অনিল ৰায়চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

image added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
41 নং শাৰী:
 
==জন্ম==
[[বৰপেটা]]ৰ দক্ষিণহাটীৰ ৰায়পাৰা গাঁৱৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৯২৬ চনত অনিল ৰায়চৌধুৰীৰ জন্ম হয়। দেউতাক প্ৰয়াত দেৱেন্দ্ৰ নাথ ৰায়চৌধুৰী আৰু মাক প্ৰয়াত গৌৰীবালা ৰায়চৌধুৰী।<ref name="অসমীয়া প্ৰতিদিন"/> সৰুতেই মাতৃ ঢুকোৱাত জেঠীমাকহঁতৰ লগত থাকিবলৈ লয়।
 
==শিক্ষা==
49 নং শাৰী:
কলিকতাৰপৰা ঘূৰি আহি ৰায়চৌধুৰীয়ে বৰপেটা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰে। একে বছৰতে তেখেতে আছাম ট্ৰেডিং কো-অপাৰেটিভত কৰ্মচাৰী ৰূপে যোগদান কৰে যদিও এই চাকৰি এৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰীৰূপে যোগদান কৰে। এসময়ত এই চাকৰিও এৰি তেওঁ শ্বিলঙৰ কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক হয়। আবকাৰী পৰিদৰ্শক হিচাপে [[তিনিচুকীয়া]] আৰু [[ডিব্ৰুগড়]]তো তেখেতে কিছুদিন কাম কৰাৰ পাছত ১৯৫১ চনত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া হিচাপে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
ছাত্ৰাৱস্থাৰপৰাই তেখেত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আছিল। ১৯৪২-৪৩ চনত তেখেতে আছিল স্বাধীনতা আন্দোলনৰ ভলণ্টিয়াৰ। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পঢ়া সময়তে তেখেতে ছাত্ৰ কংগ্ৰেছ আৰু অম্বিকাগিৰীঅম্বিকাগিৰি ৰায়চৌধুৰীৰ জাতীয় সভাত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ জাতীয় মহাসভাৰ সম্পাদকৰ দায়িত্ব লয়। ৰাজনৈতিক জীৱনৰ সমান্তৰালকৈ তেখেতে নিজৰ লিখা-মেলাখিনিও আগুৱাই লৈ যায়। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেখেত আছিল ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক। এই সময়ছোৱাতে তেখেত লিখা মেলাৰ সৈতে জড়িত হয় আৰু আৱাহনৰ লগতে অন্যান্য আলোচনীত তেখেতৰ গল্প কবিতা প্ৰকাশ পাবলৈ ধৰে। এইখিনি সময়তে তেখেতে ১৯৫১-৫২ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৬৪ চনলৈ পাৰ্টিত তেখেতে এক উল্লেখনীয় ভূমিকাত অৱত্তীৰ্ণ হয় আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি গঠনৰ বাবে ১৩ মাহ কাৰাবাস খাটে। ১৯৬২ চনতো ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰত ৰক্ষা আইনৰ অধীনত তেখেতক ১৪ মাহৰ বাবে কাৰাৰুদ্ধ কৰি থোৱা হৈছিল।<ref name="অসমীয়া প্ৰতিদিন"/> ১৯৫২ৰ পৰা ১৯৬৪ চনৰ ভিতৰত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মী সংস্থা গঠনতো আগভাগ লয়। পৰৱৰ্ত্তী কালত অসম ৰাজ্যিক বিশ্ববিদ্যালয় কৰ্মী ফেডাৰচন গঠনত উদ্যোগ লয় আৰু এসময়ত সৰ্বভাৰতীয় কৰ্মী সংস্থাৰ সম্পাদক তথা কাৰ্য্যবাহী সভাপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰে। তেখেতে প্ৰগতিশীল সাহিত্য সংগঠন গঢ়াতো আগভাগ লয়। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষনা কৰাৰ পিছতেই চৰকাৰে তেখেতক কাৰাৰুদ্ধ কৰে। ১৯৭৭ চনত ১৯ মাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছত তেখেতে মুক্তিলাভ কৰে।<ref name="অসমীয়া প্ৰতিদিন"/>
 
==সাহিত্যৰাজি==
77 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
অনিল ৰায়চৌধুৰীৰ পত্নীৰ নাম ভাৰতী ৰায়চৌধুৰী। তেওঁৰ পুত্ৰ ভৰদ্বাজ ৰায়চৌধুৰী আৰু বিজয় ৰায়চৌধুৰী, কন্যা উৎপলা ৰায়চৌধুৰী আৰু ৰীণা ৰায়খাটনিয়াৰ।
 
==মৃত্যু==