নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎বিৱৰণ: ভাৱ=>ভাব (Feel)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
==বিৱৰণ==
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি।
মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, "আপুনিতো“আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?" তেতিয়া শংকৰদেৱে উত্তৰ দিলে, "মই“মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা‌। "থাকিবা‌।” গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক ''হেজাৰী ঘোষা'' বোলা হয়।মাধৱদেৱেহয়। মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-
<poem>"মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
{{gap}}ৰসময় মাগোহো ভকতি।
15 নং শাৰী:
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
{{gap}}উপাসা কৰোহো হৃদয়ত।। "</poem><ref name="কীৰ্ত্তন−ঘোষা"/>
[[ভক্তি ৰত্নাৱলী]] শাস্ত্ৰভাগ শেষ কৰাৰ পাছত [[মাধৱদেৱ|শ্ৰীশ্ৰীমাধৱদেৱে]] নামঘোষা আৰম্ভ কৰিছে, যিহেতু ভক্তি ৰত্নাৱলী 'শৰণ বিৰচনে'ৰে সমাপ্ত কৰা হৈছে, সেয়ে ঘোষা শাস্ত্ৰ 'ভজনে'ৰে সমৃদ্ধ কৰি শুভাৰম্ভ কৰা হৈছে। মহাপুৰুষ মাধৱদেৱে এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য [[গুৰুচৰিত]]ত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- “মই গুৰুসেৱকে যি পালোপালোঁ তাকো ঘোষাতে থৈছোঁ, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছোঁ, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছোঁ।”
 
ঘোষা শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ব্ৰহ্মবাদী ভাৱধাৰাকেভাবধাৰাকে সমৰ্থন কৰিছে। ঘোষাত উপস্থাপিত হোৱা ব্ৰহ্ম চৈতন্যময় আৰু হৃদিস্থিত। অবিদ্যাজনিত মূঢ়তাৰ বাবে মানুহে ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে‌। নামঘোষাই অবিদ্যাক মায়াৰূপে অভিহিত কৰিছে। ভাৰতীয় বেদান্ত দৰ্শনত মায়াৰ যি ধাৰণা সেই ধাৰণাকে নামঘোষাতো বিচাৰি পোৱা যায়।
 
নামঘোষাৰ মতে একমাত্ৰ সত্য, শুদ্ধ, নিত্য আৰু চৈতন্য হৈছে কৃষ্ণ। ঘোষাত কৈছে-
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে