জাপানীজ য়েন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
54 নং শাৰী:
 
===মুদ্ৰা বজাৰত জাপান চৰকাৰৰ হস্তক্ষেপ===
৭০-ৰ দশকত জাপানীজ য়েনৰ মূল্য বৃদ্ধিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত জাপানত উৎপাদিত সামগ্ৰীসমূহৰ প্ৰতিদ্বন্দ্ব্ব্ব্ব্বীতাপ্ৰতিদ্বন্দ্ব্ব্ব্ব্ব্বীতা হ্ৰ্যাস কৰি জাপানৰ ৰপ্তানি বৃদ্ধিত বিৰূপ প্ৰভাৱ পেলাব বুলি জাপানী চৰকাৰ আৰু ব্যৱসায়ীসকল শংকিত আছিল। সেয়ে ১৯৭৩ চনৰ ভাসমান মূল্য ব্যৱস্থা গ্ৰহণৰ পিছতো জাপান চৰকাৰে ডলাৰৰ কিনা-বেচাৰ যোগেদি মুদ্ৰা বজাৰত নিজৰ হস্তক্ষেপ অব্যাহত ৰাখে।
 
এনে পদক্ষেপৰ পিছতো যোগান আৰু চাহিদাৰ চাপৰ বাবে য়েনৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পায় আৰু ১৯৭৩ চনত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে য়েনৰ মূল্য গড়ে ২৭১ হয়গৈ। ১৯৭৩ চনতে বিশ্বত খাৰুৱা তেলৰ নাটনিয়ে দেখা দিয়ে আৰু আমদানিকৃত [[পেট্ৰ’লিয়াম]]ৰ বৰ্দ্ধিত মূল্যৰ বাবে ১৯৭৪ আৰু ১৯৭৬ চনৰ ভিতৰত য়েনৰ মূল্য নিম্নগামী হৈ ¥২৭০ ৰ পৰা ¥৩০০ ৰ ভিতৰত স্থিতি লয়। ১৯৭৮ চনত বাণিজ্যিক ৰাহি পুনৰবাৰ উদ্ভৱ হোৱাৰ ফলত য়েনৰ মূল্য ¥২১১ লৈ বৃদ্ধি পায় যদিও ১৭৭৯ চনৰ শক্তিৰ নাটনিৰ বাবে ই ১৯৮০ চনলৈ ¥২২৭ লৈ নিম্নগামী হয়।