ওডিছী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
 
==গ্ৰন্থ বিৱৰণ==
‘ওডিছী‘ [[:en:Greece|গ্ৰীচ]] দেশৰ মহাকবি [[হোমাৰ|হোমাৰে]] ৰচনা কৰা এখন মহাকাব্য। ইলিয়াদ ৰচনাৰ কিছুকাল পিছত ওডিছী ৰচনা কৰা হৈছিল। দুয়োখন মহাকাব্যতে মহাকবি হোমাৰৰ শিল্প-নৈপুণ্যতাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। ওডিছী মহাকাব্য ভ্ৰাম্যমাণ বীৰৰ প্ৰত্যাৱৰ্তনৰ এক মৰ্মন্তুদ কাহিনী। মূল নায়ক ওডিচ্যুছৰ নামেৰে মহাকাব্যখনৰ নামকৰণ কৰা হৈছে ‘ওডিছী’। ট্ৰয় নগৰ সম্পূৰ্ণভাৱে নিজৰ আয়ত্তলৈ অনাৰ পিছত নায়ক ওডিচ্যুছে গৃহাভিমুখে আহি থাকোঁতে সম্মুখীন হোৱা দুৰ্যোগপূৰ্ণ সাগৰ যাত্ৰা আৰু তেওঁৰ দুঃসাহসিক কাৰ্য্যৰ লগতে বাসভূমিত উপস্থিত হৈ সম্মুখীন হোৱা পৰিস্থিতিৰ প্ৰাঞ্জল বৰ্ণনা এই কাব্যত আছে।<ref name="granthamela.in">{{cite web | url=http://granthamela.in/2020/04/24/odichi/ | title=ওডিছী | publisher=granthamela.in | date=২০, এপ্ৰিল | accessdate=23 May 2020 | author=পৱিত্ৰ কুমাৰ নাথ}}</ref> <ref name="ওডিছী" />
 
ট্ৰজান যুদ্ধৰ পিছত বহু কাললৈকে সন্ধানহীন হোৱা পিতৃৰ অন্বেষণত ওডিচ্যুছৰ পুত্ৰ টেলিমেকাছৰ বহু দেশ ভ্ৰমণৰ মৰ্মস্পৰ্শী কাহিনী আৰু পত্নী পেনিলপিৰ সুদীৰ্ঘ সময় ধৰি স্বামীৰ বাবে কৰা প্ৰতীক্ষাৰ জীৱনৰ হৃদয় বিদাৰক কাহিনীয়ে ওডিছী মহাকাব্যৰ মূলকথা।
"https://as.wikipedia.org/wiki/ওডিছী"ৰ পৰা অনা হৈছে