কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
56 নং শাৰী:
ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত মাৰ্ক্স ত্ৰায়াৰ চহৰলৈ উভটি আহিল। এইবাৰ তেওঁ ৰাজনৈতিক-সাংবাদিকতালৈ হাত মেলিলে। সেই সময়ত ৰাইনলেণ্ডৰ পুঁজিপতিসকলে ৰাইনিচে চাইতুং (Rheinische Zeitung)নামেৰে কাকত এখন ছপাবলৈ উদ্যোগ লৈছিল। পুঁজিপতিসকলৰ শ্ৰেণী স্বাৰ্থসমূহ প্ৰতিনিধিত্ব কৰিবলৈকে কাকতখনৰ জন্ম দিয়া হৈছিল যদিও হেগেলবাদী সম্পাদক মজেজ হেছৰ হাতত পৰি কাকতখন তৰুণ হেগেলবাদীসকলৰ মুখপত্ৰলৈ পৰিণত হৈছিল। ১৮৪২ চনৰ মাৰ্চ মাহৰ পৰা মাৰ্ক্সে কাকতখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰে অক্টোবৰ মাহলৈ তেওঁ কাকতখনৰ সম্পাদক পদত নিযুক্ত হ’ল। কাকতৰ কামত তেওঁ এইবাৰ কল’ন চহৰলৈ আহিল। মাৰ্ক্স সেই সময়ত এজন ৰেডিকেল উদাৰবাদী ডেমক্ৰেট আছিল; ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ লেখিয়াকৈ তেওঁ জাৰ্মানীতো সাৰ্বজনীন ভোটাধিকাৰ তথা গণতন্ত্ৰ সাব্যস্ত হোৱাটো বিচাৰিছিল। আন এখন কাকতে ৰাইনিচে চাইতুঙক সাম্যবাদৰ প্ৰচাৰক বুলি অভিযোগ আনোতে সেই অভিযোগ নাকচ কৰি মাৰ্ক্সে এনেদৰে লিখিছিল, ‘সাম্যবাদ সম্পৰ্কীয় ধাৰণাসমূহৰ বৰ্তমান যি ৰূপ, সিবিলাক তত্ত্বগত দৃষ্টিৰেও সুসংগত নহয়, এনে স্থলত সিবিলাকে বাস্তবিক ৰূপ ধাৰণ কৰিব পাৰিব বুলি আমি বিশ্বাস নকৰোঁ’(Collected Works,Vol. i., পৃষ্ঠা ২২০)।
 
অৱশ্যে ৰাইনিচে চাইতুঙৰ অভিজ্ঞতাই মাৰ্ক্সৰ চিন্তাধাৰা ইতিমধ্যেই বহুখিনি সলনি কৰি পেলালে। মাৰ্ক্সৰ ভাষাত, ৰাইনিচে চাইতুঙৰ পাততেই ‘পোন প্ৰথমবাৰৰ বাবে মই বাস্তৱ স্বাৰ্থ সম্পৰ্কীয় আলোচনাত ভাগ লবলৈল’বলৈ বাধ্য হলো।’হ’লোঁ।’ এই সময়ছোৱালৈকে আন আন হেগেলবাদীৰ দৰেই মাৰ্ক্সেও বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰই সমাজৰ শ্ৰেণী স্বাৰ্থসমূহতকৈ ঊৰ্ধত অৱস্থান কৰে; অৰ্থাৎ শ্ৰেণী সংঘাতৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক নিৰপেক্ষ ভূমিকা পালন কৰে। বিভিন্ন শ্ৰেণীৰ আন্তঃসংঘাতসমূহ নিৰাময় কৰি সকলো নাগৰিকৰে সাৰ্বজনীন স্বাৰ্থ সাধন কৰাটোৱেই হৈছে ৰাষ্ট্ৰৰ মূল উদ্দেশ্য। পিছে সেই সময়ৰ খৰি চুৰি