বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়৷ অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়৷<ref>{{cite book|title=অসমীয়া বৰ্ণমালা | book=অসমীয়া ভাষা | author=বৰুৱা, ড° ভীমকান্ত | pages=126-135 | year=2006 | accessdate=10 june 2020}}</ref>
 
== ধ্বনিতত্ত্ব ==
{{main|অসমীয়া ভাষা}}
অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।
===স্বৰধ্বনি===
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।<ref name=bani2>গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ড॰ বাণীকান্ত কাকতি, ২০০২</ref><ref name=bhim/>
 
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। [[জিভা]]ৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।<ref name=upen>গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড॰ উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬</ref>
<center>{{অসমীয়া স্বৰধ্বনি}}</center>
 
===ব্যঞ্জনধ্বনি===
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।<ref name=bani2/><ref name=bhim/>
 
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।
 
অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰাউচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব।<ref name=upen/>
<center>{{অসমীয়া ব্যঞ্জনধ্বনি}}</center>
==বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই==
ধ্বনি ভাষাৰ অপৰিহাৰ্য সামগ্ৰী৷ ধ্বনি বা ধ্বনি সমষ্টিৰে আমাৰ মনৰ ভাব প্ৰকাশ কৰোঁ যদিও, বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই৷<ref name="assamese"/> উদাহৰণস্বৰূপে-