ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Calendar|month=02|lk=on|prevnext=on|float=right}}
'''ফেব্ৰুৱাৰী''' {{En|February|{{IPAc-en|audio=En-us-February.ogg|ˈ|f|ɛ|b|juː|ˌ|ɛr|i}}<!--অথবা {{IPAc-en|ˈ|f|ɛ|b|r|uː|ˌ|ɛr|i}} {{respell|FEB|ew|ERR|ee}} অথবা {{respell|FEB|roo|ERR|ee}}-->}} হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। [[অধিবৰ্ষ]]ত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।
 
উত্তৰ গোলাৰ্ধত ফেব্ৰুৱাৰী হৈছে শীতৰ তৃতীয় মাহ আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মৰ তৃতীয় মাহ (উত্তৰ গোলাৰ্ধৰ আগষ্ট মাহৰ সমতুল্য)। সাধাৰণ বছৰত ফেব্ৰুৱাৰী, [[মাৰ্চ]] আৰু [[নৱেম্বৰ]] মাহৰ প্ৰথম তাৰিখত একেই বাৰ হয়। সেই সময়ত এই মাহ আৰু [[জানুৱাৰী]]ৰ শেষ দিনত একে বাৰ হয়। অধিবৰ্ষত ফেব্ৰুৱাৰী আৰু [[আগষ্ট]] মাহ একে বাৰত আৰম্ভ হয়। এই মাহৰ এটি আমোদজনক দিশ হৈছে অধিবৰ্ষ হওক বা নহওক, ফেব্ৰুৱাৰী মাহৰ শেষ দিনত যি বাৰ হয়, [[অক্টোবৰ]] মাহৰ শেষ দিনতো সেই একেই বাৰ হয়।
==ইতিহাস==
ৰোমান পঞ্জিকাত ফেব্ৰুৱাৰীয়ে ফেব্ৰুৱাৰিয়াছ নামেৰে ঠাই পাইছিল। এই ফেব্ৰুৱাৰিয়াছ শব্দটোৰ উৎপত্তি লেটিন শব্দ ফেব্ৰুৱামৰ পৰা হৈছিল, যাৰ অৰ্থ বিশুদ্ধতা। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটি ৰোমান বৰ্ষপঞ্জিত একেবাৰে শেষত যুক্ত হৈছিল। জনা যায় ৭১৩ খ্ৰীষ্ট পূৰ্ৱত নিউমা পম্পিলিয়াছে এই মাহ দুটা যুক্ত কৰিছিল। সেই সময়ত ফেব্ৰুৱাৰী আছিল বছৰৰ শেষ মাহ। পৰৱৰ্তী কালত ডেছিমভাৰ্ছৰ সময়ত (প্ৰায় ৪৫০ খ্ৰী.পূ.) ইয়াক বছৰৰ দ্বিতীয় মাহ কৰা হয় আৰু আজি পৰ্যন্ত এই মাহটো সেই স্থানতেই আছে। আৰম্ভনিৰেআৰম্ভণিৰে পৰা ফেব্ৰুৱাৰীৰ দিন সংখ্যাৰ নানা পৰিবৰ্তন হৈছে। কেতিয়াবা ইয়াৰ দিন-সংখ্যা ধৰা হৈছিল ২৩ দিন, কেতিয়াবা ২৪ দিন আকৌ কেতিয়াবা ২৭ দিন। শেষত জুলিয়ান পঞ্জিকাৰ সংশোধনী কৰা হয় আৰু নিয়মিতভাৱে অধিবৰ্ষ গণনা আৰম্ভ হয় তেতিয়া ফেব্ৰুৱাৰীয়ে তাৰ পৰিচিত ২৮ দিনৰ ৰূপটো লাভ কৰে।
==ঐতিহাসিক নামাৱলী==
*প্ৰাচীন ইংৰাজীতে ফেব্ৰুৱাৰীক ছোলমোনাথ (কাদাৰ মাহ) বা কেলমোনাথ (বাধা-নিষেধৰ মাহ) বোলা হৈছিল।