ডেনিয়েল ডিফো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
18 নং শাৰী:
 
== কৰ্মজীৱন ==
ডেনিয়েল ডিফোই ধৰ্মযাজক হ’বলৈ শিক্ষাগ্ৰহণ কৰিলেইকৰিলেও ১৬৮৩ চনৰ পৰা তেওঁ সদাগৰৰ পেচাতহে মনোনিৱেশ কৰে৷ অধিক দক্ষ ব্যৱসায়ী আৰু সময়তকৈ আগবঢ়া অৰ্থনীতিবিদ হিচাপে খ্যাতি অৰ্জন কৰিলেও তেওঁ বহুবাৰ দেউলীয়া হ’বলগীয়া হৈছিল৷ তেওঁৰ নিজৰ ভাষাৰে -
<blockquote>“কোনো লোকেই মোতকৈ বেছি ভাগ্যৰ পৰিৱৰ্তনৰ সোৱাদ পাই পোৱা নাই৷ জীৱনত তেৰ বাৰ মই ধনী আৰু দুখীয়া হৈছোঁ”<ref group="টোকা" name="footnoteA">ডেনিয়েল ডিফোৰ 'ৰবিনছন ক্ৰুছো', অনুবাদ : চিন্তাহৰণ পাটগিৰি</ref></blockquote>
 
ব্যৱসায়ৰ দৰে ডিফোৱে ৰাজনৈতিক জীৱনটো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু বিদ্ৰোহত যোগ দি পুস্তিকা ৰচনা কৰি উলিয়ায়৷ ১৭১৪ চনত প্ৰথম জৰ্জ ৰাজপাতত বহাত ডিফোৱে তেওঁৰ পৰা সহায় সঁহাৰি পায় আৰু তেতিয়াই ১৭১৫ চনত [[দা ফেমেলি ইন্সট্ৰাক্টৰ]] (The Family Instructor) নামৰ বিখ্যাত পুথিখন লিখে৷ কিন্তু ১৯১৭ চনত ৰচনা কৰা উপন্যাস [[ৰবিনচন ক্ৰুছো]]ইহে তেওঁক অমৰ কৰি ৰাখিছে৷ জাৰ্মান সমালোচক এগৰাকীয়ে এই পুথিক 'বিশ্বৰ গ্ৰন্থ' (“The World Book”) আখ্যা দিছে৷
 
ইয়াৰ পাছত ১৭২২ চনত ডিফোৰ Moll Flanders, A Journal of the Plugue Year আৰু Colonel Jack নামৰ তিনিখন বিখ্যাত উপন্যাস প্ৰকাশ পায়৷ ১৭২৪ চনত তেওঁ তেওঁৰ শেষ মূল্যবান উপন্যাস Roxana প্ৰকাশ কৰে৷
 
== মৃত্যু ==