ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
23 নং শাৰী:
 
==ইতিহাস==
১৮০৯ চনৰ আগতে ভাৰতত ইংৰাজ আৰ্হিৰ বেংক কিছুমান প্ৰতিষ্ঠা কৰা হৈছিল যদিও সেইবোৰ বিভিন্ন কাৰণত বন্ধও হৈছিল। ফলত দেশৰ [[মুদ্ৰা]] আৰু ঋণ ব্যৱস্থা নিশকতীয়া হৈ পৰে।
 
'[[ইষ্ট ইণ্ডিয়া কোম্পানী]]'ৰ উদ্যোগত ১৭৭০ চনত কলিকতা মহানগৰীত '[[আলেকজেণ্ডাৰ এণ্ড কোম্পানী]]'য়ে স্থাপন কৰা 'দি বেংক অৱ হিন্দুস্থানেহিন্দুঃস্থানে'ই হ'ল প্ৰথমটো সংগঠিত ভিত্তিত ভাৰতবৰ্ষত স্থাপন কৰা বেংক।<ref name=":2">বেংকিং ব্যৱসায়ৰ প্ৰকৃতি আৰু সংগঠন (পৃষ্ঠা : ১৭) | লেখকঃ ড॰ অশোক কুমাৰ শৰ্মা | কিতাপ : বেংকিং | আহৰণ কৰা হৈছে : ১২ মে ২০২০</ref> পৰৱৰ্তী পৰ্যায়ত ১৭৭৩ চনত 'দি জেনেৰেল বেংক' বা 'দি গভৰ্ণমেণ্ট বেংক অৱ ৱাৰেণ হেষ্টিংছ' স্থাপন কৰা হয়। অৱশ্যে এই বেংটো ১৭৭৫ চনত বন্ধ হৈ যায়। যাৰ ফলত প্ৰতিৰোধমূলক হিচাবে [[প্ৰেছিডেন্সী বেংক]] সংগঠন কৰা হয়।
 
প্ৰথম প্ৰেছিডেন্সী বেংকটো হৈছে [[বেংক অৱ বেংগল]] ইয়াক ১৮০৬ চনৰ ২ জুনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পাছত ১৮৪০ চনৰ ১৫ এপ্ৰিলত [[বেংক অৱ বোম্বাই]] স্থাপন কৰা হয় আৰু ১৮৪৩ চনৰ ১ জুলাইত [[বেংক অৱ মাদ্ৰাজ]] স্থাপন কৰা হয়।
 
১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি এই প্ৰেছিডেন্সী বেংক তিনিটা ক্ৰমে- [[বেংক অৱ কলকাতা]](১৮০৬-১৯২১), [[বেংক অৱ বোম্বাই]](১৮৪০-১৯২১) আৰু [[বেংক অৱ মাদ্ৰাজ]](১৮৪৩-১৯২১)ক একত্ৰিত কৰি 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া' হিচাবে প্ৰতিষ্ঠা কৰে। ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ আৰম্ভ কৰে। পিছত ১৯৫৫ চনত এই 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'ক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়কৰণ কৰি 'ষ্টেট বেংক অৱ ইণ্ডিয়া' আইনৰ অধীনত [[ভাৰতীয় ষ্টেট বেংক]] হিচাপে প্ৰতিষ্ঠা কৰা হয়<ref name=":0" /><ref name=":1" /><ref name=":2" />