দলিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{for|ন্যায়িক সংজ্ঞা|অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি}}
'''দলিত''' শব্দৰ দ্বাৰা [[ভাৰত]]ৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত।<ref>{{cite web|url=https://timesofindia.indiatimes.com/india/from-buddhist-texts-to-east-india-company-to-now-dalit-has-come-a-long-way/articleshow/65678182.cms|title=From Buddhist texts to East India Company to now, 'Dalit' has come a long way - Times of India|website=The Times of India}}</ref> [[সংস্কৃত]] আৰু [[হিন্দী ভাষা]]ত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন" বা "ছেদেলিভেদেলিছেদেলিভেদেলি।" দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও পৰিচিত। দলিতসকল বৰ্তমানে [[হিন্দু ধৰ্ম]], [[বৌদ্ধ ধৰ্ম]], [[শিখ ধৰ্ম]], [[খ্ৰীষ্টান ধৰ্ম]] আৰু বিভিন্ন লোকধৰ্ম সহ বিভিন্ন ধৰ্মীয় বিশ্বাসক বিশ্বাস কৰে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি দলিতসকলৰ সংখ্যা ২০ কোটি যি ভাৰতৰ জনসংখ্যাৰ ১৬%।<ref>{{cite web | url=https://idsn.org/india-official-dalit-population-exceeds-200-million | title=India: Official Dalit population exceeds 200 million | accessdate=18 September 2018 | website=idsn.org| date=29 May 2013 }}</ref>
 
দলিত শব্দটো ১৯৩৫ চনৰ পূৰ্বৰ [[ব্ৰিটিছ ৰাজ]]ৰ লোকপিয়লৰ শ্ৰেণীবিভাজনৰ সময়ৰ শোকগ্ৰস্ত শ্ৰেণী ({{Lang|en|Depressed Class}})-ৰ অনুদিতঅনূদিত ৰূপ। অৰ্থনীতিবিদ আৰু সংস্কাৰক [[ভীমৰাও ৰামজী আম্বেদকাৰ|বি আৰ আম্বেদকাৰে]] (১৮৯১-১৯৫৬) দলিত শব্দটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। তেখেতে জাতি-বৰ্ণ নিৰ্বিশেষে সকলো শোকগ্ৰস্ত লোককে দলিত সংজ্ঞাৰ অন্তৰ্ভুক্ত কৰে।<ref>{{cite web |title=Independent labour party: 19th July (1937) in Dalit History – Dr. Ambedkar took oath as the member of Bombay Legislative Council |url=https://drambedkarbooks.com/tag/independent-labour-party/ |website=drambedkarbooks.com/ |publisher=Dr. Ambedkar Books |accessdate=9 November 2018}}</ref> তেখেতে গঠন কৰা "লেবাৰ পাৰ্টি"-ত সমাজৰ শোকগ্ৰস্ত শ্ৰেণীৰ সকলো লোককে অন্তৰ্ভুক্ত কৰিছিল যিসকলৰ ভিতৰত মহিলা, ক্ষুদ্ৰ কৃষক তথা পিছপৰা শ্ৰেণীৰ লোকসকলো আছিল। আম্বেদকৰ নিজেই এজন নিঃকুলীয়া মহৰ সম্প্ৰদায়ৰ লোক আছিল। ১৯৭০ দশকত "দলিত" শব্দৰ ব্যৱহাৰ পুনৰ জনপ্ৰিয়তা লাভ কৰিছিল যেতিয়া 'দলিত পেন্থাৰ' সমাজকৰ্মী গোটে ইয়াৰ ব্যৱহাৰ কৰিছিল। লাহে লাহে ৰাজনৈতিক দলসমূহেও নিজৰ লাভালাভৰ বাবে এই শব্দৰ ব্যৱহাৰ আৰম্ভ কৰে। [[কানহাইয়া কুমাৰ]]ৰ দৰে নতুন নেতাৰ অনুসৰি "দলিত" শব্দৰ সংজ্ঞা অধিক ব্যাপক, এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ কৃষক যি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে তেৱোঁ "দলিত" শ্ৰেণীত পৰে।<ref>{{cite news |last1=Venu |first1=M.K. |title=Kanhaiya Kumar - the journey from Bihar to Tihar |url=https://thewire.in/politics/watch-kanhaiya-kumar-on-his-journey-from-bihar-to-tihar |accessdate=9 November 2018 |publisher=The Wire |date=10 November 2016}}</ref><ref>{{cite news |last1=Ali |first1=Salim |title=Jaggernaut: From Bihar to Tihar - Kanhaiya Kumar, a discussion (11 November 2017) |publisher=Kanhaiya Kumar Official website (on you tube) |date=11 November 2017}}</ref>
 
ভাৰতৰ অনুসূচীত জাতিৰ ৰাষ্ট্ৰীয় আয়োগে দলিত শব্দৰ চৰকাৰী ব্যৱহাৰক "অসাংবিধানিক" আখ্যা দিয়ে আৰু '[[অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি|অনুসূচীত জাতি]]' শব্দৰ ব্যৱহাৰক প্ৰধান্য দিয়ে। পিছে কিছু সূত্ৰৰ অনুসৰি দলিত শব্দই এনে কিছু জনগোষ্ঠীকো সাঙুৰি লৈছে যিসকলক সাংবিধানিক ভাবে অনুসূচীত জাতিৰ স্বীকৃত দিয়া হোৱা নাই আৰু সাধাৰণতে ই ভাৰতৰ নিপীড়িত লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। [[নেপাল]]তো এনে একেই পৰিস্থিতি বিৰাজ কৰিছে।
 
[[মহাত্মা গান্ধী|মহাত্মা গান্ধীয়ে]] ১৯৩৩ চনত সমাজত [[অস্পৃশ্যতা|অস্পৃশ্য]] বুলি বিবেচনা কৰা লোকসকলক '''হৰিজন''' নামেৰে নামাকৰণনামকৰণ কৰিছিল।<ref>[https://archive.org/details/in.ernet.dli.2015.264996 अछूत कोन और कैसे : डॉ. भीमराव अम्बेडकर, 1949]</ref> হৰিজনৰ অৰ্থ হৈছে [[হৰি]] বা ভগৱানৰ লোক। হৰিজন শব্দটো পাছলৈ মৰ্যাদাহানিকৰ ({{Lang|en|derogatory}}) আৰু অনুপালক ({{Lang|en|patronising}}) বুলি বিবেচনা কৰা হৈছিল। সেয়ে এই শব্দটো বৰ্তমানে ব্যৱহাৰ কৰা নহয়।<ref>{{cite news |last1=Ananya |first1=Vajpeyi |title=How to move a mountain |url=https://www.thehindu.com/opinion/op-ed/how-to-move-a-mountain/article24682600.ece |accessdate=18 September 2018 |publisher=The Hindu |date=14 August 2018}}</ref> দলিত শব্দ ব্যৱহাৰো [[কেৰেলাকেৰালা]] ৰাজ্যত নিষিদ্ধ কৰা হৈছে।<ref>{{cite news |title=Kerala government bans use of the words "harijan" and "dalit" |url=https://www.outlookindia.com/website/story/kerala-government-bans-use-of-words-dalit-and-harijan/303155 |accessdate=18 September 2018 |publisher=Outlook India |date=17 October 2017}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/দলিত"ৰ পৰা অনা হৈছে