য়েমেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
87 নং শাৰী:
প্ৰাচীনকালৰ পৰায়ে লোহিত সাগৰ ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ মাজত সমুদ্ৰপথৰ একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ হিচাপে ব্যৱহৃত হৈ আহিছে। ফলত আৰৱ সাগৰৰ তিৰৱৰ্তী য়েমেন বাণিজ্যিক দিশৰ পৰা এক গুৰুত্বপূৰ্ণ অৱস্থানত থকাৰ উপৰিও এই অঞ্চলৰ জীৱনযাত্ৰাৰ মান উত্তৰোত্তৰ বৃদ্ধি পাবলৈ ধৰে। আৰৱত ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ পৰায়ে এই অঞ্চলত ইছলাম ধৰ্ম প্ৰচলন আৰম্ভ হয়। বিভিন্ন সময়ত বিভিন্ন মুছলমান উপজাতীয় প্ৰধানসকলে এই অঞ্চল শাসন কৰি আহিছে। ইয়াৰ মাজেৰে সমুদ্ৰপথত এখন ব্ৰিটিছ জাহাজ চুৰ হোৱাৰ অজুহাতত ১৮৩৯ চনত ব্ৰিটেনে এডেন দখল কৰে। ১৯৩৭ চনত এই অঞ্চল ব্ৰিটিছ ৰাজশাসনৰ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে এডেন ব্ৰিটিছ ভাৰতৰ অংশ হিচাপে শাসিত হৈ আহিছিল। ১৯৬৭ চনৰ ৩০ নৱেম্বৰত দক্ষিণ য়েমেনে স্বাধীনতা লাভ কৰে।
==ৰাজনীতি==
য়েমেন এখন ৰাষ্ট্ৰপতিশাসিত প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। ৰাষ্ট্ৰপতি হলহ’ল দেশৰ প্ৰধান। প্ৰধানমন্ত্ৰী হল চৰকাৰৰ প্ৰধান। তেওঁক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ হাতত ন্যস্ত থাকে। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু আইনসভা উভয়ৰ ওপৰত ন্যস্ত। বিচাৰ বিভাগ তাত্ত্বিকভাবেতাত্ত্বিকভাৱে চৰকাৰ আৰু আইনসভাৰ পৰা স্বাধীন।
 
== ভূগোল ==
[[File:Yemen Topography.png|thumb|য়েমেনৰ ভূ-সংস্থানিক মানচিত্ৰ]]
"https://as.wikipedia.org/wiki/য়েমেন"ৰ পৰা অনা হৈছে