পিয়লি ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{about|ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদ|একে নামৰ অসমীয়া চলচ্চিত্ৰখন|পিয়লী ফুকন (চলচ্চিত্ৰ)|১৮৫৮ চনত মৃত্যুবৰণ কৰা আন এগৰাকী স্বাধীনতা যুঁজৰ শ্বহীদ|পিয়লি বৰুৱা}}
[[File:A sculpture of some martyres from Assam.JPG|thumb|250px|গুৱাহাটীৰ ভৰলুমুখত অসমৰ আন শ্বহীদসকলৰ সৈতে পিয়লি ফুকন (বাওঁফালৰ পৰা সপ্তমজন)-ৰ আবক্ষ মূর্তিমূৰ্তি]]
'''পিয়লি ফুকন''' অসমৰ এজন স্বাধীনতা সংগ্ৰামী। [[জীউৰাম দুলীয়া বৰুৱা]]ৰ লগতে তেওঁক অসম বা [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন [[বদন বৰফুকন]]ৰ মাজু পুতেক আছিল৷আছিল। সৰুতে তেওঁ [[হাতী]]ৰ পৰা পাৰি ভৰি এটা ভাগিছিল, ঘূণীয়া হোৱাত মানুহে ''চাকোলা পিয়লি'' বুলিও নাম দিছিল।<ref name="জনমভূমি">{{cite web | url=https://janambhumi.in/VFdwck0wNVVUVDA9/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%AC%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%97%E0%A6%AE%E0%A6%A7%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%B2%E0%A6%BF.html | title=মণিৰাম বনাম গমধৰ কোঁৱৰ-পিয়লি | publisher=জনমভূমি | date=25 March 2019 | accessdate=13 September 2019 | author=চেতিয়া, গগন}}</ref> ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগত তেওঁক ১৮৩০ চনত [[শিৱসাগৰ]]ত ফাঁচী দিয়া হৈছিল।
 
==বিদ্ৰোহ==
[[ইয়াণ্ডাবু সন্ধি]]ৰ পাছত ইংৰাজে লাহে লাহে অসমত খোপনি পোতে। ইংৰাজ শাসনত এচাম লোক অসন্তুষ্ট হৈ উঠিল। [[গোমধৰ কোঁৱৰ]]ৰ নেতৃত্বত কোম্পানীৰ শাসনৰ বিৰুদ্ধে গোপনে বিদ্ৰোহৰ আয়োজন চলিছিল৷চলিছিল। গদাধৰ কোঁৱৰ, ৰূপচন্দ্ৰ কোঁৱৰ, পিয়লি ফুকন, ধৰ্মধৰ ৰাজগুৰু, বেণুধৰ কোঁৱৰ, ধনঞ্জয় বৰগোহাঞি, হৰনাথ বৰগোহাঞি, জীউৰাম দুলীয়া বৰুৱা, মইনা খাৰঘৰীয়া ফুকন আদিয়ে গোমধৰক সক্ৰিয় সহযোগ কৰিছিল৷কৰিছিল।<ref name="বৌদ্ধিক">{{cite web | url=http://bouddhikbichar.com/swadhin-oxom/ | title=স্বাধীন অসম: সপোন আৰু বাস্তৱ | publisher=বৌদ্ধিক বিচাৰ | date=জুলাই ২০১৯ | accessdate=13 September 2019 | author=গগৈ, টুনুজ্যোতি}}</ref> বিদ্ৰোহীসকলে কোম্পানীৰ খাৰঘৰবোৰত অগ্নিসংযোগ কৰি কোম্পানীৰ সৈন্যক আক্ৰমণেৰে অসম দেশ ঘূৰাই লোৱাৰ পৰিকল্পনা কৰিছিল৷কৰিছিল। ১৮২৮ চনৰ ফেব্রুৱাৰীফেব্ৰুৱাৰী মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই ছমাহ কাল প্ৰস্তুতি চলিল। তেওঁলোকে এৰাতি [[শদিয়া]]ত অৱস্থিত খাৰঘৰত জুই দিলে৷দিলে। কিন্তু খাৰঘৰৰ দায়িত্বত থকা লেফটেনেণ্ট ৰুথাৰফোৰ্ডে চিপাহীবোৰৰ সহযোগত গোমধৰকে ধৰি বেছিভাগ বিদ্ৰোহীকে আটক কৰিলে৷কৰিলে। গোমধৰ কোঁৱৰক ১৪ বছৰ নির্বাসননিৰ্বাসন দণ্ড দি আনকেইজনক সাত বছৰকৈ ফাটেক দিলে।<ref name="জনমভূমি"/>
 
ইয়াৰ পাছত পিয়লি ফুকন আৰু সহযোগীসকলে ১৮২৯ চনৰ পৰা ১৮৩০ চনৰ ফাগুনলৈকে গোপনে অস্ত্রঅস্ত্ৰ-শস্ত্রশস্ত্ৰ গোটাই পুনৰ বিদ্ৰোহৰ আঁচনি কৰিলে।<ref name="বিকাশ">{{cite web | url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9b89cd9ac9be9a79c09a89a49be-9b89829979cd9f09be9ae9a4-9859b89ae | title=স্বাধীনতা সংগ্ৰামত অসম | publisher=বিকাশপেডিয়া | accessdate=13 September 2019 | author=মহন্ত, প্ৰফুল্লপ্ৰাণ}}</ref> ১৮৩০ চনৰ ২৫ মাৰ্চত তেওঁলোকে ৰংপুৰৰ খাৰঘৰ আৰু চিপাহীৰ কোঠত অগ্নিসংযোগ কৰিলে। কোম্পানীৰ সেনাৰ গুলীত বেণুধৰ কোঁৱৰ আৰু দঁহা কোঁৱৰৰ মৃত্যু হ’ল৷হ’ল। পিয়লি ফুকনক ইংৰাজে ঘটনাস্থলীতে বন্দী কৰিলে৷কৰিলে। পাছত জীউৰাম দুলীয়া বৰুৱা, ৰূপচন্দ্ৰ কোঁৱৰ, দেউৰাম দিহিঙীয়া ফুকন, বম চিংফৌ আৰু হৰনাথ বৰগোহাঞিকো আটক হ'ল। তেওঁলোকৰ পঞ্চায়তী বিচাৰ বহিল। [[মণিৰাম দেৱান]]ৰ পৰামৰ্শ অনুসৰি নিউভিল চাহাবে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচীৰ হুকুম দিয়াৰ বিপৰীতে বাকীকেইজনক চৈধ্য বছৰকৈ কাৰাদণ্ড বিহিলে৷বিহিলে।<ref name="বৌদ্ধিক"/> সেইমতে শিৱসাগৰ বৰপুখুৰীৰ পাৰত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাজহুৱাকৈ ফাঁচী দিয়া হ'ল।
 
==আন মাধ্যমত==