ইন্দ্ৰেশ্বৰ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
49 নং শাৰী:
তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত পাঁচখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ কেইবাখনো বাতৰি-কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল। তেওঁ মৃত্যুৰ আগলৈকে ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব পালন কৰাৰ লগতে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ সংগীত বিভাগৰ উত্তৰবহী পৰীক্ষকৰ দায়িত্ব পালন কৰি আছিল।
==বঁটা আৰু সন্মান==
তেওঁৰ কৰ্মৰাজিৰ বাবে ১৯৯৪ আৰু ১৯৯৭ চনত সাংস্কৃতিক সঞ্চালকালয়ে তেওঁক সন্মানিত কৰিছিল। [[অসম চৰকাৰ]]ৰ তৰফৰ পৰা ১৯৯৬ চনত তেওঁক শিল্পী পেঞ্চন আগবঢ়োৱা হয়। ১৯৯৭ চনত তেওঁক 'সংগীতপ্ৰাণ' উপাধি প্ৰদান কৰা হয়। ২০০৩ চনত গুৱাহাটীৰ জিতেন্দ্র নাথ সংগীত মহাবিদ্যালয়ে ‘সংগীতাচার্য’ উপাধিৰে সন্মানিত কৰে৷ ২০০৯ চনত [[অসম চৰকাৰ|অসম চৰকাৰে]] সংগীত ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে 'শিল্পী বঁটা' প্ৰদান কৰে। ২০১৪ চনত তেওঁ [[তেজপুৰ]]ৰ সাংস্কৃতিক অনুষ্ঠান চাতকে আগবঢ়াই অহা "চাতক" সন্মান লাভ কৰিছিল।
যোৰহাট সংগীত শিল্পী সন্থাই প্রকাশ কৰা ‘সংগীতপ্রাণ’ শীর্ষক এখন গ্রন্থৰ জৰিয়তে বিগত ২০১৯ বর্ষৰ ২৯ ডিচেম্বৰত তেওঁক ৰাজহুৱা সম্বর্ধনা জনোৱা হৈছিল।
==ব্যক্তিগত জীৱন==
ইন্দ্রেশ্বৰ শর্মাই পত্নী অমিয়া দেৱী। তেওঁলোকৰ এজন পুত্র আশিস শৰ্মা আৰু দুগৰাকী কন্যা আছে। সুধাকণ্ঠ [[ভূপেন হাজৰিকা]]ৰ সৈতে অনবৰতে থকা অন্যতম বাদ্যশিল্পী কমল কটকী আৰু কণ্ঠশিল্পী আশা শর্মা কটকী ইন্দ্ৰেশ্বৰ শর্মাৰ জী-জোঁৱাই৷ তেওঁলোক যোৰহাটৰ নেহৰুপার্কত বসবাস কৰিছিল।
==মৃত্যু==
২০২০ চনৰ ৯ জানুৱাৰী তাৰিখে যোৰহাটৰ নেহৰুপার্কত অৱস্থিত নিজা বাসস্থানত ৯০ বছৰ বয়সত ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যু হয়। তেওঁৰ অন্ত্যেষ্টিক্রিয়া অসমৰ মুখ্যমন্ত্রী [[সৰ্বানন্দ সোণোৱাল]]ৰ নির্দেশক্রমে ৰাজ্যিক মর্যাদাৰে তৰাজান শ্মশানত সম্পন্ন কৰা হয়৷
 
==তথ্য উৎস==
{{ৰেফলিষ্ট}}