সম্পৰ্কীয় কেতবোৰ সংসদীয় বিতৰ্ক অনুসন্ধান কৰি মাৰ্ক্সৰ অনুভৱ হ’ল - উদ্যোগিক পুঁজিপতি, সামন্তীয় ভূ-স্বামী তথা প্ৰুচিয়ান ৰাষ্ট্ৰ – এই আটাইৰে মাজত যেন কেতবোৰ সমূহীয়া স্বাৰ্থ আছে। এই তিনিওটা শক্তিয়েই ব্যক্তিগত সম্পত্তিৰ সমৰ্থক, যি বৃহত্তৰ কৃষক তথা শ্ৰমিক জনগণৰ জীৱনলৈ বিভীষিকা কঢ়িয়াই ফুৰিছে। মছেল অঞ্চলৰ কৃষক ৰাইজৰ দুৰৱস্থা সম্পৰ্কীয় এটা ৰিপৰ্ট লিখি থাকোতে মাৰ্ক্সে অনুভৱ কৰিলে- ব্যক্তিগত সম্পত্তি বিষয়ক আইনসমূহ কাঢ়াকৈ বলবৎ কৰাৰ ফলত কৃষকে ভূ-স্বামীসকলৰ মাটিৰ পৰা পৰম্পৰাগতভাৱে খৰি লুৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিছে আৰু ই কেৱল ভূ-স্বামীসকলকেই লাভবান কৰিছে। সুদীৰ্ঘ পঞ্চাছ বছৰৰ পাছত এই সময়খিনিৰ বিষয়ে সুৱঁৰি এংগেলছে এনেদৰে লিখিছিল, ‘মাৰ্ক্সে মোক প্ৰায়েই কৈছিল- খৰি চুৰি সম্পৰ্কীয় আইনসমূহ তথা মছেল অঞ্চলৰ কৃষকৰ দুৰৱস্থা- এই দুটি বিষয় সম্পৰ্কে অনুসন্ধান কৰিয়েই তেওঁ পোন প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক অৱস্থা সম্পৰ্কে সচেতন হল, আৰু ই তেওঁক তথাকথিত বিশুদ্ধ ৰাজনীতিৰ পৰা আঁতৰাই আনি অৰ্থনীতিৰ অধ্যয়ণৰ বাবে প্ৰেৰণা যোগালে, যি পাছলৈ সমাজবাদৰ পথটি প্ৰশস্ত কৰিলে।’
 
ৰাইনিচে চাইতুং কাকতখনত মাৰ্ক্সে অৱশ্যে কেৱল অৰ্থনীতিৰ চিন্তাই কৰা নাছিল। স্মৰ্তব্য এই সময়ছোৱাতে ব্ৰুন’ বয়াৰ আদি তৰুণ হেগেলবাদীসকলৰ বিপ্লৱী বহুবল্কিতাই চৰম পৰ্যায় পাইছিল। প্ৰুচিয়ান ৰাষ্ট্ৰৰ দমনৰ বলি হৈ তৰুণ হেগেলবাদীহঁতে নিজকে ‘ফ্ৰী’ বা ‘স্বাধীন’ নামেৰে নামাকৰণ কৰিছিল আৰু ঘোষণা কৰিছিল যে ভুল দেখুৱাই দিয়াটোৱেই হৈছে দাৰ্শনিকসকলৰ একমাত্ৰ উদ্দেশ্য! এই সময়ছোৱাত তেওঁবিলাকৰ আক্ৰমণৰ মূল লক্ষ্য আছিল- ধৰ্ম। ইফালে কাকতখনক কোনোমতে চেঞ্চৰ বৰ্ডৰ পৰা ৰক্ষা কৰাৰ তাড়নাত মাৰ্ক্সে কৰা প্ৰতিটো সৰু বৰ বুজাপৰাকে মহাশয়সকলে সত্যৰ সৈতে চৰম বিশ্বাস ঘাটকতা বুলি ঘোষণা কৰিছিল। সিবিলাকৰ পৰা মাৰ্ক্সে এটা জীৱনজোৰা শিক্ষা লাভ কৰিলে –‘যি তত্ত্বই বাস্তৱ পৰিস্থিতিৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলায়, সি আপাত দৃষ্টিত অগ্নিবৰ্ষা হ’লেও বাস্তৱ জীবনত ই নিস্তেজ হৈ পৰিবলৈ বাধ্য।’