বিষ্ণুপ্ৰসাদ ৰাভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
108 নং শাৰী:
 
===ব্যক্তিগত জীৱন===
বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত [[যোৰহাট]]ৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত [[বিবাহ]] পাশত আবদ্ধ হয়{{cn}}। বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়। তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল। ১৯৫১ চনত বিষ্ণু ৰাভাই [[নলবাৰী]]ৰ [[বেলশৰ]]ৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়। কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়। ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁগোসাঁইগাঁও অঞ্চলৰ বিন্নাখাতা ভাওৰাগুৰী গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই। মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয়। এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে। পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা। স্বামী ৰাভাদেৱৰ মৃত্যুৰ পাছতো মেহিনী বালা বসুমতাৰীয়ে নিজকে সমাজৰ লগত অনেক অনন্য কাৰ্য্যসূচী লগত জড়িত কৰি জীৱন জাপন কৰি ৰাভা পৰিয়ালৰ দায়িত্বভাৰ লৈছিল।
 
<br />
 
===মৃত্যু===
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়। পাকস্থলীত হোৱা [[কৰ্কট ৰোগ]]ত ভুগি তেখেতৰ মৃত্যু হয়।<ref name=shiv>http://onlinesivasagar.com/music/bishnu-rabha.html আ্ৰণ কৰা তাৰিখ: ২০-০৬-২০১২</ref>