কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
43 নং শাৰী:
মাৰ্ক্সৰ এই বৌদ্ধিক পৰিবৰ্তন কোনো আকস্মিক ঘটনা নাছিল। ১৮৩০ তথা ৪০ৰ দশকত জাৰ্মান-দৰ্শনৰ জগতখন সমকালীন ৰাজনীতিৰ সৈতে উতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। ৰাজনৈতিক ভাৱে সেইসময়ত জাৰ্মানীখন বহুধাবিভক্ত আছিল; আৰ্থিক তথা সামাজিকভাৱে পিছপৰা তথা বহুতো ক্ষুদ্ৰ ৰজা মহাৰজাৰে ভৰা। সিবিলাকৰ ওপৰত আকৌ অষ্ট্ৰিয়া, প্ৰুছিয়া তথা ৰাছিয়াৰ প্ৰতিক্ৰিয়াশীল ‘পবিত্ৰ জোট’ৰ প্ৰতিপত্তি চলিছিল। কিন্তু বৌদ্ধিক দিশৰপৰা দেশখন যথেষ্ট আগুৱাই গৈছিল। ১৯ শতিকাৰ প্ৰথমছোৱা সময় জাৰ্মান দৰ্শনৰ সোণালী কাল বুলিয়েই ক’ব পাৰি; যেন সামাজিক-ৰাজনৈতিক অনগ্ৰসৰতাৰ ক্ষতিপূৰণ জাৰ্মানীয়ে বৌদ্ধিক উপলব্ধিৰ দ্বাৰাই কৰিব খুজিছিল। মাৰ্ক্সৰ ভাষাত- ‘আন আন দেশসমূহে ৰাজনৈতিক ভাৱে যি উপলব্ধি লাভ কৰিছিল, সেইখিনি জাৰ্মানীয়ে কেৱল বিমূৰ্ত তত্ত্বৰ সহায়ত ভবা চিন্তাহে কৰিছিল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮১)।
 
জাৰ্মান সমাজৰ এই অন্তৰ্বিৰোধসমূহ প্ৰতিফলিত হৈছিল দাৰ্শনিক হেগেলৰ চিন্তাধাৰাৰ মাজত। প্ৰথমতে হেগেল ফৰাচী বিপ্লৱৰ উগ্ৰ সমৰ্থক আছিল, পাছলৈ নেপোলিয়নপন্থী হৈ পৰিছিল আৰু শেহান্তৰত তেওঁ প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান ৰাষ্ট্ৰৰ পদলেহনকাৰীলৈ পৰিণত হৈছিল। হেগেলে মতপোষণ কৰিছিল যে প্ৰুছিয়ান ৰাষ্ট্ৰই হৈছে মানৱ বুদ্ধি(reason)ৰ পৰম মূৰ্ত ৰূপ(embodiment)। ১৮৩০ৰ পৰা ১৮৪০ৰ দশকলৈকে তেওঁক প্ৰুছিয়ান ৰাষ্ট্ৰৰ চৰকাৰী দাৰ্শনিক বুলিয়েই ক’ব পৰা যায়। এই সময়ছোৱাত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সকলো বিশ্ববিদ্যালয়তে হেগেল অনুগামী দাৰ্শনিক-অধ্যাপক সকলেঅধ্যাপকসকলে বিশেষ স্বীকৃতি লাভ কৰিছিল।
 
অৱশ্যে এই অৱস্থা বেছিপৰলৈকে একেই নাথাকিল। হেগেলৰ কেতবোৰ তৰুণ অনুগামীয়ে তেওঁৰ দাৰ্শনিক সূত্ৰসমূহৰ বৈপ্লৱিক ৰূপ দিবলৈ আৰম্ভ কৰিলে। হেগেলৰ মতে বুদ্ধিৰ আন এটা নাম হৈছে ভগবান বা পৰমাত্মা(absolute spirit)। ইতিহাস হৈছে এই পৰমাত্মাৰ ক্ৰমান্বয়ে চেতন লাভ কৰাৰ যাত্ৰা, যাৰ ফলাফল হৈছে প্ৰটেষ্টাণ্ট ৰিফৰমেছন(Protestant Reformation)। তৰুণ হেগেলবাদীসকলে এই পৰমাত্মাক ‘মানব’ বুলি পুনঃসূত্ৰায়িত কৰিলে। অৰ্থাৎ এই নতুন সূত্ৰ মতে- ইতিহাস হৈছে মানুহে ক্ৰমান্বয়ে চেতনা লাভ কৰাৰ এক যাত্ৰা মাথো। এই তৰুণ হেগেলবাদীসকল বাওঁ হেগেলবাদী ৰূপেও জনাজাত হ’ল। তেওঁলোকৰ পুনঃসূত্ৰায়ণৰ ফলত হেগেলবাদী দৰ্শনৰ পৰা ভগবানৰ ধাৰণাটোৱে পলাই ফাট মেলিলে। অৱশ্যে হেগেলৰ দৰেই তেওঁলোকেও মানি ললে যে ৰাষ্ট্ৰ(State) বুদ্ধিৰ মূৰ্তমান ৰূপ হোৱা উচিত। কিন্তু লগতে তেওঁলোকে এইবুলিও কলে যে প্ৰুছিয়ান ৰাজতন্ত্ৰই এই ভূমিকা পালন কৰিব পৰা নাই। এই তৰুণ হেগেলবাদীসকল নাস্তিক, উদাৰবাদী তথা যুক্তিবাদী আছিল। প্ৰথমতে তেওঁলোকে আশা কৰিছিল যে যুবৰাজ ফ্ৰেডৰিক ৰজা হোৱাৰ পাছত প্ৰুছিয়ান ৰাষ্ট্ৰ ব্যৱস্থাৰ কেতবোৰ গণতান্ত্ৰিক সংস্কাৰ সাধন হব। পিছে ১৮৪০ চনত যুবৰাজে ৰজা হৈ পুনৰ একেই প্ৰতিক্ৰিয়াশীল নীতিসমূহ পালন কৰি যোৱাত তেওঁলোক ক্ৰমান্বয়ে যথাস্থিতি বিৰোধী তথা উগ্ৰ হৈ পৰিল।