ইন্দ্ৰেশ্বৰ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
40 নং শাৰী:
১৯৩০ চনৰ ১০ জানুৱাৰী তাৰিখে [[যোৰহাট জিলা]]ৰ গৰিয়াহাবিত ইন্দ্ৰেশ্বৰ শৰ্মাৰ জন্ম হয়। বৰ্তমান এই অঞ্চল যোৰহাটৰ লহপহীয়াত অৱস্থিত। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ শৰ্মা যোৰহাট সংগীত বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। শৈশৱৰ পৰায়ে তেওঁৰ সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল। সেয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰি ১৯৪৭ চনত যোৰহাট সংগীত বিদ্যালয়ত যোগদান কৰে। ১৯৫২ চনত তেওঁ [[অসম চৰকাৰ]]ৰ পৰা [[উত্তৰ প্ৰদেশ]]ৰ লক্ষ্ণৌত অৱস্থিত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ত [[বেহেলা]] শিক্ষাৰ বাবে জলপানি লাভ কৰিছিল। তেওঁ ১৯৫৬-৫৭ চনৰ ভিতৰত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়। সেইসময়ত তেওঁ বিখ্যাত [[তবলা]] ওস্তাদ মুন্না খানৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।
 
==কৰ্মজীৱন==
লক্ষ্ণৌৰ পৰা শিক্ষা লাভ কৰি ইন্দ্ৰেশ্বৰ শৰ্মায়ে অসমলৈ ঘূৰি আহে। তেওঁ ১৯৫৮ চনত সংগীত শিক্ষা সমাপ্ত কৰি অসম কলেজ অফ মিউজিক, [[গুৱাহাটী]]ত সংগীত শিক্ষক হিচাপে কর্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক ৰূপে যোগদান কৰে৷ তাৰপিছত ১৯৬২ চনত তেওঁ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনৰ ফেব্রুৱাৰী মাহত তাৰ পৰা অৱসৰ গ্রহণ কৰে৷
 
তেওঁ সর্বভাৰতীয় অনাতাঁৰ কেন্দ্রৰ ১৯৬৯ চনৰ পৰা বেহেলাৰ একমাত্র স্বীকৃতিপ্রাপ্ত শাস্ত্রীয় সংগীতজ্ঞ আছিল৷ ১৯৭২ চনত তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বও গ্রহণ কৰিছিল। তেওঁ এসময়ত বাদ্যশিল্পী হিচাপে পণ্ডিত পট্টবৰ্ধন, চিন্ময় লাহৰী, এ কান্নান, শ্ৰীকান্ত বাকৰে, [[ভূপেন হাজৰিকা|ড° ভূপেন হাজৰিকা]]কে আদি কৰি ভিন্ন জনৰ সংগ দিছিল। ১৯৯৫ আৰু ১৯৯৬ চনত সর্বভাৰতীয় অনাতাঁৰ কেন্দ্রই দিল্লীত আয়োজন কৰা সর্বভাৰতীয় সংগীত প্রতিযোগিতাৰ বিচাৰক হিচাপে ইন্দ্ৰেশ্বৰ শৰ্মায়ে আমন্ত্রণ লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ [[ভবেন্দ্ৰনাথ শইকীয়া|ড° ভবেন্দ্ৰনাথ শইকীয়া]]ৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] বিজয়ী ছবি '[[সন্ধ্যাৰাগ]]' আৰু '[[ইতিহাস (চলচ্চিত্ৰ)|ইতিহাস]]'ৰ সংগীত পৰিচালক আছিল।
 
ইন্দ্ৰেশ্বৰ শৰ্মায়ে [[অসম সাহিত্য সভা]]ৰ প্রতীক সংগীত ‘[[চিৰ চেনেহী মোৰ ভাষা জননী]]’ৰ স্বৰলিপি সৃষ্টি কৰিছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ বিশেষ তথ্যচিত্ৰত সংগীত পৰিচালনা কৰিছিল। তেওঁ কেইবাটাও দেশ-প্ৰেমমূলক গীত ৰচনা কৰিছিল। আকাশবাণী যোৰহাট কেন্দ্ৰ স্থাপনকালত প্ৰচাৰ হোৱা প্ৰথম গীত তেওঁ পৰিচালনা কৰিছিল। ইয়াৰ লগতে [[যোৰহাট]]ৰ ২০০ বছৰীয়া জয়ন্তীত প্ৰচাৰিত গীতটি তেওঁ পৰিচালনা কৰিছিল।
 
তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত পাঁচখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ কেইবাখনো বাতৰি-কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল। তেওঁ মৃত্যুৰ আগলৈকে ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব পালন কৰাৰ লগতে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ সংগীত বিভাগৰ উত্তৰবহী পৰীক্ষকৰ দায়িত্ব পালন কৰি আছিল।
==বঁটা আৰু সন্মান==
==তথ্য উৎস==
{{ৰেফলিষ্ট}}