নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
'''নামঘোষা''' হৈছে [[মাধৱদেৱ]]ৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।<ref name="Madhava_guru_ratnavali">{{Cite web |title=The Bhakti Ratnavali of Madhavadeva |url=http://atributetosankaradeva.org/Madhava_guru_ratnavali.htm |publisher=ATributeToSankaradeva |accessdate=14 October 2019}}</ref> অন্য তিনিখন পুথি হৈছে [[শংকৰদেৱ|মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ]]ৰ দ্বাৰা ৰচিত [[কীৰ্তন]], [[দশম]] আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত [[ভক্তি ৰত্নাৱলী]]।<ref name="Madhava_guru_ratnavali"/> নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।<ref name="atributetosankaradeva1">{{cite web | url=http://www.atributetosankaradeva.org/namghosa.htm | title=Nām Ghosā - the Book of the Names Divine | publisher=A tribute to Sankaradeva | accessdate=2013-05-29}}</ref>
 
১৯৯৭ চনত সুৰুজসূৰুজ কুমাৰ দত্তই '''The Divine Verses''' উপ নামেৰে নামঘোষাৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰে। ২০১৭ চনত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশিত হয়।<ref name="MadhavadevaDutta1997">{{cite book|author1=Madhavadeva|author2=Soroj Kumar Dutta|title=The Divine Verses: A Translation of the Original "Naam-ghosa" of Sri Sri Madhavadeva|url=https://books.google.com/books?id=cVIcGQAACAAJ|accessdate=29 May 2013|year=1997|publisher=Vision Publications}}</ref>
==বিৱৰণ==
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি।
মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, “আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?” তেতিয়া শংকৰদেৱে উত্তৰ দিলে, “মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা‌।”থাকিবা‌। ” গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক ''হেজাৰী ঘোষা'' বোলা হয়। মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-
<poem>"মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
{{gap}}ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
{{gap}}ভজো হেন দেৱ যদুপতি।।যদুপতি॥"</poem><ref name="কীৰ্ত্তন−ঘোষা">{{cite book|title=কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা|author=মহাপুৰুষ
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ|editor=শ্ৰীমন্ত শংকৰদেৱ সংঘ|date=১৯৯১}}</ref>
তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-
14 নং শাৰী:
{{gap}}পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
{{gap}}উপাসা কৰোহো হৃদয়ত।।হৃদয়ত॥ "</poem><ref name="কীৰ্ত্তন−ঘোষা"/>
[[ভক্তি ৰত্নাৱলী]] শাস্ত্ৰভাগ শেষ কৰাৰ পাছত [[মাধৱদেৱ|শ্ৰীশ্ৰীমাধৱদেৱে]] নামঘোষা আৰম্ভ কৰিছে, যিহেতু ভক্তি ৰত্নাৱলী 'শৰণ বিৰচনে'ৰে সমাপ্ত কৰা হৈছে, সেয়ে ঘোষা শাস্ত্ৰ 'ভজনে'ৰে সমৃদ্ধ কৰি শুভাৰম্ভ কৰা হৈছে। মহাপুৰুষ মাধৱদেৱে এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য [[গুৰুচৰিত]]ত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- “মই গুৰুসেৱকে যি পালোঁ তাকো ঘোষাতে থৈছোঁ, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছোঁ, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছোঁ।”থৈছোঁ। ”
 
ঘোষা শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ব্ৰহ্মবাদী ভাবধাৰাকে সমৰ্থন কৰিছে। ঘোষাত উপস্থাপিত হোৱা ব্ৰহ্ম চৈতন্যময় আৰু হৃদিস্থিত। অবিদ্যাজনিত মূঢ়তাৰ বাবে মানুহে ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে‌। নামঘোষাই অবিদ্যাক মায়াৰূপে অভিহিত কৰিছে। ভাৰতীয় বেদান্ত দৰ্শনত মায়াৰ যি ধাৰণা সেই ধাৰণাকে নামঘোষাতো বিচাৰি পোৱা যায়।
 
নামঘোষাৰ মতে একমাত্ৰ সত্য, শুদ্ধ, নিত্য আৰু চৈতন্য হৈছে কৃষ্ণ। ঘোষাত কৈছে-
23 নং শাৰী:
{{gap}}{{gap}}সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো{{gap}} তোমাৰ বিনোদ ৰূপ
{{gap}}{{gap}}চৰাচৰ মায়াৰ কল্পিত।।কল্পিত॥ </poem><ref name="কীৰ্ত্তন−ঘোষা"/>
মায়াক ঈশ্বৰৰ বিনোদ ৰূপ বুলি কোৱা হৈছে। এই ৰূপক ভক্তিবিৰোধীসকলে সঁচা বুলি ভাবি বিভ্ৰান্তিত পৰে। নামঘোষাত কৈছে-
<poem>দুৰ্বাৰ দুঃসঙ্গ দুৰ্বাসনা দুষ্ট {{gap}} হৰি হৰি হৰি হৰি এ
{{gap}}{{gap}} অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি {{gap}} হৰি হৰি হৰি হৰি এ
{{gap}}{{gap}}তুমি পৰমাত্মা ঈশ্বৰ ভৈলো বঞ্চিত।।বঞ্চিত॥ </poem><ref name="কীৰ্ত্তন−ঘোষা"/>
 
