পাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
16 নং শাৰী:
==পাতৰ প্ৰকাৰ==
 
অৱস্থান, আকৃতি আৰু প্ৰকৃতি অনুযায়ী পাত বিভিন্ন প্ৰকাৰৰ হয়৷
 
*সাধাৰণ পাত (Foliage leaf) : চেপেটা আৰু [[সেউজীয়া ]] বৰণৰ পাতক সাধাৰণ পাত বোলে৷ এইবিলাকে [[সালোকসংশ্লেষণ]]ৰ সহায়ত [[খাদ্য]] প্ৰস্তুত কৰে৷
 
*বীজপত্ৰ (Cotyledons) : বীজৰ অন্তৰ্গত ভ্ৰূণৰ ভ্ৰূণাক্ষৰ সৈতে যুক্ত হৈ থকা পাতক [[বীজপত্ৰ]] বোলে৷ [[বীজপত্ৰ]]ই হ’ল আচলতে [[উদ্ভিদ]]ৰ প্ৰথম পাত৷ [[বীজপত্ৰ]] [[খাদ্য]] সঞ্চয়ৰ বাবে স্ফীত আৰু ৰসাল হয় ([[মটৰমাহ]], [[বুট]]), অথবা পাতল (এৰাৰ বীজ) হয়৷ একবীজপত্ৰী [[উদ্ভিদ]]ৰ ভ্ৰূণৰ এটা আৰু দ্বি-বীজপত্ৰী [[উদ্ভিদ]]ৰ বীজত দুটা [[বীজপত্ৰ]] থাকে৷ অংকুৰণৰ সময়ত ভ্ৰূণাক্ষক [[খাদ্য]] যোগান ধৰাই [[বীজপত্ৰ]]ৰ কাম৷
 
*শল্কপত্ৰ বা কেটাফিল (Scale leaf or cataphylls) : এইবিলাক সাধাৰণতে শুকান (কেতিয়াবা ৰসাল হয়, যেনে-[[পিঁয়াজ]], [[নহৰু]] আদিৰ ক্ষেত্ৰত), ঈষৎ বাদামী ৰঙৰ পাতল পাত, যিবিলাক কাণ্ডৰ গাঁঠিৰ পৰা উৎপন্ন হয়৷ এইধৰণৰ পাতৰ কক্ষত কক্ষমুকুল থাকে৷ ৰাইয’ম, স্ফীতকন্দ আদি মৃদগত কাণ্ডত আৰু শতমূল (Asparagus), ঝাউ (Casuarina) আদিৰ কাণ্ডত শল্কপত্ৰ থাকে৷ শল্কপত্ৰৰ কাম হ’ল- ইয়াৰ কক্ষত থকা মুকুলক ৰক্ষা কৰা৷ ইয়াৰ বাহিৰেও এইবিলাকে [[খাদ্য]] সঞ্চয় কৰে (যেনে- [[পিঁয়াজ]])৷
 
*পুষ্পধৰ পত্ৰ (Bract): এইবিলাক বিশেষ ধৰণৰ পাত৷ এইবিলাকৰ কক্ষৰপৰা পুষ্পমুকুলৰ সৃষ্টি হয়৷ এইবিলাক সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ [[সেউজীয়া]] বৰণৰ হয় আৰু কেতিয়াবা অন্য বৰণৰ হোৱাও দেখা যায়৷ মুকুল অৱস্থাত [[ফুলক]] ৰক্ষা কৰাই ইয়াৰ প্ৰধান কাম৷ কেতিয়াবা ৰঙীন পুষ্পধৰ পত্ৰই [[কীট-পতঙ্গ]]ক আকৰ্ষণ কৰি পৰাগযোগ হোৱাত সহায় কৰে৷
28 নং শাৰী:
*পুষ্পপত্ৰ (Floral leaf) : ফুলৰ বিভিন্ন চক্ৰৰ প্ৰতিটো অংশকে পুষ্পপত্ৰ বোলে৷ এইবিলাক ৰূপান্তৰিত পাত৷
 
*প্ৰ’ফিল (Prophyll) : যেতিয়া কাণ্ড বা শাখাৰ প্ৰথম কেইটামান পাত সাধাৰণ পাতৰ দৰে নহয়,কাঁইট বা আকৰ্ষৰ দৰে হয়, তেতিয়া সেইবিলাক পাতক প্ৰ'ফিল বোলে৷ যেনে- [[বেলগছ]]ৰ কাঁইট, [[নেমু]]ৰ কাঁইট, [[লাউ]]ৰ আকৰ্ষ৷ <ref name="গ্ৰন্থ ১" />
 
 
"https://as.wikipedia.org/wiki/পাত"ৰ পৰা অনা হৈছে