবিয়াসৰে অন্য এটা নাম!’ বাকী সমগ্ৰ জীৱনচোৱা তেওঁ এই আপ্তবাক্যশাৰী সভক্তিৰে পালন কৰি গলগ’ল! ১৮৪৮ৰ বিপ্লৱৰ পাছত বাকুনিন জাৰৰ পুলিচৰ হাতত ধৰা পৰিল। কুখ্যাত পিটাৰ-পল কাৰাগাৰত তেওঁক ৰখা হল।হ’ল। পিছে ১৮৬১ চনত তেওঁ পলাই সাৰিল আৰু এইবাৰ মহাশয়ে ইংলেণ্ডত বিপ্লৱ কৰিবলৈ ঠিৰাং কৰিলে।
 
প্ৰথমচোৱা সময়ত মাৰ্ক্সৰ সৈতে বাকুনিনৰ বন্ধুত্বসূলভ সম্পৰ্কই আছিল। এজনা ‘প্ৰবীণ হেগেলবাদী’ বন্ধু হিচাপে মাৰ্ক্সে তেওঁলৈ ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড উপহাৰ স্বৰূপে পঠাইছিল। পিছে দুয়ো জনৰ স্বভাৱ চৰিত্ৰ আছিল সম্পূৰ্ণ বিপৰীত। বাকুনিনৰ সমসাময়িক আন এজন দেশান্তৰিত ৰাছিয়ান বিপ্লৱী এলেক্সজেণ্ডাৰ হাৰ্জেনৰ মতে, ‘আন্দোলন, প্ৰপাগাণ্ডা আৰু বক্তৃতাবাজী বাকুনিনৰ প্ৰিয় কাৰ্য আছিল। কথাই কথাই ষড়যন্ত্ৰৰ গোন্ধ লৈ ফুৰা, যতে ততে প্লট-ষড়যন্ত্ৰ ইত্যাদিৰ আয়োজন কৰা, সিবিলাকৰ মাজত বিশ্ব ঐতিহাসিক তাৎপৰ্য আৱিষ্কাৰ কৰা – এইবোৰ আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম অংশ। এই ষঢ়যন্ত্ৰসমূহক মূৰ্ত ৰূপ দিবলৈ, সিবিলাকৰ সম্ভাব্য পৰিণামৰ দায়িত্ব স্বীকাৰ কৰিবলৈ, আনকি সিবিলাকৰ বাবে নভবা-নিচিন্তাকৈয়ে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলৈ তেওঁ সদায়েই প্ৰস্তুত আছিল’। নেপোলিয়ন তৃতীয়ৰ পতনৰ খবৰ পোৱাৰ পাছত বাকুনিনৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ: ততালিকে তেওঁ লিয়ন চহৰত গৈ উপস্থিত হলহ’ল আৰু আৰু টাউন হলৰ সমুখত ‘ৰাষ্ট্ৰৰ নিপাত ঘটিল’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে! উৎপাত অতিশয় বাঢ়ি যোৱাত কেইজনমান পুলিচে মহাশয়ক দাংকোলাকৈ উঠাই লৈ যোৱাৰ পাছতহে সকলোৱে ৰক্ষা পালে!
 
১৮৬৮ চনত বাকুনিনে ইন্টাৰনেছনেলতইণ্টাৰনেছনেলত যোগদান কৰিলে। একে সময়তে তেওঁ ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ ভিতৰতে The Alliance for Social Democracy নামেৰে অৰাজকতাবাদীসকলৰ এটা পৃথক সংগঠনো গঠন কৰিলে। ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ ইটালিয়ান, স্পেনিছ আৰু চুইছ প্ৰতিনিধিসকলৰ মাজত অৰাজকতাবাদীসকল বিশেষভাৱে প্ৰভাৱশালী আছিল। কমিউনৰ পতনৰ পাছৰ পৰাই মাৰ্ক্স আৰু বাকুনিনৰ অনুগামীসকলৰ মাজত মতবিৰোধ ক্ৰমে তীব্ৰতৰ হৈ পৰিল। এফালৰ পৰা চাবলৈ গলেগ’লে ই ১৮৪৮ৰ কমিউনিষ্ট লীগৰ পুনৰাবৃত্তি আছিলঃ মাৰ্ক্সে যুক্তি দৰ্শাইছিল যে বৰ্তমানৰ সময়ত তাৎক্ষণিক বিপ্লৱৰ সম্ভাৱনীয়তা ক্ৰমে ক্ষীণ হৈ পৰিছে; সেয়েহে সেই অনুসৰি ৰাজনৈতিক কাৰ্যনীতি গ্ৰহণ কৰা হওঁক।হওক। ইফালে বাকুনিনবাদী সকলে আকৌ সকলোতে বিপ্লৱৰে পূৰ্বাভাস পাইছিল; সেয়েহে তেওঁলোকৰ কথা আছিলঃ অবিলম্বে বিদ্ৰোহৰ বাবে প্ৰস্তুতি চলোৱা হওঁকহওক! কিছুদিনৰ পাছত মাৰ্ক্সৰ অনুভৱ হলঃহ’লঃ এই পৰিস্থিতিত ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ মজিয়াত তেওঁৰ কথা হয়তো বেছিদিন নিটিকিব। সেয়েহে তেওঁ কাৰ্যকৰীভাৱে সংগঠনটো ভংগ কৰি দিয়াটোৱেই সঠিক হব বুলি ঠিক কৰিলে। ১৮৭২ চনৰ চেপ্তেম্বৰ মাহত হেগ চহৰত ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ অন্তিমখন বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হল।হ’ল। আমোদজনকভাৱে কেৱল এইখন অধিবেশনতেই মাৰ্ক্স সোঁ-শৰীৰেৰে উপস্থিত আছিল! অৱশেষত বহু যুক্তি তৰ্কৰ পাছত বাকুনিন আৰু তেওঁৰ অনুগামীসকলক ইণ্টাৰনেছনেলৰ পৰা বহিষ্কৃত কৰা হল আৰু ইন্টাৰনেছনেলৰইণ্টাৰনেছনেলৰ মূখ্য কাৰ্যালয় নিউয়ৰ্কলৈ স্থানান্তৰিত কৰা হল।হ’ল। আমেৰিকালৈ মূখ্য কাৰ্যালয় লৈ যোৱাৰ অৰ্থ আছিল- সংগঠনটো কাৰ্যকাৰীভাৱে নিস্তেজ কৰি পেলোৱা। অৱশেষত ১৮৭৬ চনত আনুষ্ঠানিকভাৱে ইন্টাৰনেছনেল ভংগ কৰি দিয়া হল। হ’ল।
 
==অন্তিম বছৰকেইটা==