মৰিয়নি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

65 নং শাৰী:
 
==নামৰ উৎপত্তি==
সময়ে সময়ে বিভিন্ন জনে মৰিয়নিৰ নামৰ উৎপত্তিৰ সন্দৰ্ভত বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ৰ আটাইতকৈ নিৰ্ভৰযোগ্য যুক্তিটো হ’ল – বৃটিছ শাসন কালত পাহাৰৰ নগা সকলে এই সমতল অঞ্চললৈ নামি আহে আৰু ইয়াতে জিৰণি লৈ ভৈয়ামৰ লোকৰ সৈতে বয়-বস্তু সাল সলনি কৰে। সেয়ে কোনো নগা দোৱানৰ শব্দটো আছিল মৈৰাণ বা মেৰাণ। অৰ্থটো সাল-সলনি কৰা ঠাই। সেই শব্দটিয়েই মোট সলাই মৰিয়নি হ’ল। স্বাধীনতা যুঁজাৰু ভূৱন মোহন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মতে বৰ্তমানৰ মৰিয়নিৰ অঞ্চলটো সেই সময়ত অটব্য অৰণ্য আছিল। এই অঞ্চলৰ সীমাত থকা পুখুৰীয়া বচা গাঁৱৰ মানুহে বিভিন্ন কাৰণত এই হাবি বননি কাটিছিল। এই হাবি মৰি শুকাই যোৱাৰ পাছত এই ঠাইক ‘মৰানি’ বুলিছিল। পাছলৈ মুখে মুখে বাগৰি ‘মৰিয়নি’লৈ পৰিৱৰ্তন হ’ল।<ref name=" জন্ম পত্ৰিকা" /> আনহাতে ধ্বনি কৰি বিনন্দ চন্দ্ৰ বৰুৱাৰ মতে দিচৈ নৈৰ (বৰ্তমানৰ [[ভোগদৈ নদী|ভোগদৈ]]) পাৰৰ এই হাবি বননিৰে আগুৰা ঠাইডোখৰ পুখুৰীয়া গাঁৱৰ। এক প্ৰান্তত সীমা মূৰিয়াল অৱস্থিত। এই সীমা মূৰিয়াল শব্দটোৰেই পাছলৈ অপভ্ৰংশ হৈ মৰিয়নি নামৰ সৃষ্টি হৈছিল। আন এক প্ৰবাদ মতে, এসময়ত ভোগদৈ নৈখনে ইয়াৰ পূৰ্বৰ গতিপথ সলনি কৰি নতুন দিশেৰে গতি কৰিছিল। পুৰণি গতিপথটো হেনো মৰিয়নি নগৰৰ মাজেদি গৈ বৰ্তমান মৰিয়নি জংচনৰ পাছফালেদি বৈ গৈছিল। নদীয়ে গতিপথ সলনি কৰঅত এই এৰা সূতিটোক মৰিনৈ বুলি মানুহে মুখে মুখে কৈছিল আৰু এই মৰিনৈয়েই শেষলৈ মৰিয়নি হ’লগৈ বুলি বহুতেই ক’ব খোজে। কিন্তু ভূ-তাত্ত্বিক দিশৰ পৰা চালে দেখা যায় যে নদীয়ে এৰি থৈ যোৱা মাটিত পলসৰ পৰিমাণ বেছি হব যিটো মৰিয়নিৰ মাটিত পোৱা নাযায়। তাৰোপৰি ভূ-বিজ্ঞানৰ মতে নদীয়ে সাধাৰণতে গতিপথ [[ভূমিকম্প]] বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে সলনি কৰে। কিন্তু অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ বাদে বৰ ভূইকঁপ হোৱা নাই বাবে এই নদীয়ে গতিপথ সলনি কৰাৰ সম্ভাৱনা তেনেই কম। সেয়ে এই যুক্তিটোত সন্দেহৰ অৱকাশ আছে।<ref name=" জন্ম পত্ৰিকা" />
 
==ভৌগোলিক বিৱৰণ==
"https://as.wikipedia.org/wiki/মৰিয়নি"ৰ পৰা অনা হৈছে