ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
63 নং শাৰী:
 
==ৰাজনৈতিক জীৱন==
১৯১৬ চনত [[জব্বলপুৰ]]ত হিন্দু-মুছলিম বিৰোধ সাম কটাৰ পিছত ১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতপ্ৰোত ভাবে জড়িত হৈ পৰে। ১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন নিৰ্বাচিত হয়। কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আচিল। বাল সহযোগ, কমলা নেহেৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সবানেত্ৰী আছিল। তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ [[গলজাৰিলাল নন্দ]] ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। গলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। ১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ড॰ জাকিৰ হুছেইন]]ৰ মৃত্যু হোৱাত সেই পদ পূৰণৰ বাবে সমস্যাৰ সৃষ্টি হয়। উপৰাষ্ট্ৰপতি [[ভি ভি গিৰি]]য়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়। ১৯৬৯ চনৰে বাঙ্গালোৰ অধিবেশনে ৰাষ্ট্ৰপতি ৰূপে পাবলৈ বিচাৰিলে [[নীলম সঞ্জীৱ ৰেড্ডী]]ক। ইন্দিৰা গান্ধীয়ে মনোনয়নত স্বাক্ষৰ দানো কৰিলে। ইয়াৰ প্ৰতিবাদ ভি ভি গিৰিয়েও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিল। ইন্দিৰা গান্ধীয়েও গিৰিৰ হৈ সমৰ্থন আগবঢ়ালে। গিৰি নিৰ্বাচিত হলহ’ল ৰাষ্ট্ৰপতি হিচাপে। ইন্দিৰা গান্ধীৰ এই কাৰ্য্যত কংগ্ৰেছৰ '''ৰাইট অৱ চেণ্টাৰ'''ৰ সৈতেও তেওঁৰ বিৰোধ হৈ পৰিল। কংগ্ৰেছত বিভাজন হলহ’ল আৰু কংগ্ৰেছ দুটা শিবিৰলৈ ৰূপান্তৰ হলহ’ল, পুৰণি আৰু নতুন কংগ্ৰেছ নামেৰে। পুৰণি কংগ্ৰেছৰ সভাপতি হলহ’ল [[নিজলিঙ্গপ্পা]] আৰু নতুন কংগ্ৰেছৰ সভাপতি হলহ’ল [[জগজীৱন ৰাম]]। ২৮২ জনীয়া কংগ্ৰেছ সংসদী দলৰ ২২০ জনে ইন্দিৰাৰ সপক্ষে আৰু ৬০ জনে ডাক্তৰ ৰাম সুভাগ সিঙকে নেতা নিৰ্বাচন কৰি বিপক্ষ গ্ৰহণ কৰিলে।<ref name="ইন্দিৰা গান্ধী"/>
 
১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮খন আসনৰ বাবে কংগ্ৰেছে ৪৪২ জন প্ৰাৰ্থী দি ৩৫১খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল--১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দ্বিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে [[ফকৰুদ্দিন আলি আহমেদ]] আৰু [[ওৱাই, বি , চবনে]]।<ref name="ইন্দিৰা গান্ধী"/>
 
ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমাণ ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে [[নতুন দিল্লী]]ত ভাৰত-[[ছোভিয়েট]] শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, [[চিনেমা]], জনস্বাস্থ্য, [[বাতৰি-কাকত]], শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত [[বোকাৰো]] আৰু [[ভিলাই তীখা কাৰখনা]]ৰ উত্পাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়। ১৯৮০ চনৰ লোকসভাৰ সপ্তম সাধাৰণ নিৰ্বাচনৰ আৰম্ভ হলহ’ল, এইবাৰো ইন্দিৰা গান্ধী নিৰ্বাচিত হৈ আহিল। শাসনভাৰ হাতত লৈয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশটো টনকিয়াল কৰাৰ কাৰণে অধিক উত্সাহেৰেউৎসাহেৰে কৰিদফীয়া কাৰ্যসূচীত মনোনিবেশ কৰিলে। এই সময়ছোৱাতে [[পঞ্জাৱ]] আৰু [[অসম]]ত আন্দোলন গঢ়ি উঠিল। অসমৰ বিদেশী বহিস্কৰণৰ সমস্যাটো তেওঁ কোনো সুমীমাংসা কৰিব নোৱাৰিলে আৰু পাঞ্জাৱৰ সমস্যাটোও একো পৰিবৰ্তন কৰিব নোৱাৰিলে মৃত্যু সময়লৈকে।<ref name="ইন্দিৰা গান্ধী"/>
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==