এচিদ বৰষুণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[File:Origins of acid rain as.svg|thumb|350px|এচিদ বৰষুণৰ লগত সম্বন্ধ থকা প্ৰক্ৰিয়াসমূহ]]
 
'''এচিদ বৰষুণ '''({{lang-en|Acid rain}}) বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল কাৰখানা আৰু উদ্যোগ বিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধন বিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড,নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেচ বায়ুমণ্ডললৈ নিৰ্গত হয়। বায়ুমণ্ডলত এই গেচ সমূ্হ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিদ,নাইট্ৰিক এচিদ আৰু হাইড্ৰক্ল'ৰিক এচিদলৈ ৰূপান্তৰিত হয়। এই এচিদ বিলাক বৰষুণৰ পানীৰ লগত লগ হৈ এচিদ বৰষুণ হিচাপে পৃথীৱীত পৰে। বৰষুণৰ পানীৰ pH ৰ মান ৫.৬ তকৈ হ্ৰাস পালে ইয়াৰ ধৰ্ম আম্লিক হয়। অম্লবৃষ্টিত প্ৰায় ৬০ শতাংশ ছালফিউৰিক এচিদ,৩৫ শতাংশ নাইট্ৰিক এচিদ আৰু খুব কম পৰিমাণৰ হাইড্ৰক্ল'ৰিক এচিদ আদি থাকে। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= পৰিবেশ অধ্যয়ন | author= দীপালী দাস | Publisher = শ্ৰীমতী কল্পনা দে,কে.এম পাবলিচিং,"শ্যাম ভৱন" পানবজাৰ,কটন কলেজ ৰ'ড,গুৱাহাটী - ১(অসম) | year= ২য় সংস্কৰণ ২০১২ | ISBN = 81-85-916-100-4 }} </ref>
 
 
7 নং শাৰী:
==এচিদ বৰষুণৰ পৰিণাম==
[[File:Waldschaeden Erzgebirge 3.jpg|thumb|এচিদ বৰষুণৰ ফলত গছ-গছনিৰ হোৱা ক্ষতি]]
এচিদ বৰষুণে ভূ-পৃষ্ঠ তথা জৈৱবৈচিত্ৰতাক বিভিন্ন ধৰণে অনিষ্ট কৰে।
 
*এচিদ বৰষুণে ঘৰ-দুৱাৰ,কীৰ্তিস্তম্ভ আদিৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে। বিশেষকৈ মাৰ্বলেৰে নিৰ্মিত পুৰণি কীৰ্তিস্তম্ভবোৰক ই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। উদাহৰণ স্বৰূপে আগ্ৰাৰ তাজমহলৰ কথা উল্লেখ কৰিব পৰা যায়।
*এচিদ বৰষুণে প্ৰাচীন শিলালিপি সমূহ ক্ষয় নিয়ায়। গ্ৰীচ আৰু ইটালীত থকা এনেধৰণৰ বহু সৌন্দৰ্য্যবোধক শিলা স্তম্ভ এচিদ বৰষুণৰ দ্বাৰা দ্ৰবীভূত হব ধৰিছে।
*জলজ প্ৰাণী বিশেষকৈ মাছ ,এচিদ বৰষুণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ছুইডেন,নৰৱে,[[কানাডা]] আদিৰ বহুতো হ্ৰদৰ মৎস্য বাসস্থান এই এচিদ বৰষুণৰ বাবে নাইকীয়ানাইকিয়া হৈছে।
*এচিদ বৰষুণৰ ফলত জলাশয়ৰ কাষৰ ধাতুনিৰ্মিত শিল সমূহৰ পৰা এলুমিনিয়াম,পাৰা,মেঙ্গানিজ,দস্তা আৰু সীহ আদি নিৰ্গত হৈ জলাশয়ৰ পানী জীৱৰ কাৰণে বিষময় কৰি তোলে।
*এচিদ বৰষুণে মাছৰ প্ৰজনন ক্ষমতা নাইকীয়ানাইকিয়া কৰি মাছৰ মৃত্যু ঘটায়।
*এচিদ বৰষুণে গছ-গছনি আৰু উদ্ভিদৰ ওপৰত কু-প্ৰভাৱ পেলায়।
*বহুতো কীট-পতঙ্গ আৰু ভেঁকুৰে এচিদ বৰষুণৰ দ্বাৰা প্ৰভাৱিত নহয়। ফলত ইহঁতে কৃষি পথাৰ আক্ৰমণ কৰি নাইবা নানা ৰোগৰ সৃষ্টি কৰি মানুহৰ অনিষ্ট কৰে।<ref name="গ্ৰন্থ ১" />
 
==এচিদ বৰষুণ ৰোধ কৰাৰ উপায়==
[[File:Bixi stele (wrapped), Harvard University, Cambridge, MA - IMG 4607.JPG|thumb|এচিদ বৰষুণৰ (প্ৰকৃততে এচিদ বৰফ) ফলস্বৰূপে হোৱা ক্ষয়ীভৱনৰ পৰা ৰক্ষা পাবলৈ ১৯৯৮ চনৰ পৰা শীত কালৰ সময়চোৱাত হাৰ্ৱাড বিশ্ববিদ্যালয় চৌহদত থকা কিছুমান মাৰ্বল আৰু ব্ৰঞ্জৰ প্ৰতিমূৰ্তি জল-নিৰোধক আৱৰণেৰে ঢাকি ৰখা হয়।<ref>"[http://harvardmagazine.com/2000/03/art-under-wraps.html Art Under Wraps]", Harvard Magazine, March–April 2000</ref>]]
*উদ্যোগ আৰু শক্তি প্ৰকল্প সমূহত প্ৰদূষণ ৰোধী সজুলীৰ ব্যৱহাৰ কৰি বায়ুমণ্ডলত SO2 আৰুNO2 ৰ নিৰ্গমনত বাধা দিব পাৰি।
*হ্ৰদ আৰু স্থলভাগত চূণশিল প্ৰয়োগ কৰি এচিদ বৰষুণৰপৰা হব পৰা ক্ষতিৰ পৰিমাণ কমাব পাৰি।
*খোৱা পানীৰ নলীবিলাকৰ ভিতৰ পৃষ্ট কোনো জৈৱ পলিমাৰৰ সহায়ত এটা ৰক্ষ্যাকাৰী তৰপ(Protective layer) ৰ প্ৰলেপ দিলে,এচিদ বৰষুণৰ প্ৰভাৱৰ পৰা পানীক মুক্ত কৰিব পাৰি।<ref name="গ্ৰন্থ ১" />