পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[File:Light dispersion conceptual waves.gif|thumb|266x266px|এটা ত্ৰিভুজাকাৰ প্ৰিজমে বগা পোহৰক বিচ্ছুৰণ কৰা দৃশ্য। দীঘল তৰংগদৈৰ্ঘ্য (ৰঙা) আৰু চুটি তৰংগদৈৰ্ঘ্য (নীলা) পৃথক হৈ পৰিছে। ]]
মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বৰ্ণালী]]ৰ দৃশ্যমান অংশক '''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' বোলা হয়।<ref>[[International Commission on Illumination|CIE]] (1987). [http://www.cie.co.at/publ/abst/17-4-89.html ''International Lighting Vocabulary'']. Number 17.4. CIE, 4th edition. ISBN 978-3-900734-07-7.<br />By the ''International Lighting Vocabulary'', the definition of ''light'' is: “Any radiation capable of causing a visual sensation directly.”</ref>দৃশ্যমান পোহৰৰ [[তৰংগদৈৰ্ঘ্য]]ৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ [[নেন'মিটাৰ]]ৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ [[নেন'মিটাৰ]] আৰু [[কম্পনাংক]]ৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। [[পদাৰ্থবিজ্ঞান]]ৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য [[অৱলোহিত]] (নিম্ন কম্পনাংক) আৰু [[অতি বেঙুনীয়া]] (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।<ref>{{Citation | title = Camera lenses: from box camera to digital | author = Gregory Hallock Smith | publisher = SPIE Press | year = 2006 | isbn = 9780819460936 | page = 4 | url = http://books.google.com/?id=6mb0C0cFCEYC&pg=PA4 }}</ref><ref>{{Citation | title = Comprehensive Physics XII | author = Narinder Kumar | publisher = Laxmi Publications | year = 2008 | isbn = 9788170085928 | page = 1416 | url = http://books.google.com/?id=IryMtwHHngIC&pg=PA1416#v=onepage&q= }}</ref>
 
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূণ্যতশূন্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। [[বিশেষ আপেক্ষিকতাবাদ]]ৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
 
পোহৰ '[[ফ'টন]]' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক '[[আলোক বিজ্ঞান]]' বোলা হয় আৰু ই আধুনিক [[পদাৰ্থবিজ্ঞান]]ত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।
 
== পোহৰৰ গতি ==
[[মুক্ত স্থান|শূণ্যশূন্য]] ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ &nbsp;[[মিটাৰ প্ৰতি ছেকেণ্ড|মিঃ/ছেঃ]] (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰাষ্ট্ৰীয় একক (SI) পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।
ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিও'ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ কৰিছিল। Io-ৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি তেওঁ গনণা কৰি উলিয়াইছিল যে, পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২২ মিনিট সময় লয়। <ref>''[http://projecteuclid.org/DPubS/Repository/1.0/Disseminate?view=body&id=pdf_1&handle=euclid.ss/1009212817 Scientific Method, Statistical Method and the Speed of Light]''. Statistical Science 2000, Vol. 15, No. 3, 254–278</ref>দূৰ্ভাগ্যক্ৰমে সেইসময়ত ইয়াৰ আকাৰ জনা হোৱা নাছিল। Rømer-ৰ সময়ত পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ জোখ উপলব্ধ হোৱাহেঁতেন তেওঁৰ গনণাত পোহৰৰ গতিবেগ ২২৭,০০০,০০০ মিঃ/ছেঃ পোৱা গ'লহেঁতেন। {{main|পোহৰৰ বেগ}}
 
== বিদ্যুত-চুম্বকীয় বৰ্ণালী ==
[[চিত্ৰ:EM spectrum.svg|thumb|380px|right|[[বিদ্যুত-চুম্বকীয় বৰ্ণালী]] পোহৰক চিনাক্ত কৰি দেখুওৱা হৈছে]]
সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত '[[বিকিৰণ]]' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু [[নিকট আৰু দূৰৱতী ক্ষেত্ৰ|নিকট ক্ষেত্ৰ]]ক অন্তৰ্ভুক্ত কৰা হোৱা নাই) তৰংগদৈৰ্ঘ্যৰ মানৰ ওপৰত নিৰ্ভৰ কৰি [[ৰে'ডিঅ']], [[মাইক্ৰ'তৰংগ]], [[অৱলোহিত]], (আমি পোহৰ হিচাপে পোৱা)[[দৃশ্যমান অংশ]], [[অতিবেঙুনীয়া]], [[এক্স-ৰে']] আৰু [[গামা ৰশ্মি]], এইকেইটা ভাগত শ্ৰেণীবিভাজিত কৰা হয়।
 
বিদ্যুত-চুম্বকীয় বিকিৰণৰ আচৰণ ইয়াৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উচ্চ কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্য কম, আৰু নিম্ন কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্যৰ বেছি। যেতিয়া বিদ্যুত-চুম্বকীয় বিকিৰণে এটীয়া পৰমাণু আৰু অণুৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ আচৰণ প্ৰতিটো [[কোৱান্টাকোৱাণ্টা]]ত নিহিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
 
== আলোক বিজ্ঞান ==
পোহৰ আৰু [[পদাৰ্থ]]ৰ সৈতে পোহৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়ৰ অধ্যয়নক [[আলোক বিজ্ঞান]] বোলা হয়। [[আলোকীয় পৰিঘটনা]] যেনে, [[ৰামধেনু]] আৰু [[মেৰুজ্যোতি (জ্যোতিৰ্বিজ্ঞান)|মেৰুজ্যোতি]] ইত্যাদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় বহুতো তথ্য উদ্ঘাটন কৰিব পাৰি।
 
 
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে