অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[চিত্ৰ:Assam State Museum.jpg|thumb|অসম ৰাজ্যিক সংগ্ৰহালয়]]
'''অসম ৰাজ্যিক সংগ্ৰহালয়''' হৈছে [[উত্তৰ-পূব ভাৰত]]ৰ মুখ্য সংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো [[গুৱাহাটী]] মহানগৰৰ [[দীঘলীপুখুৰী]]ৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল।<ref name=":0">https://museums.assam.gov.in/information-services/the-assam-state-museum</ref> অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে ৰায় বাহাদুৰ [[কনকলাল বৰুৱা]]ৰ মানস সন্তান।<ref name=":1">http://www.abhijna-emuseum.com/museums-of-india/the-assam-state-museum-a-brief-introduction/</ref> অসম ৰাজ্যিক সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব ১৯৫৩ চনত অসম চৰকাৰে লয় আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্বৰপুৰাতত্ত্বৰ অধীনত ৰাখে।<ref name=":0" /> পি ডি চৌধুৰী আছিল সংগ্ৰহালয়টোৰ প্ৰথম সঞ্চালক।<ref name=":1" /> ১৯৮৩ চনৰ এই দুটা বিভাগ (সংগ্ৰহালয় আৰু পুৰাতত্বপুৰাতত্ত্ব সঞ্চালকালয়) পৃথক কৰা হয়।<ref name=":0" />
 
==ইতিহাস==
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিতেই। ইয়াৰ প্ৰতিস্থাপকপ্ৰতিষ্ঠাপক সংস্থান কামৰূপ অনুসন্ধান সমিতি আছিল ১৯১২ চনত এদল স্বেস্বাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান।<ref name="৩">Kalita, A(2017)Education through Museum: A Historical Study of the Assam State Museum, Guwahati,International Journal of Humanities & Social Science Studies,. 347-353</ref> কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত শিচৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ স্বেস্বাসেৱকসকলে আহৰণ কৰা সম্পদসমূহকলৈ নিজাকৈয়ে সংগ্ৰহালয় সাজি উলিয়াইছিল য'ত আছিলে শিলাচিত্ৰ আৰু ভিন ভিন সামগ্ৰী। তেওঁলোকৰ মূল উদ্দেশ্য আছিল সম্পদসমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শন।<ref name="৩"/> সংগ্ৰহালয়টোৰ প্ৰথমে নাম আছিলে অসম প্ৰাদেশিক সংগ্ৰহালয় আৰু মুকলি কৰিছিলে অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নেইল ৰেইডে ১৯৪০ চনৰ ২১এপ্ৰিলত।<ref name="৩"/> পিছত ১৯৫৩ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব লয়। যদিও সংগ্ৰহালয়টোক এক সাংস্কৃতিক সংগ্ৰহালয় হিচাপে গঠন কৰাৰ ইচ্ছা কৰা হৈছিল যদিও ই এটা মূলতঃ এটা পুৰাতাত্বিক সংগ্ৰহালয় আছিল।<ref name="৩"/> পি ডি চৌধুৰীৰ দিনত বিভিন্ন বিভাগৰ গেলেৰী যোগ কৰি সংগ্ৰহালয়টোক বহুমুখী সংগ্ৰহালয় কৰা হয়।<ref name="৩" />
 
কামৰূপ অনুসন্ধান সমিতিৰ সংগ্ৰহসমূহে সংগ্ৰহালয়টোলৈ যথেষ্ট বৰঙণিবৰঙনি যোগাইছিল। কামৰূপ অনুসন্ধান সমিতিৰ পৰা সংগ্ৰহালয়টোৱে লাভ কৰা বিভিন্ন সম্পদসমূহৰ পৰিমাণ আছিল এনেধৰণৰ:<ref name="১১">Choudhury, R. D., (1966) Handbook Of Assam State Museum, Guwahati, Directorate of Museum</ref>
 
* শিলা চিত্ৰ -৮৬খন
21 নং শাৰী:
 
==সংগ্ৰহসমূহ==
অসম ৰাজ্যিক সংগ্ৰহালয়ত অসম আৰু উত্তৰ পূৱ ভাৰতৰ সমাজ সংস্কৃতিৰ লগত জড়িত বহুটো অমূল্যসম্পদ সংগ্ৰহ কৰি থোৱা হৈছে।<ref name="২">https://museums.assam.gov.in/portlets/master-pieces-of-assam-state-museum</ref>। অসম ৰাজ্যিক সংগ্ৰহালয়ত মুঠতে ১৩৮০২ টা১৩৮০২টা সম্পদ আছে। ইয়াৰে ১৬২১ টাহে প্ৰদৰ্শিত কৰা হয়।<ref name="২"/> অসম ৰাজ্যিক সংগ্ৰহালয়ত ৪২টা মাষ্টাৰপিচ্‌ বস্তু আছে তাৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল:<ref name="২"/>
 
* ১১ শতিকাৰ বুদ্ধ মূৰ্তি : ইয়াক বিহাৰত পোৱা গৈছিলে।
* ১৩ - ১৪ শতিকাৰ নটৰাজ মূৰ্তি : ইয়াক গুৱাহাটীৰ আমবাৰীত পোৱা গৈছিলে।
* ১৯ শতিকাৰ বুদ্ধ মূৰ্তি (কাগজৰ মণ্ড) : ইয়াক মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰ পোৱা গৈছিলে।
* ৯ - ১০ম শতিকাৰ কাঁহৰ ঘণ্টা : ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিলে।
*৯ - ১১ শতিকাৰ ব্ৰঞ্জৰ মহিষামৰ্দিনী: ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিলে।
*৫ম শতিকাৰ নগাজাৰী খনিকৰগাঁৱ: ইয়াক গোলাঘাটৰ খনিকৰগাঁৱত পোৱা গৈছিলে।
*২য় বিশ্বযুদ্ধৰ জাপানিজ বোমা: ইয়াক ক'হিমাত পোৱা গৈছিলে।
*১৬ শতিকাৰ সৰ্পস্তম্ভ: ইয়াক শদিয়াত পোৱা গৈছিলে।
*১১ - ১২ শতিকাৰ বিষ্ণু মূৰ্তি : ইয়াক গুৱাহাটীৰ ওলুবাৰীত পোৱা গৈছিলে।
*শেষ মধ্যযুগৰ আদিবাসীৰ দুৰ্গা: ইয়াক মঙ্গলদৈত পোৱা গৈছিলে।
*২য় বিশ্বযুদ্ধৰ স্টেনষ্টেন গান:ইয়াক ক'হিমাত পোৱা গৈছিলে।
 
==সংগ্ৰহালয়ত থকা শাখাসমূহ==
51 নং শাৰী:
সংগ্ৰহালয়টোৰ সাধাৰণ জনতাৰ বাবে খোলা ৰখাৰ সময় এনে ধৰণৰ:<ref name=":0" />
 
সোমবাৰে সংগ্ৰহালয়টো বন্ধ ৰখা হয়। আন বাৰে সংগ্ৰহালয়টো ৰাতিপূৱাৰাতিপুৱা ১০ ৰ পৰা সন্ধিয়া ৫ বজালৈকে খোলা ৰখা হয়। মাহৰ ২য় আৰু ৩য় শনিবাৰে সংগ্ৰহালয়টো বন্ধ ৰখা হয়।
 
==তথ্যসূত্ৰ==