নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
15 নং শাৰী:
== জীৱনী==
===জন্ম===
নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত [[গুৱাহাটী]]ৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত<ref name="vedantinirupama">{{cite web | url=http://www.vedanti.com/Legends/nirupama_bargohain.htm | title=Nirupama Bargohain | publisher=vedanti.com | date=22nd Aug 2011 | accessdate=February 24, 2013}}</ref>। তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল<ref name="vedantinirupama"/>।
 
===শিক্ষা জীৱন===
গুৱাহাটীৰ [[উজান বজাৰ]]ত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়<ref name="bipuljyotinirupama">{{cite web | url=http://www.bipuljyoti.in/authors/nirupama.html | title=FAIR AND FEARLESS - An profile of Nirupama Borgohain | publisher=bipuljyoti.in | accessdate=February 24, 2013 | author=Ditimoni Gogoi}}</ref>। পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যাল"ত ৩ বছৰ কাল পঢ়ি পুনৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰে<ref name="bipuljyotinirupama"/>। নিৰুপমা তামুলীয়ে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে<ref name="bipuljyotinirupama"/>।
 
===কৰ্ম জীৱন===
নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভণি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত [[পাণ্ডু]]ত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে<ref name="bipuljyotinirupama"/>। পৰৱৰ্তীকালত সেইসময়ৰ [[নলবাৰী মহাবিদ্যালয়]]ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক [[ত্ৰৈলোক্যনাথ গোস্বামী]]ৰ নিমন্ত্ৰণক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে<ref name="bipuljyotinirupama"/>। এবছৰ কাল তাত অধ্যাপনা কৰা পাছত [[মাজুলী]]লৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়<ref name="bipuljyotinirupama"/>। তেখেতে কিছুবছৰ [[নৰ্থ লখিমপুৰ কলেজ|লখিমপুৰ মহাবিদ্যালয়]] আৰু [[যোৰহাট মহাবিদ্যালয়]]ত অধ্যাপক হিচাপে কাম কৰিছিল।
 
===বৈবাহিক জীৱন===
28 নং শাৰী:
==সাহিত্যিক কৰ্মাৱলী==
১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে<ref>নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১ </ref>।
# পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)<ref name="vedantinirupama"/>।
# সেই নদী নীৰৱধি (১৯৬৭)<ref name="vedantinirupama"/>
# এজন বুঢ়া মানুহ (১৯৬৬)