নামঘোষাই ভগৱৎ ভক্তিৰ মাজত আনন্দৰ উৎস নিৰূপণ কৰি দিছে। আনন্দৰূপক ঘোষাশাস্ত্ৰত ৰসময় ভকতিত পৰিণত কৰি ৰসময় ভকতিৰ যোগেদি মুক্তি পথৰ সন্ধান দিয়া হৈছে। ঘোষাৰ মাজত মাধৱদেৱে দাস্যভক্তিৰো প্ৰকাশ ঘটাইছে।
35 নং শাৰী:
{{gap}}জানাযেন কল্পতৰু।
তাহান্ত বিনাই{{gap}} নাই নাই নাই
{{gap}}আমাৰ পৰম গুৰু।।গুৰু॥ "</poem><ref name="কীৰ্ত্তন−ঘোষা"/>
বুলি পৰম গুৰুৰ পৰিচয় কৰাই দিছে। নাম-ঘোষাই এই তত্ত্বৰ চিনাকি কৰাই দিয়ে। শ্ৰীমন্ত শংকৰদেৱে দেৱতাসকলে গুপ্ত কৰি যোৱা হৰিনাম বস্তু জগতৰ কল্যাণৰ কাৰণে উদঙাই দিলে।<ref name="নাম-ঘোষাঃএটি আলোক">{{cite book|title= নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}</ref> অবস্তুৰ পৰা আঁতৰাই দেখুওৱা প্ৰকৃত বস্তুক নামঘোষাত এনেদৰে উল্লেখ আছে-
<poem>"হৰি নাম ৰসে {{gap}}বৈকুণ্ঠ প্ৰকাশে
{{gap}}প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে{{gap}} পাৰ ভাঙ্গি দিলে
{{gap}}বহে ব্ৰহ্মাণ্ডক ভেদি"</poem><ref name="কীৰ্ত্তন−ঘোষা"/>
 
এক শৰণ হৰি নাম ধৰ্ম সাধনৰ চাৰিটা স্তৰ- গুৰু, দেৱ, নাম, ভকতৰ ধাৰণা নামঘোষাত পৰিষ্কাৰ ৰূপত দিয়া হৈছে।
 
==বৈশিষ্ট==
 
[[শংকৰদেৱ]]ৰ আজ্ঞা মানি [[মাধৱদেৱে]] ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষা ফাঁকি লিখি দিলে। তাৰ পিছতে [[মাধৱদেৱে]] লিখি গৈ মুঠ এহেজাৰ এক ফাঁকিত সামৰণি মাৰিলে। দ্বিতীয় ফাঁকিৰ পৰা [[মাধৱদেৱে]] লিখা বাবে নাম ঘোষাক ''হেজাৰী ঘোষা'' বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম ''বঢ়াৰ পো''
 
নামঘোষাখন চাৰিটা [[ছন্দ]]ত লিখা।
58 নং শাৰী:
নামঘোষাৰ প্ৰসংগত ''[[দৈতাৰি ঠাকুৰ]]ৰ চৰিত পুথি''ত উল্লেখ আছে<ref name="ঘোষা নামে শাস্ত্ৰ এক">{{cite book|title= ঘোষা নামে শাস্ত্ৰ এক|author= হেমভাই |editor=|date=জানুৱাৰী ২০১৫}}</ref>-
<poem>দেখা ঘোষা পুথিখান আমাৰ আছয়।
সবে কহি আছোঁ যিক কহিবে লাগয়।।লাগয়॥
তাহাৰ অৰ্থকে যিবাজেন বুজিবেক।
সেইজনে জানা লাগ আমক পাইবেক।।পাইবেক॥ ১৫৬৫।।১৫৬৫॥
ঘোষাতে সমস্ত মোৰ বলবুদ্ধি যত।
যাৰ ভাগ্য আছে তাতে বুজিৱে সমস্ত।।সমস্ত॥ ১৫৬৬।।১৫৬৬॥</poem>
 
