পোৱামক্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চতুৰ্থাংশ
No edit summary
4 নং শাৰী:
 
==নামৰ উৎপত্তি==
জনশ্ৰুতি মতে [[মক্কা]]ৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়।<ref>{{Cite web |last=কাকতি|first=দীনেশ|title= হাজো হেন নাম|url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9b99be99c-9b99c79a8-9a89be9ae}}</ref> ইয়াৰ লগতে ইছলাম ধৰ্মালম্বী সকলে পোৱামক্কা দৰ্শন কৰিলে [[চৌদি আৰৱ]]ৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পূণ্যপুণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৱিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী।
 
==ইতিহাস==
13 নং শাৰী:
 
==পৰ্যটন==
হাজোৰ পোৱামক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী।<ref>{{Cite web |last=বৰুৱা|first=প্ৰিয়াংকু নাৰায়ণ |title= অসমৰ ঐতিহাসিক সমলসমূহৰ সু-সংৰক্ষণ হোৱা উচিত|url=http://www.xahitya.org/2017/04/14/অসমৰ-ঐতিহাসিক-সমলসমূহৰ-স/}}</ref> ইছলাম ধৰ্মালম্বী সকলৰ বাবে ই অতি পৱিত্ৰ স্থান তদুপৰি অন্যান্য ধৰ্মৰ লোক সকলেও ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে।<ref>{{Cite web |last=হুছেইন|first=জাকিৰ|title= অসমীয়াৰ সাম্প্ৰদায়িক সম্প্ৰীতি|url=https://janambhumi.in/VG5wak0wMVJQVDA9/অসমীয়াৰ-সাম্প্ৰদায়িক-সম্প্ৰীতি.html}}</ref> প্ৰতি বছৰে অসম তথা ভাৰতৰ পৰা ইয়ালৈ তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি ১৫ দিনীয়াকৈ উৰছ উৎসৱ হিচাপে পালন কৰা হয়। উৰছ উৎসৱত চুফী গীত, [[জিকিৰ]] আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰছ উৎসৱৰ সময়ত পোৱামক্কাত মেলা বহে।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/পোৱামক্কা"ৰ পৰা অনা হৈছে