শ্ৰীনিবাস ৰামানুজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

53 নং শাৰী:
১৯১৪ চনৰ মাৰ্চ মাহত ৰামানুজনে বিলাত অভিমুখে যাত্ৰা কৰে।তাত [[কেমব্ৰিজ বিশ্ববিদ্যালয়]]ৰ ত্ৰিনিটি কলেজত ভৰি দিয়ে। থকা-খোৱাৰ চিন্তাৰ পৰা মুক্ত হৈ ৰামানুজনে পূৰ্ণোদ্যমে গৱেষণাত বহে। তেওঁৰ লগত প্ৰফেচৰ হাৰ্ডি আৰু প্ৰফেচৰ লিটলউদ আছিল। তেওঁলোকে ৰামানুজনৰ প্ৰবন্ধসমূহ ইংৰাজী আলোচনীৰ যোগেদি প্ৰকাশ কৰিবলৈ ধৰে। সকলোফালে ৰামানুজনে কামৰ প্ৰশংসা লাভ কৰে।<ref name="এভাগ" /> পৰিশ্ৰমৰ ফল পালেও ৰামানুজনৰ শৰীৰ দুৰ্বল হৈ আহিছিল আৰু ১৯১৭ চনত কিছুদিন তেওঁ কেমব্ৰিজৰ নাৰ্ছিংহোমত থাকিবলগীয়া হয়।১৯১৮ চনৰ শৰৎকালত তেওঁৰ শৰীৰ ভাললৈ আহিবলৈ ধৰে আৰু তেওঁ পুনৰ গৱেষণাৰ কামত নিয়োজিত হয়।<ref name="এভাগ" />
===ভাৰতলৈ প্ৰত্যাবৰ্তন===
১৯১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ৰামানুজন ভাৰত অভিমুখে ৰাওনা হয় আৰু এপ্ৰিলৰ দুই তাৰিখে মাদ্ৰাছ পায়হি। সমুদ্ৰ যাত্ৰাই আৰু ভাৰতৰ জলবায়ুয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি সাধিব বুলি ভাবিলেও হিতে বিপৰীত হ'ল। ক্ৰমে ক্ৰমে তেওঁৰ স্বাস্থ্য পৰি আহে।<ref name="এভাগ" />
 
==সন্মান==