কৃষ্ণানন্দ ব্ৰহ্মচাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) removed Category:ধৰ্মগুৰু; added Category:ধৰ্মীয় গুৰু using HotCat |
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
{{Refimprove}}
শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱ (ইংৰাজী: Krishnananda Brahmachari,জন্ম:১৮৯৬ - মৃত্যু:১৯৯১)[[অসম]]ৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল।
==জন্ম==
শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ ১৩০৩ চনৰ ২২ আঘোণ (১৮৯৬ চনৰ ৬ ডিচেম্বৰ) তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত বাউসী পৰগণাৰ
তিতাপানী মৌজাৰ বালাগাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল সভাৰাম চৌধুৰী আৰু মাতৃৰ নাম গোধুলীপ্ৰিয়া চৌধুৰী। পিতৃদত্ত নাম আছিল ভবেন্দ্ৰ চৌধুৰী।
==শিক্ষা==
ভবেন্দ্ৰ চৌধুৰীৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় আবাদী
গৌৰীপুৰত পঢ়ি থাকোঁতেই ভবেন্দ্ৰ চৌধুৰীয়ে লগ পাইছিল শিক্ষক আশুতোষ মুখোপাধ্যায়ক। এইজনা ব্যক্তিৰ পৰা ভবেন্দ্ৰ চৌধুৰীয়ে ব্ৰহ্মচৰ্যৰ জ্ঞান লাভ কৰে। সেই সময়তে আত্মানন্দ স্বামী নামৰ এজন তান্ত্ৰিক গুৰুৰো তেওঁ সান্নিধ্য লাভ কৰে আৰু তেওঁৰ পৰাই তান্ত্ৰিক সাধনাৰ শিক্ষা লাভ কৰে। তান্ত্ৰিক সাধনাত তেওঁ যেতিয়া
সিদ্ধি লাভ কৰিছিল তেতিয়াৰে পৰা লোক সমাজত তেওঁ জনাজাত হ'ল ভবেন্দ্ৰ ব্ৰহ্মচাৰী ৰূপে। {{Citation needed}} ভবেন্দ্ৰ ব্ৰহ্মচাৰী ১৯৩১ চনলৈ
একেৰাহে বাৰ বছৰ কাল নিৰুদ্দেশ হৈ থাকে। সেই সুদীৰ্ঘ কালছোৱাত তেওঁ ভাৰতবৰ্ষৰ নানা তীৰ্থস্থান ভ্ৰমণ কৰে আৰু বহুতো যোগী, পৰম হংস, স্বামী সাধু-সজ্জন, পণ্ডিত আৰু নানা ধৰ্মৰ ধৰ্মগুৰুৰ সাঙ্গী হৈ থাকি বিভিন্ন ধৰ্মৰ তত্ত্ববোৰ শাস্ত্ৰ অধ্যয়ন আৰু সাধনাৰ দ্বাৰা
অযোধ্যাত থকা কালত বিজ্ঞ সমাজৰ লগত হোৱা ধৰ্মতত্ত্ব বিষয়ক তৰ্ক যুদ্ধত জয়ী হৈ তেওঁ ''স্বামী'' উপাধি লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী নামে জনাজাত হয়।
==কৰ্মজীৱন==
ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ নেতৃত্ব বহন কৰিছিল
[[গোপীনাথ বৰদলৈ]], [[নবীন চন্দ্ৰ বৰদলৈ]], [[তৰুণৰাম ফুকন]] আদি বৰেণ্য ব্যক্তিয়ে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, পণ্ডিতপ্ৰৱৰ কনক চন্দ্ৰ শৰ্মা আদি কেবাজনো বিশিষ্ট নেতা আৰু মুক্তি যুঁজাৰুৰ সঙ্গী হৈ কৃষ্ণানন্দদেৱে ভাৰতৰ এই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল,যাৰ ফলত ১৯২৩ চনত দুবাৰকৈ নগাওঁ আৰু চিলেট জেলত সশ্ৰম কাৰাবৰণ কৰিবলগীয়া হৈছিল। চিলেট জেলত থাকোঁতে তেওঁ "শ্ৰীমদ্ভাগৱত গীতা"
১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত স্বামী কৃষ্ণানন্দদেৱে [[মাণিকপুৰ]]ৰ পৰাই বলিষ্ঠ নেতৃত্ব দিছিল। পিছত পুলিচৰ হাতত ধৰা পৰাৰ ভয়ত বংগলৈ পলাই গৈ আত্মগোপন কৰিবলগীয়াও হৈছিল। অৱশ্য ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰত চৰকাৰে তেওঁক তাম্ৰফলি প্ৰদান কৰি মুক্তি যুঁজাৰু ৰূপে সন্মানিত কৰে।
১৯৪৬ চনত মাণিকপুৰত প্ৰতিষ্ঠা কৰা হয় পূব বিজনী হাইস্কুল(বৰ্তমান মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়)
ধৰি উঠিছিল। তেখেতে হাইস্কুলখনৰ সভাপতি পদো অলংকৃত কৰিছিল।
১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ স্বামী কৃষ্ণানন্দ দুবাৰো বিধায়ক হৈছিল। এবাৰ [[বঙাইগাঁও]] সমষ্টিৰ পৰা আৰু এবাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা।
কৃষ্ণানন্দদেৱে মাণিকপুৰত এখন বৃহৎ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এখন পশু চিকিৎসালয়, উন্নয় খণ্ডৰ কাৰ্যালয়, পোষ্ট অফিচ, এটি পুলিচ আউট পোষ্ট আদি ভালেমান অনুষ্ঠান স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁ প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰসমূহ -
43 নং শাৰী:
* ঘৰিয়ালভাংগা গোবিন্দ ভৱন গীতা সত্ৰ
তদুপৰি আন আন ঠাইতো সত্ৰ প্ৰতিষ্ঠা কৰি একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল।
==মৃত্যু==
তেখেতে ১৩৯৭ চনৰ ৯ চ'ত (ইংৰাজী ১৯৯১ চনৰ ২৪ মাৰ্চ), ৰামনৱমী তিথিত মৃত্যুবৰণ কৰে।
==তথ্যসূত্ৰ==
|