কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
8 নং শাৰী:
| caption=কুশল কোঁৱৰ
|death_date= ১৫ জুন, ১৯৪৩ চন
| known_for = ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ
|nationality=
}}
14 নং শাৰী:
 
==জন্ম তথা প্ৰাৰম্ভিক জীৱন==
১৯০৫ চনত অসমৰ [[গোলাঘাট জিলা]]ৰ (তেতিয়াৰ [[শিৱসাগৰ জিলা]]ৰ অন্তৰ্গত) ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোঁৱৰৰ জন্ম হৈছিল।<ref name="assaminfo.com" /> তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ।
 
১৯১৮ চনত প্ৰাথমিক শিক্ষা শেষ কৰি কুশল কোঁৱৰে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ১৯১৯ চনৰ [[জালিয়ানৱালাবাগৰ হত্যাকাণ্ড]] আৰু তাৰেই ফলত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্ৰোহ আৰু [[মহাত্মা গান্ধী]]ৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো যথেষ্ট পৰিমানেপৰিমাণে পৰিছিল। ১৯২১ চনত কুশল কোঁৱৰে আন বহুতো অসমীয়া ডেকা গাভৰু তথা স্কুলীয়া বিদ্যাৰ্থীৰ দৰে বিদ্যালয় ত্যাগ কৰি এই আন্দোলনত জপিয়াইজঁপিয়াই পৰে। সেইসময়ত কোঁৱৰৰ বয়স আছিল মাত্ৰ ১৭ বছৰ। সেইসময়তে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কুশল কোঁৱৰৰ দেউতাকে পৈত্ৰিকপৈতৃক সম্পত্তি বিক্ৰি কৰি বালিজানৰ পৰা ৰেংমাই লৈ গুচি আহে।
 
১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে সোমায় আৰু এই বাগিচাতেই ১৯৩৬ চনলৈ কাৰ্য্যনিৰ্বাহ কৰে।
 
১৯২৯ চনত কুশল কোঁৱৰে জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
 
==ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কুশল কোৱঁৰ==
স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰাত বাগিচাৰ কাম ত্যাগ কৰে আৰু সামাজিক কাম কৰাৰ স্বাৰ্থত গোলাঘাট জিলা [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছৰ]] সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল। কিন্তু ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাটোৰ দলপতি বুলি তেওঁক ১৯৪২ চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয়।
 
==মৃত্যু==