"প্ৰমথেশ চন্দ্ৰ বৰুৱা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

420 বাইট যোগ দিয়া হ’ল ,  10 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় [[অসম]]ৰ [[গোৱালপাৰা]] জিলাৰ [[গৌৰীপুৰ]]ৰ বিখ্যাত জমিদাৰ পৰিয়ালত | পিতৃ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা | তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে <ref>{{cite web|url=http://www.bfjaawards.com/archives/articles/198801.htm|title=IndianCinema:The Platinum Touch|publisher=www.bfjaawards.com|accessdate=2008-10-23|last=Bhanja|first=Manujendra |archiveurl = http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm |archivedate = 2008-05-02}}</ref> | তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ | সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল |
 
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি [[কলিকতা]]ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা [[পদাৰ্থ বিজ্ঞান]]ৰ স্নাতক ডিগ্ৰী লাভ কৰে | ১৯২১ চনত বৰুৱাই [[কলিকতা]]ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা '''মাধুৰীলতা'''ৰ লগত বিবাশপাশত আৱদ্ধ হয় | ইয়াৰ পিছত তেখেত [[ইউৰোপ]] ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে [[চলচ্চিত্ৰ]]ৰ প্ৰতি আকৃষ্ট হয় | ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে | [[অসম বিধানসভা]]ৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে | কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে | বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী [[যমুনা বৰুৱা]]ৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয় |
 
==চলচ্চিত্ৰ জীৱন==
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে [[বৰুৱা পিক্‌চাৰ্ছ লিমিটেড]] স্থাপন কৰে | ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ ''"অপৰাধী"''য়ে মুক্তি লাভ কৰে | এই [[অবাক চলচ্চিত্ৰ]]খনৰ পৰিচালক আছিল [[দেবকী বসু]] | এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয় | ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত ''"ভাগ্যলক্ষ্মী"(১৯৩২)'' ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে | গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত [[নিউ থিয়েটাৰ্ছ কলিকতা|নিউ থিয়েটাৰ্ছ]]ত যোগদান কৰে |
 
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি ''[[দেৱদাস (১৯৩৫ চলচ্চিত্ৰ)|দেৱদাস]]'' নিৰ্মাণৰ সুযোগ পায় | [[শৰৎ চন্দ্ৰ চট্টোপাধ্যায়]]ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে [[বাংলা ভাষা]]ত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল | পিছত তেখেতে [[কুণ্ডন লাল চাইগল]]ক নায়ক হিছাপে লৈ ১৯৩৬ চনত [[হিন্দী ভাষা]]ত ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' মুক্তি দিয়ে | এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে | ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু [[কুণ্ডন লাল চাইগল]]ক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে | ইয়াৰ পিছত বৰুৱাই হিন্দীত ''"মঞ্জিল"''(১৯৩৬), ''"মুক্তি"''(১৯৩৭), ''"অধিকাৰ"''(১৯৩৮), ''"ৰজত জয়ন্তী"'' (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ ''"জিন্দেগী"''(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে |
 
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল [[বিমল ৰয়]] যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে |