বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
36 নং শাৰী:
}}
 
'''ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য''' (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত "[[মৃত্যুঞ্জয়]]" উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল<ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref>। তেওঁ ১৯৬১ চনত "[[ইয়াৰুইংগম]]" গ্ৰন্থৰ বাবে [[সাহিত্য অকাদেমি বঁটা]]ও লাভ কৰিছিল<ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref>। ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়<ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref>। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল।
 
==চমু জীৱনী==
===জন্ম===
১৯২৪ চনৰ ১৮ অক্টোবৰত চফ্ৰাই চাহবাগিচাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়।
 
===শিক্ষা===
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, [[যোৰহাট]] হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ, [[কটন মহাবিদ্যালয়]]ৰ পৰা [[বিজ্ঞান]] শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ। ১৯৫১ চনত বি এ।তেওঁএ। তেওঁ প্ৰাইভেটকৈ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰ]]ৰ পৰা [[অসমীয়া]]ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫৩ চনত। ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ। গৱেষণাৰ বিষয় আছিল 'অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস'।
 
===কৰ্মজীৱন===
*সহকাৰী সম্পাদক – [[বাঁহী]] (১৯৪৫), [[দৈনিক অসমীয়া]] (১৯৪৭-৪৯), Advance (১৯৪৬) [[জনতা]] (১৯৪৯-৫১)।
*সম্পাদক- [[ৰামধেনু]] (১৯৫২), [[সাদিনীয়া নৱযুগ]]।
*শিক্ষকতা- ওখল হাইস্কুল (১৯৫১-৫২)।
 
=== মৃত্যু===
১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে।
 
==সাহিত্য কৰ্ম==
103 নং শাৰী:
 
==ড॰ ভট্টাচাৰ্যৰ সাহিত্যৰ সমালোচনা==
তেওঁৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়। [[বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণু ৰাভা]] এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাৱে চিত্ৰিত হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ। তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে। তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে। তেওঁৰ আটাইবোৰ গল্পতে গভীৰ মানৱতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছে। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহূৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাৱে ফুটি উঠিছে। সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে। তেওঁৰ ''মৃত্যুঞ্জয়'', ''আই'' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপন কৰিছে<ref>সঞ্চয়ন- ড॰ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)</ref><ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)</ref>।
 
==স্বীকৃতি আৰু সন্মান==
* [[সাহিত্য একাডেমী বঁটা]] (১৯৬০)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>
* [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
* [[অসম সাহিত্য সভা]]ৰ [[বঙাইগাঁও]] অধিৱেশনৰ সভাপতি (১৯৮৩)<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref>
 
==তথ্য সংগ্ৰহ==