যমুনেশ্বৰী খাটনিয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox person
| name =যমুনেশ্বৰী খাটনিয়াৰ
| native_name =
| native_name_lang =
| image =
| image_size =
| alt =
| caption =
| birth_name =
| birth_date = ১৮৯৯
| birth_place = [[গোলাঘাট]], [[অসম]]
| death_date = <!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place =
| residence =
| nationality = {{flagicon|India}} ভাৰতীয়
| other_names =
| citizenship =
| education =
| occupation =
| known_for = ৰমন্যাসিক কাব্যধাৰাৰ কবি
| notable_works =
| style =
| influences =
| influenced =
| home_town =
| religion = [[হিন্দু ধৰ্ম]]
| spouse =
| partner =
| children =
| parents = [[ভদৰাম শইকীয়া]] (পিতৃ) <br/>
| relatives =
| callsign =
| awards =
| signature =
| website = <!-- {{URL|www.example.com}} -->
}}
যমুনেশ্বৰী খাটনিয়াৰক ({{lang-en|Jamuneswari Khatoniyar}}) (১৮৯৯-১৯২৪)<ref name="indianetzone">{{cite web | url=http://www.indianetzone.com/49/early_women_writers_assamese_literature.htm | title=Early Women Writers in Assamese Literature | publisher=indianetzone.com | accessdate=December 18, 2012}}</ref> [[অসমীয়া সাহিত্য]]ৰ ৰমন্যাসিক যুগৰ প্ৰথম গৰাকী মহিলা কবি হিচাবে আখ্যা দিয়া হয়<ref name="amiasomiya">{{cite web | url=http://www.amiasomiya.org/component/content/article/62-serial-write-up/465-oct12-assamese-writer-2 | title=অসমীয়া সাহিত্যত মহিলা লেখকৰ অৱদান | publisher=[[আমি অসমীয়া ডট কম]] | accessdate=১৮ ডিচেম্বৰ, ২০১২ | author=বৰ্ণালী হাজৰিকা}}</ref>।
 
==চমু জীৱনী==
১৮৯৯ চনত [[গোলাঘাট]] নগৰত জন্ম গ্ৰহণ কৰা তেখেতৰ পিতৃ আছিল ভদৰাম শইকীয়াআৰু ভাতৃ প্ৰখ্যাত নাট্যকাৰ অভিনেতা [[সুৰেন্দ্ৰ নাথ শইকীয়া]]<ref name="amiasomiya"/>। ঘৰৰ পৰাই পঢ়া-শুনা আৰম্ভ কৰি মাধ্যমিক পৰ্য্যন্ত শিক্ষা সমাপ্ত কৰাৰ পিছত যমুনেশ্বৰী দেৱীয়ে ঘৰৰ ওচৰৰে মুদৈজানত বালিকা বিদ্যালয় এখন স্থাপন কৰে আৰু নিজেই তাতে শিক্ষকতা আৰম্ভ কৰে<ref name="bipuljyoti">{{cite web | url=http://www.bipuljyoti.in/authors/jamuneswari.html | title=Fragrance of Creation, A Profile of Jamuneswari Khatoniar | publisher=bipuljyoti.in | accessdate=December 18, 2012 | author=Jogendra Narayan Goswami}}</ref>। স্ত্ৰী শিক্ষাৰ বিশেষ সা- সুবিধা নথকা সময়ত বালিকা বিদ্যালয় স্থাপনৰ উদাহৰণে তেখেতৰ স্ত্ৰী-শিক্ষাৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ কথা সূচায়। এইখনেই গোলাঘাট নগৰৰ দ্বিতীয়খন প্ৰাথমিক বিদ্যালয়। ১৯২০ চনত তেখেতে ভৈৰৱ চন্দ্ৰ খাটনিয়াৰৰ সৈতে [[বিবাহ]]পাশত আৱদ্ধ হয়<ref name="indianetzone"/>।
 
==সাহিত্য চৰ্চা==
১৯১৯ চনত তেখেতৰ প্ৰথম কবিতাপুথি ‘[[:as:s:অৰুণ|অৰুণ]]’ প্ৰকাশ পায়<ref name="bipuljyoti"/>। কলিকতাৰ ‘সাম্য প্ৰেছ’ত এই পুথিখন মুদ্ৰনমুদ্ৰণ কৰা হৈছিল। পুথিখনে সেই সময়ত পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল<ref name="amiasomiya"/>। ‘[[বাঁহী (আলোচনী)|বাঁহী]]’, ‘অকণ’, ‘প্ৰভাত’ আদি আলোচনীত তেখেতৰ কবিতা প্ৰায়ে প্ৰকাশিত হৈছিল<ref name="bipuljyoti"/>। মাত্ৰ ২৫ বছৰ বয়সতে অকাল মৃত্যু ঘটা<ref name="indianetzone"/> এই সম্ভাৱনাপূৰ্ণ কবি গৰাকীয়ে ‘সাৱিত্ৰী’ আৰু ‘কিংলিয়েৰ’ নামৰ আৰু দুখন কবিতাপুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈ গৈছিল। ভগৱানৰ ওপৰত তেখেতৰ অগাধ বিশ্বাস আছিল। ‘শ্ৰীশংকৰদেৱ’, ‘ভিক্ষা’, ‘সুখ’, ‘নিয়া যেন তাক উটাই বুৰাই’ আদি তেওঁৰ উল্লেখযোগ্য কবিতা। ‘[[সীতা]]’, ‘[[দ্ৰৌপদী]]’, ‘[[মন্দোদৰী]]’, ‘[[জয়মতী]]’ আদি কবিতাত মহীয়সী নাৰীসকলৰ বন্দনাৰ সৰল আৰু শুৱলা ভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। শিক্ষাবিদ সাহিত্যিক [[শৰত চন্দ্ৰ গোস্বামী]], ‘[[আসাম বিলাসিনী]]’ৰ সেই সময়ৰ সম্পাদক [[কৃষ্ণকান্ত ভট্টাচাৰ্য্য]], [[বৃটিছ চৰকাৰ]]ৰ প্ৰথম অসমীয়া মন্ত্ৰী ঘনশ্যাম বৰুৱা প্ৰমুখ্যে আন কেইবাজনো বিখ্যাত সাহিত্যিকে তেখেতৰ লিখনীৰ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে<ref name="bipuljyoti"/><ref name="amiasomiya"/>।
 
==তথ্য সংগ্ৰহ==