য়েমেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
76 নং শাৰী:
}}
 
'''য়েমেন''' মধ্যপ্ৰাচ্য এছিয়াৰ এখন দেশ। ই আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত। সুউচ্চ পৰ্বতমালা য়েমেনৰ উপকূলীয় সমভূমিক অভ্যন্তৰৰ জনবিৰল মৰুভূমিৰ পৰা পৃথক কৰিছে। য়েমেনৰ জনসংখ্যা অতি কম। দেশখনৰ আধাতকৈ বেছি অংশ বসবাসৰ বাবে অযোগ্য। ইয়াৰ জনসংখ্যাৰ বেছি ভাগেই গাঁৱত বাছবাস কৰে। প্ৰাচীনকালত ইয়াত কেইবাটাও সমৃদ্ধশীল সভ্যতা গঢ় লৈ উঠিছিল। কিন্তু ধীৰে ধীৰে ইয়াৰ গুৰুত্ব হ্ৰাস পায় আৰু এক হাজাৰ বছৰতকৈও বেছি সময় ই দৰিদ্ৰ আৰু অৱহেলিত দেশ দেশ হিচাপে চিহ্নিত হৈছে। বিংশ শতিকাৰ শেষৰ ফালে ইয়াত খাৰুৱা তেল আৱিষ্কাৰ হোৱাত য়েমেনৰ অৰ্থনৈতিক আৰু জনগণৰ জীৱনৰ মান উন্নয়নৰ সম্ভাৱনা দেখা গৈছে।
 
১৯৯০ চনত য়েমেন আৰৱ গণতন্ত্ৰ (উত্তৰ য়েমেন) আৰু গণপ্ৰজাতন্ত্ৰী য়েমেন (দক্ষিণ য়েমেন) দেশ দুখন একত্ৰিত কৰি য়েমেন প্ৰজাতন্ত্ৰ গঠন কৰা হয়। চানা'আ য়েমেনৰ ৰাজধানী আৰু বৃহত্তম চহৰ।
য়েমেনৰ পশ্চিমে লোহিত সাগৰ আৰু দক্ষিণে এডেন উপসাগৰ। ই আফ্ৰিকা মহাদেশৰ পৰা বাব-এল-মান্দেব প্ৰণালীৰ মাধ্যমত বিচ্ছিন্ন। দেশখনৰ উত্তৰ আৰু উত্তৰ-পূবত [[চৌদি আৰৱ]] আৰু পূবত [[ওমান]] অৱস্থিত। চৌদি আৰৱ আৰু ওমানই য়েমেনৰ প্ৰতিবেশী ৰাষ্ট্ৰ। য়েমেনৰ আয়তন ৫,২৭,৯৭০ বৰ্গকিলোমিটাৰ।
 
==ইতিহাস==
১৯৯০ চনৰ মে মাহৰ পূৰ্বে এই দেশ দুখন পৃথক ৰাষ্ট্ৰত বিভক্ত আছিল। উত্তৰ য়েমেন আৰু দক্ষিণ য়েমেন সেই দুখন ৰাষ্ট্ৰ। উভয় দেশ একত্ৰিত হোৱাৰ পূৰ্বে উত্তৰ য়েমেন গণতন্ত্ৰ আৰু দক্ষিণ য়েমেন কমিউনিষ্ট সকলৰ শাসনাধীন আছিল।
"https://as.wikipedia.org/wiki/য়েমেন"ৰ পৰা অনা হৈছে