বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
7 নং শাৰী:
অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।
===স্বৰধ্বনি===
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।<ref name=bani2>গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ড॰ বাণীকান্ত কাকতি, ২০০২</ref><ref name=bhim>গ্ৰন্থ-অসমীয়া ভাষা, ড॰ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭</ref>
 
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। [[জিভা]]ৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।<ref name=upen>গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড॰ উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬</ref>