অৰ্থ্যাৎ ঘোষা শাস্ত্ৰৰ মাজতে মাধৱদেৱে নিজে থকাৰ কথা প্ৰকাশ কৰিছে।
 
এই গ্ৰন্থখনৰ সম্পৰ্কত কেইজনমান পুৰোধা ব্যক্তিৰ উদ্ধৃতি -
[[ড০ড॰ নগেন শইকীয়া]]—"নামঘোষা [[মাধৱদেৱ]]ৰ সমস্ত জীৱনৰ জ্ঞান আৰু গভীৰ অনুভৱৰ স্বতঃস্ফূৰ্ত কাব্যময় প্ৰকাশ ভাৱৰ গভীৰতা, বিষয় যথা যোগ্যতা, প্ৰকাশভংগী চাৰুতা আৰু ভক্তিৰ ৰসময়ী স্বৰূপৰ অনন্য অভিব্যক্তিয়ে নামঘোষাক কৰি তুলিছে সকলো কালৰ বাবে এক অতুলনীয় মহৎ কাব্যকৃতি। নামঘোষাই ধৰ্মৰ সকলো সাম্প্ৰদায়িক ৰূপ অতিক্ৰম কৰি পাঠকৰ অন্তৰত এক অলৌকিক আনন্দনিস্যন্দী অন্তৰ্জগতৰ মাজলৈ লৈ যায়, পাঠকৰ বুদ্ধি আৰু বোধৰ এক অপূৰ্ব মিলন ৰাজ্যত প্ৰবেশৰ এক বিৰল সুযোগ দান কৰে। "<ref name="নাম-ঘোষাঃএটি আলোক"/>
[[ড০ড॰ বাণীকান্ত কাকতি]]—"নাম-ঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে। পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি, [[মাধৱদেৱ]]ৰ আত্মলঘিমা আৰু কৃষ্ণস্তুতিৰ মাহাত্ম্য। হিয়া ভেদ কৰি ওলোৱা ৰসময়ী ভক্তিয়েই 'নাম-ঘোষা'ক শিক্ষামূলক পদ সংগ্ৰহৰ শাৰীৰ পৰা আঁতৰাই আনি জীৱন ৰসেৰে অভিসিক্ত প্ৰকৃত সাহিত্যৰ সমুখ আসনত ঠাই দিছে। "<ref name="নাম-ঘোষাঃএটি আলোক"/>
[[সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা]]— "মোক মানুহে গণ্ডপ মৰা বুলিব পাৰে, এচকুৱা বুলিব পাৰে;বোলক, তাত মোৰ দুখ নাই। কিন্তু মোৰ মুখত কোনেও সোপা দিব নোৱাৰে। যদি মই গল মেলি কওঁ যে ভাৰততহে নালাগে পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন Scripture বা শাস্ত্ৰ ওলোৱা নাই, যাক আমাৰ এই ঘোষা শাস্ত্ৰখনেৰে সৈতে একে শাৰীতে ঠগিত থব পাৰি। ই ঈশ্বৰৰ চৰণত কায়, বাক্য, মনেৰে নিজক সঁপি দি ঈশ্বৰত নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰপৰা ওলোৱা কাৰুণ্য স্তুতিৰ উঁহ। অকল সিয়েই নহয়, সেই অবাঙমন গোচৰ অথচ সচিদানন্দময়ৰ আনন্দানুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰপৰা আপোনা-আপুনি উথলি পৰা পৰমানন্দ প্ৰৱাহৰ পুষ্পাঞ্জলি। "<ref name="নাম-ঘোষাঃএটি আলোক"/>
[[ড০ড॰ মহেশ্বৰ নেওগ]]—"'নাম-ঘোষা' পৰম ভক্ত মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দোময় প্ৰকাশ। "<ref name="নাম-ঘোষাঃএটি আলোক"/>
[[ড০ড॰ সত্যেন্দ্ৰনাথ শৰ্মা]]—"[[মাধৱদেৱ]]ৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ই পূৰ্ণ প্ৰকাশ। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধ হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। "<ref name="নাম-ঘোষাঃএটি আলোক"/>
[[বিনোৱাভাৱে]]—"নাম-ঘোষা বিশ্বৰ এখনি শ্ৰেষ্ঠ ভক্তিগ্ৰন্থ।বিশ্বৰভক্তিগ্ৰন্থ। বিশ্বৰ সকলো সাহিত্যতে এনে ভক্তিমূলক গ্ৰন্থ বিৰল। "<ref name="নাম-ঘোষাঃএটি আলোক"/>
 
==স্ৰষ্টাৰ পৰিচয়==
 
নামঘোষা [[মাধৱদেৱ|মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে]] ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ১৪৮৯ চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধুৱাঁহাটৰ বেলগুৰিত শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ-মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে