"প্ৰদূষণ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
* '''[[জল প্ৰদূষণ]]''': খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থিতিত পানী প্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।
 
* '''[[শব্দ প্ৰদূষণ]]''': কেতিয়াবা বতাহত ভাঁহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্ৰদূষণ হোৱা বুলি কওঁ।
 
* '''স্থল প্ৰদূষণ''': ত্ৰুটিপুৰ্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰণতে স্থল প্ৰদূষণ বুলি কও। কৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্ৰয়োগ তথা আবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
বেনামী ব্যৱহাৰকাৰী