অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
20 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
[[যোৰহাট]]ত জন্মগ্ৰহণ কৰা পূজাৰীয়ে [[দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়]]ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। [[#Dibrugarh University|ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ত তেওঁ [[সমাজশাস্ত্ৰ]] বিষয়ত অধ্যয়ণঅধ্যয়ন কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেন্টমেনেজমেণ্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েছন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে।<ref name="ketherina">[[কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া]], অনুৰাধা শৰ্মা পূজাৰী। বেটুপাতৰ দ্বিতীয় পৃষ্ঠা। isbn :81-7339-460-1</ref> [[অসম বাণী]] কাকতত প্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্ৰথমখন উপন্যাস [[হৃদয় এক বিজ্ঞাপন]]ৰ যোগেদি তেওঁ ক্ৰমাত্‍ জনপ্ৰিয়তা লাভ কৰে।<ref>[http://www.assamtribune.com/aug2809/mosaic2.html Article in Assam Tribune]</ref> ১৯৯৮ চনত প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক [[হোমেন বৰগোহাঞি]]য়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেখেতে সমালোচনাত কয় যে "এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল। "<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref> ক্ৰমাগতভাৱে উপন্যাসখনৰ ১৪ টা১৪টা সংস্কৰণ প্ৰকাশ পায় আৰু পূজাৰীলৈ যথেষ্ঠযথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।<ref>See bio of [http://myxofura.blogspot.com/2006/11/that-disgusting-photograph-anuradha.html That Disgusting Photograph]</ref>
 
==পেচাদাৰী জীৱন==
প্ৰথমাৱাস্থাত শৰ্মা পূজাৰীয়ে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ পাঠ্যক্ৰক গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অফ ফাইন আৰ্টছৰ অধীনস্থ চিটেক ইনষ্টিটিউটত কিছুদিন শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেওঁ [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰে। পিছলৈ তেওঁ সাদিন গোষ্ঠীত যোগদান কৰে আৰু বৰ্তমান তেওঁ [[সাদিন]] কাকতৰ সম্পাদক হিচেপে কৰ্মৰত।<ref name="ketherina"/>
 
হৃদয় এক বিজ্ঞাপনৰ পিছতেই তিনিখন উপন্যাসৰ সংকলন ''এজন ঈশ্বৰৰ সন্ধানত'' প্ৰকাশ পায় (১৯৯৮)। পৰৱৰ্তী বছৰবোৰত ''কাঞ্চন'', ''চাহেবপুৰাৰ বৰষুণ'' ইত্যাদি উপন্যাসসমূহ প্ৰকাশিত হয়। ২০০৪ চনত ''হৃদয় এক বিজ্ঞাপন''ৰ আভা ভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ ''হাৰ্টছ এ শ্ব'বিজ'' নতুন দিল্লীৰ স্পেকট্ৰাম পাব্লিকেচন যোগে প্ৰকাশ পায়।<ref name="ketherina"/> এই উপন্যাসখন ইতিমধ্যে [[বঙালী ভাষা]]লৈও অনূদিত হৈছে। সাহিত্য একাডেমীৰ পত্ৰিকা ''কন্টেমপৰেৰিকণ্টেমপৰেৰি ইণ্ডিয়ান লিটাৰেচাৰ'' আৰু জয়ন্ত মহাপাত্ৰ সম্পাদিত ওড়িয়া আলোচনী ''চন্দ্ৰভাগা''ত শৰ্মা পূজাৰীৰ গল্পৰ অনুবাদ প্ৰকাশিত হৈছে।<ref name="ketherina"/>
ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনিৰ্মাণ কেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref>