ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
3 নং শাৰী:
'''ৰং''' হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ''ৰঙা'', ''নীলা'', ''হালধীয়া'', ''সেউজীয়া'' আৰু আন আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে (বৰ্ণালী হৈছে [[তৰংগদৈৰ্ঘ্য]] সাপেক্ষে [[পোহৰ]]ৰ বিতৰণ)। পোহৰ বৰ্ণালী সমূহ মানৱ চকুৰ আলোক সংবেদনশীল অংশত পৰিলে মানুহে বিভিন্ন ৰঙ সমূহ দেখা পায়। ৰঙৰ ভাগসমূহ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, এইবোৰ হৈছে, কোনো এটা বস্তুৰ পদাৰ্থগত ধৰ্ম, পোহৰৰ উৎস আদি। কোনো এটা বস্তুৰ ৰঙ বস্তুটোৰ অৱশোষণ, প্ৰতিফলন বা নিৰ্গমন বৰ্ণালীৰ ওপৰত নিৰ্ভৰ কৰে।
 
মানুহৰ চকুৰ [[ৰেটিনা]] অংশত থকা কিছুমান বিশেষ কোষ, পোহৰৰ বেলেগ বেলেগ অংশ (বেলেগ বেলেগ তৰংগদৈৰ্ঘ্য)ৰ প্ৰতি বেলেগ বেলেগ ধৰনেৰেধৰণেৰে সংবেদনশীল, এই সংবেদনশীলতাৰ ওপৰত ভিত্তি কৰি ৰঙ সমূহক ভাগ কৰিব পৰা যায়। অৱশ্যে এই ধাৰণাৰে ৰঙৰ সম্পূৰ্ণ শুদ্ধ শ্ৰেণী বিভাজন সম্ভৱ নহয়।
 
ৰঙৰ সৈতে জড়িত বিজ্ঞানক '''''ক্ৰ’মেটিকচ''''','''''ক্ৰ’মেট’গ্ৰাফী''''','''''ক’ল’ৰিমিটি''''', বা সাধাৰণভাৱে '''''ৰঙ বিজ্ঞান (ক’ল’ৰ চায়েন্স)''''' বুলি কোৱা হয়। এই বিজ্ঞানে মানুহৰ চকু আৰু মগজুৱে পাৰ্থক্য কৰিব পৰা ৰঙবোৰ, বিভিন্ন পদাৰ্থত পোহৰৰ উৎসমূহ, বিভিন্ন [[কলা]]ত ৰঙৰ তত্বতত্ত্ব আৰু [[বিদ্যুতচুম্বকীয় বিকিৰণ]] সমূহৰ [[দৃশ্যমান বৰ্ণালী]]ৰ [[পদাৰ্থ বিজ্ঞান]] সম্পৰ্ক আলোচনা কৰে। (সাধাৰণ ভাষাত বিদ্যুতচুম্বক বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীকেই [[পোহৰ]] বোলা হয়। )
 
== পদাৰ্থ বিজ্ঞান ==
[[Image:Rendered Spectrum.png|thumb|400px| sRGB স্পেচত পোহৰৰ এক নিৰবিচ্ছিন্ননিৰৱচ্ছিন্ন বৰ্ণালী]]
 
{|class=wikitable width=400 align="right" style="margin: 1em 0em 1em 1em; clear: right"
125 নং শাৰী:
 
=== বৰ্ণালীৰ ৰঙ ===
[[ৰামধেনু]]ৰ বৰ্ণালীৰ চিনাকীচিনাকি সাত ৰঙত দৃশ্যমান পোহৰৰ কোনো এক তৰংগদৈৰ্ঘ্যৰ পৰা সৃষ্টি কৰিব পৰা সকলোবোৰ ৰঙ থাকে, ইহঁতক নিৰ্মল ৰঙ (''pure spectral'') বা ম’ন’ক্ৰ’মেটিক ৰঙ বোলা হয়। সোঁফালৰ তালিকাত বিভিন্ন নিৰ্মল ৰঙ সমূহৰ কম্পনাংক (হাৰ্জত) আৰু তৰংগদৈৰ্ঘ্য (নেন’ মিটাৰত) দিয়া হৈছে। তৰংগদৈৰ্ঘ্য সমূহ [[ভেকুৱাম]]ত গণনা কৰা হৈছে। ([[প্ৰতিসৰণ]] চাওক। )
 
এই তালিকাত থকা মানবোৰ নিৰ্দিষ্ট নহয়, এই ৰঙসমূহে এক নিৰবিচ্ছিন্ননিৰৱচ্ছিন্ন বৰ্ণালীৰ সৃষ্টি কৰে, আৰু ইহঁতৰ মাজত প্ৰকৃতাৰ্থত কোনো স্পষ্ট বিভাজন ৰেখা নাথাকে, ইহঁতক আগৰে পৰা চলি অহা কিছুমান ধাৰনাৰধাৰণাৰ ভিত্তিতহে বিভিন্ন ৰঙত ভাগ কৰা হয়। সাধাৰণভাৱে পোহৰ বৰ্ণালীক ছটা প্ৰধান পোহৰৰ পটীত ভাগ কৰিব পৰা যায়, সেইকেইটা হ’ল ৰঙা, কমলা, হালধীয়া, সেউজীয়া, নীলা আৰু বেঙুণীয়া, [[নিউটন|নিউটনে]] নীলা আৰু বেঙুণিয়াৰ মাজত সপ্তম পটী ঘণনীলাৰ উল্লেখ কৰিছিল।
 
কোনো বৰ্ণালীৰ ৰঙৰ পোহৰৰ প্ৰাবল্যৰ ভিন্নতাৰ বাবে ই চাওঁতাজনৰ চকুত কিছু বেলেগ ৰঙ হিচাপে দেখা দিব পাৰে, যেনে, কম প্ৰাবল্যৰ কমলা-হালধীয়াক চাওঁতা জনে মুগা ৰঙৰ দৰে দেখিব পাৰে, নাইবা কম প্ৰাবল্যাৰ হালধীয়া-সেউজীয়াক জলফাই বৰণৰ সেউজীয়া ৰূপে দেখিব পাৰে।
"https://as.wikipedia.org/wiki/ৰং"ৰ পৰা অনা হৈছে