ৰত্নকান্ত বৰকাকতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
24 নং শাৰী:
}}
 
'''ৰত্নকান্ত বৰকাকতী''' ({{lang-en|Ratnakanta Borkakati}}) জন্ম:১৮৯৭- মৃত্যু:১৯৬৩) হৈছে [[অসমীয়া সাহিত্য]]ৰ [[নৱন্যাস যুগ]]ৰ আন এক জনপ্ৰিয় কবি। তেওঁক ''শেৱালীশেৱালি কবি'' উপনামেৰে জনা যায়। নৱন্যাসিক যুগৰ আন আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে। শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত সৃষ্ট অনুপম অনুভূতিৰ প্ৰেৰণা দেখা পোৱা যায় তেওঁৰ কবিতাত। সৰলতা আৰু নিমজ গতিৰ ছন্দসজ্জা তেওঁৰ কবিতাৰ যোগাত্মক দিশ। বৰকাকতী যদিও প্ৰেমৰ কবি তেওঁৰ কবিতাৰ মাজত ৰহস্যবাদী সুৰ এটাও ৰিণিকি ৰিণিকি ভাহিভাঁহি উঠা দেখা যায়। কিন্তু সেই ৰহস্যবাদ কেৱল ভগৱৎ প্ৰেম আৰু আধ্যাত্মিক অনুভূতিৰে সিক্ত হৈ থকা নাই। সমগ্ৰ বিশ্বৰ মাজত প্ৰতিভাত হৈ থকা অন্তহীন সৌন্দৰ্য আৰু মানুহৰ হৃদয়ত থকা অসীম প্ৰেম তেওঁৰ ৰহস্যবাদী চিন্তাধাৰাৰ উৎস। তেওঁৰ কবিতাসমূহত দাৰ্শনিক চিন্তাস্ৰোতৰ ইন্ধনো সামান্য পৰিমাণে দেখিবলৈ পোৱা যায়। তেওঁৰ কবিতাসমূহক নিৰ্মাণধৰ্মীতাৰে সুন্দৰকৈ সজাই-পৰাই অতুলনীয় কৰি তুলিছে। বৰকাকতীৰ কবিতাৰ ছন্দৰ অন্যতম বৈশিষ্টবৈশিষ্ট্য হৈছে শ্বাসাঘাত। তেওঁৰ কোনো কোনো কবিতাত [[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ]]ৰ কবিতাৰ প্ৰভাৱ দেখা যায় যদিও সি বৰকাকতীৰ কবিতাৰ স্বকীয়তাক ম্লান কৰিব পৰা নাই। ''বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, ছয়াময়া, তাজমহল'' আদি তেওঁৰ জনপ্ৰিয় কবিতা সমূহৰ অন্যতম দুটামান কবিতা।
 
==জন্ম==